১৬০ বছৰীয়া পৰম্পৰাৰে আজিও জিমখানা ক্লাবত চেকুৰিছে ঘোঁৰাই
যোৰহাট জীমখানা ক্লাৱৰ ঐতিহ্য আৰু বগা চাহাৱৰ ঘোঁৰা ৰেচৰ পৰম্পৰা ।

Published : March 8, 2025 at 3:43 PM IST
যোৰহাট: এছিয়াৰ আটাইতকৈ পুৰণি গল্ফ খেলপথাৰ আৰু দেশৰ ভিতৰতে তৃতীয় পুৰণি যোৰহাট জিমখানা ক্লাব কেৱল যোৰহাটৰে নহয় সমগ্ৰ অসমৰে গৌৰৱ । অসম গৌৰৱ যোৰহাট জিমখানা ক্লাৱৰ খেলপথাৰত ৭ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ঘোঁৰা দৌৰৰ প্ৰতিযোগিতা । ১৮৬৪ চনত ইংৰাজে আৰম্ভ কৰা ঘোঁৰা দৌৰ প্ৰতিযোগিতা আজিও সগৌৰৱে চলি আছে ।
৭ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই ঘোঁৰা দৌৰ প্ৰতিযোগিতাত যোৰহাটৰ লগতে কাষৰীয়া জিলাৰো বহুতে নিজৰ ঘোঁৰাৰ সৈতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । ঐতিহাসিক ঘোঁৰা দৌৰ প্ৰতিযোগিতা সন্দৰ্ভত আয়োজক সমিতিৰ এজন বিষয়ববীয়াই কয়, "১৮৫০ চনত বৃটিছে একেসময়তে বহু চাহ বাগিচা স্থাপন কৰিছিল । তেতিয়া তেওঁলোকক এই চাহ বাগিচাসমূহ পৰিভ্ৰমণ কৰাৰ লগতে চোৱাচিতাৰ বাবে বহু ঘোঁৰাৰ প্ৰয়োজন হৈছিল । চাহ বাগান চোৱাচিতাৰ বাবে ব্যৱহাৰ কৰা ঘোঁৰাসমূহক বৃটিছে একগোট কৰি ১৮৬৪ চনত যোৰহাট চেকনিধৰাত ঘোঁৰা দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰিছিল আৰু আজিও সেই ট্ৰেক নিৰ্ধাৰিত স্থানত আছে ।
তেওঁ লগতে কয়, "১৮৭৬ চনত বৃটিছে উক্ত স্থানৰ পৰা ১ কিলোমিটাৰ দূৰৈত জিমাখানা ক্লাৱ প্ৰতিষ্ঠা কৰিলে আৰু ১৮৮৫ চনত জিমাখানা ক্লাৱৰ পৰিসৰ বৃদ্ধি হল । তেতিয়াৰে পৰাই বৃটিছে আৰম্ভ কৰা ঘোঁৰা দৌৰ প্ৰতিযোগিতা চলি আছে । ১৮৬৪ চনৰ পৰা আৰম্ভ কৰা ঘোঁৰা দৌৰা প্ৰতিযোগিতা ১৬০বছৰ হ'ল, ক'ভিড আৰু বিভিন্ন কাৰণত কেইবাবছৰো ঘোঁৰা দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল । মণিপুৰৰ পৰা ঘোঁৰা আনি ঘোঁৰা দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল আৰু ইয়াৰ নাম দিয়া হৈছিল পল' ৰেচ ।"
উদ্যোক্তাসকলে জনোৱা অনুসৰি তেতিয়াৰে পৰা এই প্ৰতিযোগিতা আজিও সগৌৰৱে চলি আহিছে । বগা চাহাবৰ আমোদৰ পৰ্ব এই ঘোঁৰা দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ঘোঁৰাৰ গৰাকীসকলে বহুদিনৰ পৰাই অধিক আগ্ৰহেৰে বাট চাই থাকে আৰু তেওঁলোকে এই প্ৰতিযোগিতাৰ বাবে বালিচৰত প্ৰস্তুতি আৰম্ভ কৰে । এই ঘোঁৰা দৌৰ প্ৰতিযোগিতা চাবৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকৰ লগতে বিদেশী পৰ্যটকেও ভিৰ কৰে । এই ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ আটাইতকৈ সন্মানীয় আৰু গুৰুত্বপূৰ্ণ বঁটাটোৱেই হ'ল গৱনৰ্ছ কাপ ।
উল্লেখ্য যে প্ৰথমতে এই ক্লাবটো অসমৰ চাহ ৰোপণকাৰীসকলৰ বাবে ‘প্লেণ্টাৰ্চ ক্লাব’ নামেৰে প্ৰতিষ্ঠা কৰা হৈছিল । মূল ক্লাবটো আছিল এটা পুৰণিকালৰ সৰু কাঠৰ ঘৰ, যিটো ৰেচকোৰ্চৰ মাজত অৱস্থিত আছিল আৰু ই কেম্পিং আৰু পেৰেড গ্ৰাউণ্ড হিচাপে কাম কৰিছিল । বগা চাহাবৰ সময়ত নিৰ্মিত এই ক্লাবটোৰ মুখ্য আকৰ্ষণ হল ৯ ফুটাৰ গল্ফ খেলপথাৰ, চুইমিং পুল, টেনিছ গ্ৰাছ কৰ্ট, জেন্টলমেন'ছ বাৰ আদি ।

