ETV Bharat / state

প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে বিশ্ৰাম লোৱা ঘৰটোৰ চালিৰে এতিয়া পানী পৰে - SAMAGURI PWD INSPECTION BUILDING

চৰকাৰৰ অৱহেলাৰ বাবে শতবৰ্ষ গৰকা এটা ঐতিহ্যমণ্ডিত পৰিদৰ্শন ভৱন এতিয়া নিঃশেষ হোৱাৰ উপক্ৰম হৈছে ।

Samaguri PWD inspection building
একালত প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে বিশ্ৰাম লোৱা ভৱনটোৰ এতিয়াৰ ৰূপ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 6:14 PM IST

3 Min Read

চামগুৰি: দেশৰ স্বাধীনতাৰ পূৰ্বে ১৯০৪ চনতে নিৰ্মাণ কৰা হৈছিল এটা গড়কাপ্তানী পৰিদৰ্শন ভৱন । সেই সময়ত এই ভৱনটোৰ যথেষ্ট গুৰুত্ব আছিল । ব্ৰিটিছৰ লগতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীও অসম ভ্ৰমণলৈ আহি এই ভৱনত বিশ্ৰাম লৈছিল ।

অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰতৰত্ন গোপীনাথ বৰদলৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে জিৰণি লৈছিল এই ঐতিহাসিক ভৱনটোত । সেই তালিকাত প্ৰাক্তন মন্ত্ৰী, বিধায়ক আৰু দেশৰ বিশিষ্ট উদ্যোগপতিও আছিল । কিন্তু শতবৰ্ষ গৰকা এই ঐতিহাসিক পৰিদৰ্শন ভৱনটোৰ বৰ্তমানৰ অৱস্থা দেখিলে আপুনিও আচৰিত হ'ব । ১২৭ নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা চামগুৰিৰ এই ঐতিহ্যমণ্ডিত পৰিদৰ্শন ভৱনটো এতিয়া এলাগী হৈ পৰিছে । বহু সোণালী ইতিহাসৰ সাক্ষী এই ভৱন সম্প্ৰতি হৈ পৰিছে জৰাজীৰ্ণ ।

শতবৰ্ষ গৰকা এটা ঐতিহ্যমণ্ডিত পৰিদৰ্শন ভৱনৰ দুৰৱস্থা (ETV Bharat)

খেৰৰ চালিৰে নিৰ্মিত পুৰণি পৰিদৰ্শন ভৱনটোৰ বৰ্তমান পৰিৱেশ দেখিলে আপোনাৰো দুখ লাগিব । পৰিদৰ্শন ভৱনটোৰ মেৰামতিৰ নামত গড়কাপ্তানী বিভাগ (বৰ্তমান লোকনিৰ্মাণ বিভাগ) অথবা জিলা প্ৰশাসনৰ হেমাহিৰ বাবেই ভিতৰৰ কোঠাসমূহৰ লগতে খেৰৰ চালিসমূহো জহি-খহি হৈছে । নিচেই কাষতে থকা নৱনিৰ্মিত পৰিদৰ্শন ভৱনটোলৈ বৰ্তমান জিলা আয়ুক্তৰ লগতে মন্ত্ৰী, বিধায়কসকল অহা-যোৱা কৰি থকাৰ পাছতো জৰাজীৰ্ণ ৰূপত থকা শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত পৰিদৰ্শন ভৱনটো মেৰামতি কৰিবলৈ যেন গুৰুত্ব নাই প্ৰশাসনৰ । দেখিও নেদেখাৰ ভাওত থাকে সকলো ।

চামগুৰিৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি অথবা মেৰামতিৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব নথকাৰ বাবেই জহি-খহি গ'ল শতবৰ্ষ গৰকা গড়কাপ্তানী পৰিদৰ্শন ভৱনটো । পৰিদৰ্শন ভৱনটোৰ এনে কৰ্দযময় অৱস্থা দেখি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অতি শীঘ্ৰে চামগুৰিৰ এই ঐতিহ্যমণ্ডিত গড়কাপ্তানী পৰিদৰ্শন ভৱনটো মেৰামতিৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দল-সংগঠনসমূহে দাবী জনাইছে ।

এই সন্দৰ্ভত এজন স্থানীয় আছু নেতাই কয়, "ব্ৰিটিছৰ আমোলৰে এনেকুৱা এটা ইতিহাস যদি আমি পেলাই দিও আমি যদি ধ্বংস হৈ যাবলৈ দিও ইয়াতকৈও লজ্জাৰ বিষয় একো হ'ব নোৱাৰে । নতুন নতুন অট্টালিকা, গৃহ বনাইছে এইখন চৰকাৰৰ দিনত ৷ তাত আমাৰ ক'বলগীয়া নাই, কিন্তু তাৰ লগতে পুৰণা যিখিনি আমাৰ সম্পদ আছে, বৰেণ্য ব্যক্তিসকল ইয়াত থাকি গৈছে, কিন্তু সেইটো আজি ভালুকৰ সাঙীত পৰিণত হৈছে । ছাত্ৰ সন্থাই ইয়াক কোনো ধৰণে মানি নলওঁ । ছাত্ৰ সন্থাৰ স্পষ্ট মত ইয়াক যাতে পুনৰ নিৰ্মাণ কৰিব পাৰি তাৰ ওপৰত বিহীত ব্যৱস্থা ল'ব লাগে ।"

লগতে পঢ়ক :সদন আৰু সাংবিধানিক পদবীৰ গাম্ভীৰ্যটো কিছুমানে বুজি পোৱা নাই: গৌৰৱ গগৈ - APCC PRESIDENT GAURAV GOGOI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.