ডিফু: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংছ'ত কাৰ্বিসকলৰ প্ৰাচীনতম ধৰ্ম আৰণ বাৰিম চিংৰুম আমেইত লক্ষাধিক ভক্তক সম্বোধন কৰে । মুখ্য়মন্ত্ৰীগৰাকীয়ে কাৰ্বি আৰণ বাৰিম চিংৰুমৰ বিশাল জনসমাবেশত নতুন প্ৰজন্মক কাৰ্বি ধৰ্মীয় পৰম্পৰা আৰু সংস্কৃতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ৷
বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচী লৈ পাহাৰীয়া জিলাখনত উপস্থিত হোৱাৰ পিছতেই তেওঁ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাবাসীৰ বাবে কেইবাটাও অভিলাসী আঁচনিৰ কথাও ঘোষণা কৰে । আজি ডিফুৰ তাৰালাংছ’ৰ কাৰ্বি পিপ'লছ হলত অনুষ্ঠিত ধৰ্মীয় সভাখনত মুখ্যমন্ত্ৰীয়ে কয়, "আমেৰিকা বা আন বিদেশী ৰাষ্ট্ৰৰ পৰা আহি কোনোবাই আমাক ভাল ভাল কথা ক’লেই আমি নিজৰ ভৰিৰ তলৰ মাটি হেৰুৱাই আনৰ ধৰ্মীয় বিশ্বাস বা সংস্কৃতি গ্ৰহণ নকৰো ৷ কাৰণ কাৰ্বি সংস্কৃতি ৫ হাজাৰ বছৰ পুৰণি আৰু তাক জীয়াই ৰখাটো নতুন প্ৰজন্মৰ দায়িত্ব ।"
১০০ টা ৰংকেৰ পূজাস্থলী নিৰ্মাণৰ বাবে দিব ধন :
কাৰ্বি আৰম বাৰিমৰ ( হিন্দু / সংহাৰী ) সভাত এহেজাৰ শিল্পীয়ে প্ৰদৰ্শন কৰা নৃত্যক গুৱাহাটীত প্ৰদৰ্শনৰ বাবে ব্য়ৱস্থা কৰিব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "১০০ খন গাঁৱত ১০০ টা ৰংকেৰ পূজাস্থলী নিৰ্মাণৰ বাবে ৰাজ্য় চৰকাৰে ধন দিয়াৰ প্ৰতিশ্ৰুতি দিছো । সকলো কাৰ্বি পূজাৰীক ১০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য দিয়া হ'ব । কাৰ্বি থিয়ল'জিকেল কলেজ নিৰ্মাণৰ বাবে ১০ কোটি টকা দিয়া হ'ব ।"

ডিচেম্বৰত উদ্বোধন হ'ব কেন্সাৰ হাস্পতাল :
ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "কাৰ্বি আংলঙৰ কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী বিশেষকৈ ডিফু চহৰত নিৰ্মাণ কৰা ১০৮ কোটি টকাৰ পথ বা ৰাস্তা-ঘাটৰ উদ্বোধন কৰাৰ সৌভাগ্য় হ'ল । অংগনৱাড়ী কৰ্মীসকলৰ লগত আলোচনা কৰাৰ সৌভাগ্য় হ'ল আৰু কাৰ্বি আংলঙত অহা কেইটামান দিনত আৰম্ভ কৰিবলগীয়া সৈনিক স্কুল, পশু চিকিৎসা মহাবিদ্যালয়, কৃষি মহাবিদ্য়ালয় আৰু ডিচেম্বৰত উদ্বোধন কৰিবলগীয়া কেন্সাৰ হাস্পতালৰ বিষয়েও পুংখানুপুংখভাৱে আলোচনা হ'ল ।" আজি পুৱা মুখ্য সচিব আৰু অসম চৰকাৰৰ আন আন বিষয়াসকলৰ লগত এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে ৷ কাৰ্বি আংলং জিলাত অনা কাৰ্বিসকলৰ ট্ৰেডিং লাইচেঞ্চ আৰু মটিৰ পট্টাৰ সমস্যা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্য়মন্ত্ৰীগৰাকীয়ে সেয়া অনলাইনত হয় বুলি মন্তব্য কৰে । পৰিষদে ১ লাখ লোকক পট্টা দিয়া বুলিও মুখ্য়মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

কংগ্ৰেছে বহু আসনত প্ৰাৰ্থী দিবই পৰা নাই :
পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "বিজেপি ৩৫ খন জিলা পৰিষদত আৰু অসম গণ পৰিষদ ২ খন জিলা পৰিষদৰ আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৷ ২৮০ টা আঞ্চলিক পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৷ কংগ্ৰেছে বহু আসনত প্ৰাৰ্থী দিবই পৰা নাই ৷" আনহাতে সংখ্যালঘু অধ্যুষিত অঞ্চলত এইবাৰ পঞ্চায়ত নিৰ্বাচনত জয়ী হব বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