ঐতিহাসিক লামা কেম্পৰ ৪১ হেক্টৰ ভূমি বন বিভাগক হস্তান্তৰ ভাৰতীয় সেনাৰ - Lama Camp Missamari
Missamari Lama Camp : মিছামাৰীৰ ঐতিহাসিক 'লামা কেম্প'ৰ ভূমি আজি ৰাজ্যৰ বন বিভাগক আনুষ্ঠানিকভাবে হস্তান্তৰ কৰে ভাৰতীয় সেনা বাহিনীয়ে ৷ ভাৰতীয় সেনা বাহিনীয়ে স্থাপন কৰা লামা কেম্পৰ 102 একৰ তথা প্ৰায় 41 হেক্টৰ ভূমি বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ স্বাৰ্থত বন বিভাগক গতাই দিয়ে ৷

Published : July 10, 2024 at 10:34 PM IST
ৰঙাপৰা, 10 জুলাই : তিব্বতৰ ধৰ্মগুৰু দালাই লামাৰ স্মৃতি বিজড়িত শোণিতপুৰ জিলাৰ মিছামাৰীৰ ঐতিহাসিক 'লামা কেম্প'ৰ বৃহৎ ভূমি আজি ৰাজ্যৰ বন বিভাগক আনুষ্ঠানিকভাবে হস্তান্তৰ কৰে ভাৰতীয় সেনা বাহিনীয়ে ৷ ৰাজ্যখনত হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰি অহাৰ সময়ত উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত অভয়াৰণ্য আৰু বনাঞ্চলৰ বনভূমি বেদখল মুক্ত কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি সম্মান জনাই মিছামাৰীস্থিত ভাৰতীয় সেনা বাহিনীয়ে এই পদক্ষেপ গ্ৰহণ কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত 1959 চনত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমিত দেশৰ সুৰক্ষাৰ স্বাৰ্থত ভাৰতীয় সেনা বাহিনীয়ে স্থাপন কৰা লামা কেম্পৰ 102 একৰ তথা প্ৰায় 41 হেক্টৰ ভূমি বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ স্বাৰ্থত বন বিভাগক গতাই দিয়ে ৷
আজি দিনৰ 11 বজাত ঐতিহাসিক লামা কেম্পত অনুষ্ঠিত হোৱা সভাত ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, ভাৰতীয় সেনা চাউনীৰ জেনেৰল মেজৰ নীৰজ শুক্লা, এছ এম জেনেৰল অফিচাৰ কামাণ্ডিং, শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগতে কেবাজনো শীৰ্ষ বিষয়াৰ উপস্থিতিত মিছামাৰী ভাৰতীয় সেনা ছাউনীৰ প্ৰশাসনিক অধিনায়ক কৰ্ণেল বিকাশ মেহেতাই ভূমি হস্তান্তৰৰ আনুষ্ঠানিক পত্ৰত স্বাক্ষৰ কৰি পশ্চিম শোণিতপুৰ বন্যপ্ৰাণী সংমণ্ডলৰ বন প্ৰাধিকাৰী শ্ৰীপিৰাই সুদূন বিৰ হাতত অৰ্পণ কৰে ৷
ভাৰতীয় সেনা বাহিনীয়ে প্ৰায় 50 বছৰতকৈ অধিক সময় 102 একৰ বনাঞ্চলৰ ভূমি ব্যৱহাৰ কৰি আহিছিল ৷ এতিয়াৰে পৰা লামা কেম্পত দেশ মাতৃক সুৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত ভাৰতীয় সেনা জোৱানৰ বিপৰীতে বন বিভাগৰ বনকৰ্মীসকলক দেখা পোৱা যাব ৷ তদুপৰি লামা কেম্পটো বন বিভাগৰ তৃতীয় বেটেলিয়নৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি উঠিব ৷ উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মিছামাৰী সামৰিক ঘাটিৰ ওচৰত থকা এই ঐতিহাসিক প্ৰসিদ্ধ লামা কেম্প ভাৰতীয় সেনা বাহিনীয়ে স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷
জেনেৰল মেজৰ নীৰজ শুক্লাই সংবাদ মাধ্যমৰ আগত কয় যে ভাৰতীয় সেনা বাহিনীয়ে দেশৰ প্ৰগতি আৰু দেশৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰি আহিছে ৷ বিগত প্ৰায় 50 বছৰ ধৰি বনাঞ্চলৰ ভূমিত শিৱিৰ স্থাপন কৰি ভাৰতীয় সেনাই দেশৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰি আহিছিল ৷ বন বিভাগে আগন্তুক দিনত এই বৃহৎ ভূমিত গছ পুলি ৰোপণেৰে সেউজীয়াকৰণ আৰু বনপ্ৰাণীসমূহে মুক্তভাৱে বিচৰণ কৰিব যাতে পাৰে তাৰ বাবে এই শিবিৰ মুকলি কৰি দিয়া হ’ল বুলি কয় ৷
লগতে পঢ়ক : ৰহা মীন মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মীনপালক দিৱস উদযাপন - NATIONAL FISH FARMERS DAY

