ETV Bharat / state

দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা: বৰপেটা সত্ৰৰ ভৱিষ্যদ্বাণী - BARPETA SATRA BIHU GANANA

সত্ৰৰ বৰ্ষফল গণনা অনুসৰি সদৌ অসম ছাত্ৰ সন্থাকে ধৰি এনে সকলো সংগঠনৰ বাবে নতুন অসমীয়া বৰ্ষটো বিশেষ শুভ নহয় ৷

BARPETA SATRA BIHU GANANA
বৰপেটা সত্ৰৰ বৰ্ষ গণনা প্ৰকাশ দৈৱজ্ঞৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 15, 2025 at 5:26 PM IST

2 Min Read

বৰপেটা: ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বৰ্ষ গণনাত সোমবাৰৰ পৰা আৰম্ভ হোৱা অসমীয়া নতুন বৰ্ষটোত ৰাজ্যখনক বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে জোকাৰি যোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ।‌ এই গণনাতে দেশৰ আৰু অসমৰ ৰাজনীতিৰ ওপৰতো কেইবাটাও সম্ভাৱনা প্ৰকাশ কৰিছে সত্ৰখনৰ দৈৱজ্ঞই ।‌

উল্লেখ্য যে পহিলা ব'হাগত বৰপেটা সত্ৰত সত্ৰৰ দৈৱজ্ঞই পৰম্পৰাগতভাৱে বিহু গণনা কৰি আহিছে । এই গণনাক বৰ্ষফল গণনা বুলিও কোৱা হয় ।‌ সত্ৰখনৰ বৰ্তমানৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মাই ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত কয় যে অহা ২৭ মে'লৈকে প্ৰধানমন্ত্ৰীৰ বাবে শুভ নহয় ৷ শাৰিৰীক আৰু মানসিক কষ্টৰ যোগ আছে ৷

বৰপেটা সত্ৰৰ বৰ্ষ গণনা প্ৰকাশ (ETV Bharat Assam)

আনহাতে, অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত গণনা উল্লেখ কৰি দৈৱজ্ঞগৰাকীয়ে কয়, "২০২৬ ৰ নৱেম্বৰলৈকে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শুভ দশা চলি থাকিব ৷ বৰঞ্চ শুক্ৰৰ দশা চলি থকাৰ বাবে বিগত বছৰতকৈ এই বছৰটো তেওঁৰ বাবে হ'ব অন্যতম শ্ৰেষ্ঠ বৰ্ষ ৷ ইয়াৰ‌ বাবেই ড৹ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব ৷"

BARPETA SATRA BIHU GANANA
ব'হাগৰ প্ৰথম দিনটোত বৰপেটা সত্ৰত ভক্তৰ ভিৰ (ETV Bharat Assam)

শত্ৰুৰ পৰাও মুখ্যমন্ত্ৰীৰ কোনোধৰণৰ ক্ষতি নহয় বুলি উল্লেখ কৰি দৈৱজ্ঞই কয়, "জনসাধাৰণৰ পৰা সন্মান আৰু প্ৰীতি লাভ কৰিব মুখ্যমন্ত্ৰীয়ে ৷ দান আৰু ধাৰ্মিকতাৰ বাবে তেওঁৰ শত্ৰু দমন হ'ব ৷ অৱশ্যে অহা ১৪ আহাৰৰ পৰা ৰাহু আৰু কেতু সঞ্চাৰ হোৱাৰ ফলত ৰাজনৈতিক ক্ষেত্ৰত মুখ্যমন্ত্ৰী কিছু সাৱধান হোৱাও ভাল ৷ সেই সময়ছোৱাত নিজৰ ভুলত কেতিয়াবা কাৰ্য নষ্ট হ'ব পাৰে ৷ কথা কওঁতে সাৱধান হোৱাৰ লগতে দেহৰ যত্নও ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে ৷"

ইপিনে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি এনে সকলো সংগঠনৰ বাবে নতুন অসমীয়া বৰ্ষটো বিশেষ শুভ নহয় বুলিও গণনাত পোৱাৰ কথা দৈৱজ্ঞই উল্লেখ কৰে ।

লগতে পঢ়ক :সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত বৈহাগৰ দম্হী পালন - BOHAG BIHU 2025
লগতে পঢ়ক :অসমৰ এনে এক ঠাই য’ত সাতদিনীয়াকৈ পালন হয় 'বৈহাগৰ দম্হী' ! আহক সেই ঠাইলৈ যাও - RONGALI BIHU 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.