তেজপুৰ: তেজপুৰ চহৰৰ মাজ-মজিয়াত থকা এটা ঐতিহাসিক পুখুৰী । নাম হৈছে 'পল্টন পুখুৰী' । বৰ্তমান পৰ্যটকৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই পুখুৰীটো । দৈনিক বিভিন্ন লোকে ইয়ালৈ আহি শাৰী শাৰী লিচুগছৰ তলত বহি বিষাদৰ ভাগৰ জুৰায় ।
অবিভক্ত দৰং জিলাৰ এক ঐতিহাসিক পুখুৰী
১৮৩৫ চনত তেতিয়াৰ অবিভক্ত দৰং জিলা সদৰ ঘোষিত হোৱাৰ লগে লগেই ঔপনিবেশিক আধুনিকতা যুগৰ আৰম্ভ হৈছিল । সেই সময়ৰ বিশ্বনাথ চাৰিআলি বৰ্তমান বিশ্বনাথ জিলাৰ সদৰত থকা গোৰা আৰু গোমানি নামৰ সেনাবাহিনীৰ ছাউনি তেজপুৰ চহৰলৈ স্থানান্তৰ কৰা হৈছিল । সেনাবাহিনীৰ পানীৰ অভাৱ পূৰণ কৰিবলৈ সেনাবাহিনী দুটা ছাউনিৰ মাজত এই পুখুৰীটো খন্দা হৈছিল ।
কিয় হ'ল পল্টন নাম
পুখুৰীটো খান্দোতে সেনাবাহিনীৰ দুটা পল্টন ব্যৱহাৰ হোৱাৰ বাবে এই পুখুৰীৰ নাম পল্টন পুখুৰী বুলি জনাজাত হয় । পৰৱৰ্তী সময়ত ১৯২২ চনত ৰায় বাহাদুৰ, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাই তেজপুৰ পৌৰসভাৰ প্ৰথমজন পৌৰপতি হোৱাৰ সময়ত এই পুখুৰীটোৰ মেৰামতি কৰে । আনহাতে, পুখুৰীটোৰ সৌন্দৰ্যবৰ্ধন কৰিবলৈ চাৰিওফালে লিচু গছ ৰোপণ কৰে । এই লিচু গছবোৰ পৰৱৰ্তী সময়ত ডাঙৰ হোৱাৰ পাছত পুখুৰীটো লিচু পুখুৰী নামেৰেও জনাজাত হৈ পৰে ।

পল্টন পুখুৰীৰ কিংবদন্তি
আনহাতে, আন এক কিংবদন্তি অনুসৰি খ্ৰীষ্টপূৰ্ব ৫০০-৯০০ ৰ ভিতৰত শালস্তম্ভ বংশৰ ৰাজত্বকালত তেওঁলোকৰ উন্নয়নমূলক কাম হিচাপে এই পুখুৰীটো খন্দোৱা হৈছিল । পৰৱৰ্তীকালত তেজপুৰ পৌৰসভাৰ দ্বাৰা এই পুখুৰীটোৰ মেৰামতি কৰি থকা হৈছিল যদিও বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত মিছন অমৃত ২.০ ৰ অধীনত অসম চৰকাৰৰ 'গৃহ আৰু নগৰ পৰিক্ৰমা' বিভাগৰ উত্তৰ অসম সংমণ্ডল, তেজপুৰৰ দ্বাৰা আৰু তেজপুৰ পৌৰসভাৰ সহযোগত মেৰামতি আৰু সৌন্দৰ্যবৰ্ধনৰ কাম সম্পন্ন কৰা হয় ।
মুখ্যমন্ত্ৰীৰ বিশেষ পদক্ষেপ
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সৌন্দৰ্যবৰ্ধনৰ পিছত পল্টন পুখুৰীৰ পাৰত পৰ্যটকৰ বাবে এখন উদ্যান মুকলি কৰে । বৰ্তমান দৈনিক পুৱা-গধূলি তেজপুৰ চহৰৰ মাজ-মজিয়াত অৱস্থিত এই ঠাইখনত ৰাইজে শৰীৰচৰ্চাৰ লগতে প্ৰাতঃভ্ৰমণ আৰু সান্ধ্যভ্ৰমণ কৰে ।
মুঠ ৫ বিঘা মাটিকালিৰ এই পুখুৰীটোত বিভিন্ন ধৰণৰ মাছ আৰু হাঁহ পালন কৰা হৈছে । লগতে এইবোৰ পৰ্যবেক্ষণ কৰিবলৈ কেইবাজনো লোক জড়িত হৈ আছে ।

