ETV Bharat / state

বাণ ৰজাৰ ৰাজধানীত উচুপনি: অস্তিত্বৰ সংকটত ঊষা-অনিৰুদ্ধৰ মিলনথলী

পঞ্চপাণ্ডৱৰ সৈতে সম্পৰ্ক থকা শালগ্ৰাম ক'ত আছে আপুনি জানেনে ? আজিও এই স্থানৰ হোৱা নাই সংৰক্ষণ ।

Historic Garh Doul in Tezpur
অস্তিত্বৰ সংকটত ঐতিহাসিক গড় দৌল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 4, 2025 at 7:43 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ : এসময়ৰ বাণ ৰজাৰ ৰাজধানী শোণিতপুৰ জিলাৰ তেজপুৰ চহকী ঐতিহাসিক সমলেৰে । বাণ ৰজাৰ ৰাজত্বকালৰ বহু স্মৃতি বিজড়িত এই স্থানত এতিয়াও উদ্ধাৰ বা সংৰক্ষিত হোৱা নাই বহু সমল । তেজপুৰ চহৰৰ কাষতে অৱস্থিত এখন ঐতিহাসিক স্থান গড় দৌলৰ আজিও হোৱা নাই সংৰক্ষণ ।

এক সুকীয়া ঐতিহ্য আছে এই দৌলৰ । বাণ ৰজাৰ ৰাজত্বকালৰ স্মৃতি বিজড়িত এই দৌলৰ মুঠ ভূমি আছিল প্ৰায় ৫২ বিঘা । এতিয়া পিচে বেদখলৰ কবলত পৰি আছেগৈ মাত্ৰ ৩৭ বিঘাহে । খ্ৰীষ্টপূৰ্ব সপ্তম আৰু অষ্টম শতিকাৰ অৱশিষ্টৰে সমৃদ্ধ এই সমগ্ৰ এলেকা পুৰাতত্ব বিভাগৰ অধীনত যদিও বৰ্তমান সংৰক্ষণৰ অভাৱত পৰিত্যক্ত অৱস্থাত আছে ।

অস্তিত্বৰ সংকটত ঐতিহাসিক গড় দৌল (ETV Bharat Assam)

ভগ্নাৱশেষৰ বুকুত লুকাই থকা বহু কাহিনী :

পৰ্যটকৰ আকৰ্ষণৰ অন্য়তম স্থান হিচাবে বিবেচিত হোৱা এই ঠাইৰ অৱশিষ্ট ভগ্নাৱশেষৰ বকুত লুকাই আছে বহু কাহিনী । এই অঞ্চলত বহু বছৰ পূৰ্বে খনন কাৰ্য চলোৱাৰ সময়ত সোণৰ সামগ্ৰী উদ্ধাৰ হৈছিল । অৱশ্য়ে তাৰ পিছত এই খনন বন্ধ ৰখা হয় । স্থানীয় ৰাইজৰ মতে, এয়া গুপ্ত যুগৰ সূচনাৰ সময়ত অৰ্থাৎ প্ৰাচীন কালত তেজপুৰৰ ৰজা বাণাসুৰে এই স্থানত তেওঁৰ দুহিতা ঊষাৰ বিবাহৰ সময়ত কাষতে সাতটা পুখুৰী খন্দাইছিল । সেই সময়ত ঊষাৰ বিবাহ সম্পন্ন কৰিবলৈ গা ধুবলৈ ব্যৱহাৰ কৰা ৰূপৰ তামোল উদ্ধাৰ হৈছিল । সেয়া উদ্ধাৰ কৰি কোনো সংগ্ৰহালয়ত সংৰক্ষণ কৰা বুলি জানিব দিয়ে স্থানীয় ৰাইজে ।

Historic Garh Doul in Tezpur
অস্তিত্বৰ সংকটত ঐতিহাসিক গড় দৌল (ETV Bharat Assam)

অটব্য অৰণ্যৰ মাজত গড় দৌল :

এই স্থানৰ চাৰিওফালে পৌৰাণিক ইটাৰে নিৰ্মিত গড়ে প্ৰায় ২৫০ মি×২৫০ মি এলেকা আগুৰি আছে । এয়া তেজপুৰ পৰ্বতীয়া তৰাজন কুমাৰ গাঁৱৰ গড় দৌল । সম্প্ৰতি অটব্য অৰণ্যৰ মাজত আছে এই ঐতিহাসিক সমলৰে পৰিপূৰ্ণ গড় দৌল । পৰিচালনা কমিটীৰ মতে, কোনো ধৰণৰ চৰকাৰী সুবিধা প্ৰদান কৰা হোৱা নাই ইয়াক সুৰক্ষিত কৰিবলৈ ।

