দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ স্মৃতি বিজড়িত এখন হাস্পতাল আৰু এজোপা কঁঠাল গছ
এখন হাস্পতালৰ চৌহদত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ চিতাভস্মৰ সৈতে ৰোপণ কৰা হৈছিল কঁঠাল গছজোপা । ক'ত আছে এই হাস্পতাল আৰু কঁঠালজোপা ?

Published : October 4, 2025 at 3:07 PM IST
তেজপুৰ : ভাৰতীয় সেনাবাহিনীৰ এখন বিশেষ চিকিৎসালয় আৰু এজোপা কঁঠাল গছ । যাৰ সৈতে ভাৰতৰ এক ইতিহাস জড়িত হৈ আছে । আচলতে ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ স্বাক্ষৰ বহন কৰি আহিছে এই চিকিৎসালয়খনে । সমান্তৰালভাৱে চিকিৎসালয়খনৰ আছে আন এক সুকীয়া পৰিচয় । এই চিকিৎসালয়খনৰ সৈতে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সম্পৰ্ক আছে । তেজপুৰস্থিত ভাৰতীয় সেনাৰ ১৫৫ নং বেছ হাস্পতালত আছে এজোপা কঁঠাল গছ । প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ চিতাভস্মৰ সৈতে চিকিৎসালয়ৰ চৌহদত ৰোপণ কৰা হৈছিল কঁঠাল গছজোপা । সেই গছজোপা চিকিৎসালয় চৌহদতে ডাঙৰ হৈ বৃহৎ বৃক্ষ হৈছে ।
প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল অতুল শ্ৰীধৰণে এক অডিঅ' মেছেজত ই টিভি ভাৰতক জনাইছে, "দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ চিতাভস্মৰ লগতে চিকিৎসালয়ৰ চৌহদত এই কঁঠাল গছজোপা ৰোপণ কৰা হৈছিল ।"
তেওঁ জনোৱা মতে ভাৰতীয় সেনাৰ তিনিখন বিশেষ চিকিৎসালয়ৰ ভিতৰত তেজপুৰস্থিত ১৫১ নং বেছ হাস্পতালখনৰো পিছত তেজপুৰত ১৯৬০ চনৰ ২৪ এপ্ৰিলত ইয়াৰ এটা ভাগ আছিল আৰু পৰৱৰ্তী সময়ত ১৯৬২ চনৰ ৩১ ডিচেম্বৰত তেজপুৰৰ ৰিফিউজী মাৰ্কেটৰ কাষত সেনাৰ ১৫৫ নং বেছ হাস্পতালখন পুনৰ স্থাপন কৰা হয় । কিন্তু ১৯৬৫ চনৰ ৮ মে'ত বৰ্তমানৰ ৩৭ নং (ক) ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্থাপন কৰা হয় যদিও সেই স্থানতে পৰৱৰ্তী সময়ত ১৯৭৭ চনত ১ এপ্ৰিলত প্ৰায় ৫০০ বিচনাযুক্ত হাস্পতাললৈ উন্নীত কৰা হয় । সেই অনুপাতে এই কঁঠাল গছজোপাও সেই সময়ত স্থানান্তৰ কৰা হয় আৰু বৰ্তমান সেই একে ঠাইতে এই গছজোপা আছে ।
১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত সেনাৰ এই চিকিৎসালয়খনে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । সেই সময়ত সেনাৰ আহত জোৱানসকলৰ উন্নত চিকিৎসাৰ বাবে একমাত্ৰ চিকিৎসালয় আছিল এইখন । সেই সময়ত ১৯৬২ চনৰ ৬ ডিচেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই চিকিৎসালয়খন পৰিদৰ্শন কৰিছিল । ইয়াৰ পৰৱৰ্তী সময়ত ১৯৬৩ চনৰ ৮ জুনত পুনৰ তেওঁ এই চিকিৎসালয়লৈ আহিছিল । একে বছৰৰ ২৩ ফেব্ৰুৱাৰীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও পৰিদৰ্শন কৰিছিল হাস্পতালখন ।
ভাৰত-চীন যুদ্ধ : চতুৰ্দশ দালাই লামাৰ ভাৰতলৈ প্ৰত্যাৰ্পণৰ পিছতে চীনে ভাৰতৰ সেনাৰ লগত মুখামুখি সংঘৰ্ষত লিপ্ত হয় । ১৯৬২ চনৰ অক্টোবৰ মাহৰ ৰেজাংলাৰ সংঘর্ষৰ পিছতে মেকমোহন লাইনৰ ফ্ৰণ্টিয়াৰ প্ৰদেশ তথা বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ টাৱাং চেক্টৰত চীনা সৈন্যই প্ৰৱেশ কৰি বমডিলা অতিক্ৰম কৰিছিল । সেই সময়ত অক্টোবৰ মাহৰ ২০ তাৰিখৰ পৰা নৱেম্বৰ মাহৰ ২১ তাৰিখলৈ এমাহ এদিন সময় এই যুদ্ধ হৈছিল আৰু দয়োপক্ষৰ যথেষ্ট সেনা নিহত হৈছিল ।
লগতে পঢ়ক :জুবিন গাৰ্গক বিহপান কৰোৱাই হত্যা ! শেখৰজ্যোতিৰ বিস্ফোৰক স্বীকাৰোক্তি