একালৰ পৰিত্যক্ত পুখুৰী এতিয়া পৰ্যটকৰ আকৰ্ষণস্থলী
পূৰ্বতে পুখুৰীটো একপ্ৰকাৰ পৰিত্যক্ত অৱস্থাত আছিল । কিন্তু শেহতীয়াকৈ ইয়াক পুনৰুজ্জীৱিত কৰি তোলাৰ পিছৰে পৰা এতিয়া ইয়াৰ সৌন্দৰ্য বিয়পি পৰিছে । এই পল্টন পুখুৰীৰ লগত জড়িত হৈ থকা লোকসকলে বৰ্তমানৰ শোভাবৰ্ধনৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে বুধবাৰে এই পুখুৰীৰ নাম উল্লেখ কৰি তেওঁৰ ফেচবুকৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।
পল্টন পুখুৰী আৰু পদ্মনাথ গোহাঞিবৰুৱা
উল্লেখ্য যে এই পুখুৰীটোৰ বিষয়ে আলোচনা কৰিলে পদ্মনাথ গোহাঞিবৰুৱাৰ বিষয়ে জনাৰ প্ৰয়োজন । পদ্মনাথ গোহাঞিবৰুৱা অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এজন অগ্ৰণী ব্যক্তি তথা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল । তেওঁক প্ৰায়ে আধুনিক অসমীয়া সাহিত্যৰ 'পিতামহ' হিচাপে প্ৰশংসা কৰা হয় ।

তেওঁৰ বহুমুখী অৱদানসমূহে উপন্যাস, কবিতা, নাটক, সাংবাদিকতা আৰু নাগৰিক নেতৃত্বক সামৰি লৈ অসমৰ সাংস্কৃতিক পৰিৱেশত এক অমলিন চিন ৰাখিছিল । পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া সাংবাদিকতাৰ ক্ষেত্ৰখনতো যথেষ্ট অৱদান ৰাখি থৈ গৈছে । সেই সময়ত প্ৰকাশিত হৈছিল 'অসম বন্তি' । ১৯০১ চনত জয়দেৱ শৰ্মাৰ সহযোগত প্ৰতিষ্ঠা কৰা এই সাপ্তাহিক প্ৰকাশনে অসমীয়া সাহিত্যৰ প্ৰচাৰ আৰু সমসাময়িক বিষয়সমূহৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

পৰৱৰ্তী সময়ত ১৯০৬ চনত 'ঊষা'ত অসমীয়া বিশিষ্ট সাহিত্যিকসকলৰ অৱদান প্ৰকাশ কৰি সাহিত্যকৰ্মক আগবঢ়াই নিয়াৰ বাবে এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল । সাংবাদিকতাৰ বাহিৰেও পদ্মনাথ গোহাঞিবৰুৱা কেইবাটাও উল্লেখযোগ্য পদত অধিষ্ঠিত হৈছিল । ১৯১৭ চনত অসম সাহিত্য সভাৰ প্ৰথম সভাপতি হোৱাৰ লগতে ইংৰাজে প্ৰদান কৰা ৰায় বাহাদুৰ উপাধি পোৱা lতেওঁ আছিল প্ৰথমগৰাকী অসমীয়া ।
তেওঁ আছিল অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ আৰু তেজপুৰত প্ৰধান শিক্ষকৰ পদ আৰু সন্মানীয় দণ্ডাধীশকে ধৰি বিভিন্ন প্ৰশাসনিক ভূমিকাও পালন কৰিছিল ।