এই সন্দৰ্ভত দৌল কমিটীৰ উপদেষ্টা অকণ বৰাই ই টিভি ভাৰতক কয়,"গড় দৌলত বাণ ৰজাই পূজা কৰিছিল । ইয়াতেই ঊষা-অনিৰুদ্ধৰ বিয়া হৈছিল । ইয়াত সাত পুখুৰী আৰু ঊষাৰ তাঁতশাল আছিল । তাৰ পিছত আন শিপিনীসকলে আহি ইয়াত তাঁত বৈছিল । পৰৱৰ্তী সময়ত এই স্থানত অসম সত্ৰ ভাওনা সমিতিয়ে ১৯৯৩ চনত ভাওনা অনুষ্ঠিত কৰোতে স্থাপন কৰা নামঘৰ গণেশে আহি ভাঙি থৈ যায় । তাৰ ১০ বছৰ পিছত গাঁৱৰ ৰাইজে ইয়াৰ কাষতে নামঘৰ প্ৰতিষ্ঠা কৰে । এয়া হৰি-হৰ যুদ্ধৰ সাক্ষী ঐতিহাসিক স্থান; কিন্তু চৰকাৰে ইয়াৰ সংৰক্ষণৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই ।"

Historic Garh Doul in Tezpur
সংৰক্ষণৰ অভাৱত পৰিত্যক্ত বাণ ৰজাৰ ৰাজধানী (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই স্থান পৰিদৰ্শন কৰি কৈছিল যে ইয়াৰ লগত মহাভাৰতৰ সময়ৰ সম্বন্ধ আছে । বাণ ৰজাৰ সময়ত যুদ্ধত তেজৰ নৈ বৈছিল । সেই ৰঙাজান এতিয়া ব্ৰহ্মপুত্ৰত পৰিছে । সেই নৈৰ বালি বিভিন্ন লোকে আহি গাত লগায় ।"

Historic Garh Doul in Tezpur
অস্তিত্বৰ সংকটত উষা-অনিৰুদ্ধৰ মিলনথলী (ETV Bharat Assam)

গড় দৌল সংৰক্ষণৰ দাবী :

আনহাতে দৌল পৰিচালনা কমিটীৰ সদস্য় অসীম শইকীয়াই কয়, "আজিৰ পৰা পাঁচ বছৰ পূৰ্বে এই ঠাই কিছু পৰিমাণে পৰিস্কাৰ হৈ আছিল আৰু কিছু কাম হাতত লৈছিল পুৰাতত্ব বিভাগৰ তৰফৰ পৰা । পুৰাতত্ব বিভাগৰ তাৰফৰ পৰা খনন আৰু চোৱাচিতা কৰিছিল; কিন্তু সেয়া স্তব্ধ হৈ পৰে । তেজপুৰ চহৰৰ মাজভাগত থকা এই ঠাইৰ ইতিহাস কোনেও নাজানে । যেনেকৈ অগ্নিগড়, চিত্ৰলেখা উদ্যান পৰ্যটকৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে; কিন্তু এই গড় দৌলত একো নহ'ল । গড় দৌলৰ সংৰক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক । "

Historic Garh Doul in Tezpur
অস্তিত্বৰ সংকটত উষা-অনিৰুদ্ধৰ মিলনথলী (ETV Bharat Assam)

মহাভাৰতৰ সৈতে জড়িত স্থান :

শইকীয়াই লগতে কয়, "অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই স্থান পৰিদৰ্শন কৰি কৈছিল যে ইয়াৰ লগত মহাভাৰতৰ সময়ৰ সম্বন্ধ আছে । কিয়নো মহাভাৰতৰ এটা অধ্যায়ত উল্লেখ আছে যে পঞ্চপাণ্ডৱ যেতিয়া বনত আছিল তেতিয়া এটা ৰাতি শালগ্ৰামত কটাইছিল । সেই শালগ্ৰামৰ কিছু দূৰৈত এতিয়াও শাল গছৰ এক বৃহৎ এলেকা আছে আৰু ইয়াত আহি তেওঁলোকে জিৰণি লৈছিল । এই দুই স্থানত হৰ-গৌৰীৰ দুটা মন্দিৰ আছিল । এই ঠাই উষা- অনিৰুদ্ধৰ মিলনথলী বুলি আমি সকলোৱে জানো । গতিকে ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰাটো অতি গুৰুত্বপূৰ্ণ ।"

লগতে পঢ়ক:৬০০ বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানীৰ ৪০০ বিঘাৰ ৰাজকাৰেং ক'ত হেৰাল ?

ৰহঢলা পথাৰত, আহিবা ঐ নিজানত... ! অস্তিত্বৰ সংকটত ঐতিহাসিক ৰহঢলা পথাৰৰ পুখুৰী