ETV Bharat / state

দুই-চাৰিদিনতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা: মুখ্যমন্ত্ৰীয়ে ক'লে

পুৰণিগুদামৰ বাপুজী ভৱন আৰু পুথিভঁৰালৰ‌ নৱনিৰ্মিত ভৱনৰ দ্বাৰ মুকলি কৰি সাংসদক কটাক্ষ মুখ্য়মন্ত্ৰীৰ ।

library inauguration in Puranigudam
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 30, 2025 at 6:59 PM IST

2 Min Read
Choose ETV Bharat

চামগুৰি : এপেক্স বেংকৰ দুৰ্নীতিৰ তদন্ত বিচাৰি সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আনহাতে,পঞ্চায়ত নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা কৰা হ'ব সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কৰিলে মন্তব্য় । অসমৰ সাংসদসকলে কাৰ পিছত থাকিব নালাগে সেই সন্দৰ্ভতো মন্তব্য় মুখ্যমন্ত্ৰীৰ ।

দেওবাৰে কেবাটাও কাৰ্যসূচী হাতত লৈ নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ সমান্তৰালকৈ নগাঁৱৰ পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত বাপুজী ভৱন আৰু পুথিভঁৰালৰ‌ নৱনিৰ্মিত ভৱনৰো দ্বাৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰায় ৩ কোটি ৩ লাখ টকা ব্যয় সাপেক্ষে আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা ভৱনটোৰ দ্বাৰ মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

কেতিয়া হ'ব পঞ্চায়ত নিৰ্বাচন ?

এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে । পঞ্চায়ত নিৰ্বাচনক লৈ জল্পনা-কল্পনা অব্যাহত থকাৰ সময়তেই দুই-এদিনতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়, "২,৩,৪ অথবা ৫ এপ্ৰিলৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব ।"

এপেক্স বেংকৰ দুৰ্নীতিৰ তদন্ত :

আনহাতে, এপেক্স বেংকৰ দুৰ্নীতিৰ তদন্ত বিচাৰি সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা সন্দৰ্ভতো মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "আমাৰ সাংসদসকল দিলোৱাৰ, মহবুবুল হকৰ পাছত কিয় থাকিব লাগে, সাংসদসকল তেওঁলোকতকৈ সদায় আগত থাকিব লাগে । এতিয়া আগে আগে দিলোৱাৰ, মহবুবুল আৰু আমি থাকিব লাগে পাছে পাছে ।" ইপিনে বিহুৰ আগতেই বিহুৰ টকা বিহু সমিতিসমূহে লাভ কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত বিজেপিয়ে ভাল ফলাফল কৰিব :

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভতো মুখ্য়মন্ত্ৰীগৰাকীয়ে মন্তব্য় কৰি কয়, "ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফলেই লাভ কৰিব । বিজেপিৰতো ভালেই হৈ থাকে । "

উক্ত অনুষ্ঠানটোত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক জিতু গোস্বামী, বিধায়ক ৰূপক শৰ্মা আৰু বিধায়ক দিপ্লুৰঞ্জন শৰ্মা । অনুষ্ঠানটোত উপস্থিত হৈ পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাললৈ ১ কোটি টকাৰ অনুদান আগবঢ়াই মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক: ওড়িশা চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত আছে: ড৹ হিমন্ত বিশ্ব শৰ্মা