হাফলং: আজি ঈদ-উল-ফিটৰ ৷ সমগ্র দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত বাস কৰা ইছলামধর্মী লোকসকলে পালন কৰিছে পবিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ । পুৱাৰ নামাজৰ বাবে মছজিদ, ঈদগাহসমূহত ইছলাম ধর্মাৱলম্বী লোকসকলে ভিৰ কৰা পৰিলক্ষিত হয় ৷
অৱশ্যে ইয়াৰ মাজতে এক ব্যতিক্ৰমী পৰিৱেশ দেখা গ’ল হাফলং অজাচক আশ্ৰমত । ঈদ-উল-ফিটৰ উপলক্ষে ইছলামধর্মী লোকসকলে মছজিদ বা ঈদগাহসমূহত নামাজ পঢ়িছে, ইয়াৰ বিপৰীতে অজাচক আশ্ৰমত হিন্দু লোকসকলে অংশগ্ৰহণ কৰে এক বিশেষ প্ৰাৰ্থনাত ৷
উল্লেখ্য যে, সৰ্বধৰ্ম আৰু সমন্বয়ৰ প্ৰতীক হিচাবে পৰিচিত অজাচক ঋষি স্বামী স্বৰূপানন্দ পৰমহংস দেৱ । তেওঁৰ বাণী আছিল- ‘‘হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, শিখ বা ইহুদী, মুছলমান আমাৰ চকুত সকলো সমান ।’’ সেয়ে তেওঁৰ এই অনুগামীসকলে স্বামী স্বৰূপানন্দৰ এই ভাৱধাৰা অনুসৰণ কৰিয়েই আজি পবিত্ৰ ঈদৰ দিনা হাফলং অজাচক আশ্ৰমৰ এই বিশেষ প্ৰাৰ্থনাত ভাগ লয় ।
কেৱল ঈদেই নহয়, ভাৰতবৰ্ষত যিমান উৎসৱ আছে, যেনে - ঈদ, বৰদিন, বৌদ্ধ পূৰ্ণিমা, শাৰদীয় দুৰ্গোৎসৱ, দীপাৱলী, বিহু- সকলো উৎসৱত সৰ্বধৰ্ম সমন্বয়ৰ বাৰ্তা লৈ হাফলং অজাচক আশ্ৰমত স্বামী স্বৰূপানন্দৰ অনুগামী ভক্তসকলে বিশেষ প্রার্থনা কৰে । সেয়ে আজিও তাৰ ব্যতিক্ৰম হোৱা দেখা নগ’ল হাফলং অজাচক আশ্ৰমত ৷

অজাচক আশ্ৰমৰ ভক্ত শিৱাজী চৌধুৰীয়ে এই সন্দৰ্ভত কয়, ‘‘আমি অজাচক আশ্ৰমৰ প্ৰতিষ্ঠাপক স্বামী স্বৰূপানন্দ পৰমহংস দেৱৰ মতবাদ মানি প্ৰাৰ্থনা কৰো । আজি ঈদ উপলক্ষে আমি আমাৰ আশ্ৰমত বিশেষ প্ৰাৰ্থনা কৰিলো । আমি হিন্দু, বৌদ্ধ, খ্ৰীষ্টান সকলো জাতি ধৰ্মৰ লোকক সমান দৃষ্টিৰে চাওঁ ৷ সকলো ঈশ্বৰৰ সন্তান বুলি আমি মানো । আমি ঈদ, বৰদিন, বৌদ্ধ পূৰ্ণিমা, দুৰ্গাপূজা আদিকে ধৰি সকলো উৎসৱতে বিশেষ প্ৰাৰ্থনা কৰো ।’’
তেওঁ আৰু কয়, ‘‘সনাতন ধৰ্মৰ বাহিৰেও বিশেষ সকলো দিনতে আমি বিশেষ প্ৰাৰ্থনা কৰো । আজি ঈদ, ইছলাম ধৰ্মালম্বীসকলৰ বাবে ডাঙৰ দিন ৷ আজিৰ এই দিনটোত বিশেষ প্ৰাৰ্থনাৰ জৰিয়তে আমি তেওঁলোকৰ সুখত অংশ লৈছো । গোটেই বিশ্বতে য’ত অজাচক আশ্ৰম আছে তাত দেওবাৰে পুৱা 8 বজাৰ পৰা প্ৰাৰ্থনা অনুষ্ঠিত হয় ।’’
ইপিনে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাও জিলাতো অতি উলহ-মালহেৰে পবিত্ৰ ঈদ উদযাপন কৰা হয় ৷ পুৱা 8:30 বজাত বিশ্ব শান্তি কামনাৰে হাফলং জামে মছজিদত সমূহীয়াকৈ ঈদৰ নামাজ পঢ়া হয় ।