পি আৰ চিতকৈ কি ডাঙৰ সুৰক্ষা কবচ আছে ? ক'লে মুখ্যমন্ত্রীয়ে - Controversial Notice on PRC
Himanta Biswa Sarma on PRC notice : অসমত এদিনো নাছিল যদিও ড৹ মনমোহন সিঙৰ আছিল অসমৰ পি আৰ চি । পি আৰ চি যিকোনো লোকে পাব পাৰে । কলেজৰ চাকৰিৰ ক্ষেত্ৰত স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব । স্থানীয় ভাষাৰ জ্ঞান থকা স্থানীয় লোকে পাব চাকৰি । অসমীয়া লিখিব নজনা মুখ্যমন্ত্ৰীৰ ল’ৰাও কলেজৰ অধ্যাপকৰ চাকৰিৰ বাবে যোগ্য নহয় ।

Published : July 10, 2024 at 6:45 PM IST
গুৱাহাটী, ১০ জুলাই : " কলেজত চাকৰি কৰিবলৈ পি আৰ চি লাগিবই ৷ আমি নিৰ্দেশ দিম ৷ কিন্তু পি আৰ চিয়ে আমাৰ লোকেল ইণ্টাৰেষ্টক সুৰক্ষিত কৰিব নোৱাৰে ৷ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অসমত তিনিবছৰ থাকিলে যিকোনো লোকে পাব পাৰে । কিন্তু চৰকাৰে ডাঙৰ সুৰক্ষা কবচ এটা দিছে । কলেজত অধ্যাপক নাইবা চতুৰ্থ শ্ৰেণীৰ চাকৰি পাবৰ বাবে স্থানীয় ভাষাৰ দক্ষতা থাকিব লাগিব । সকলোৱে চৰকাৰী নিৰ্দেশনাখন পাইছে । আধা সত্য কোৱা বাবেই সমস্যা হয় ।" - এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷
বুধবাৰে লোকসেৱা ভৱনত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্যৰ ৩৪৯ খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণ অনুষ্ঠানত এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনৰ চাকৰিৰ বাবে পি আৰ চি অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয় বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালকে জাৰি কৰা নিৰ্দেশনাৰ পিচতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ অৱশ্যে শিক্ষামন্ত্ৰীৰ নিৰ্দেশৰ পিচতে উচ্চ শিক্ষা সঞ্চালকালয়ে সেই নিৰ্দেশ প্ৰত্যাহাৰ কৰে ৷
ভাষণত মুখ্যমন্ত্ৰীয়ে পি আৰ চি বিতৰ্ক সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰকাৰে ডাঙৰ সুৰক্ষা কবচ দি ৰাখিছে ৷ কলেজৰ চাকৰিৰ ক্ষেত্ৰত স্থানীয় ভাষাৰ জ্ঞান থকাটো বাধ্যতামূলক । যাৰ ফলত স্থানীয় ভাষাৰ জ্ঞান থকা স্থানীয় লোকে চাকৰি পাব । মুখ্যমন্ত্ৰীয়ে কয় যে আজি পুৱাই হুলস্থূল হৈ গ'ল যে চৰকাৰে পি আৰ চি উঠাই দিলে । কিন্তু চৰকাৰৰ উচ্চপৰ্যায়ৰ সুৰক্ষা কবচৰ কথা কোনেও উল্লেখ নকৰিলে । এইখন চৰকাৰে অসমৰ মানুহৰ স্বাৰ্থতে কাম কৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷
ড৹ শৰ্মাই কয় যে ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবে কিছুমান কলেজত বাহিৰৰ লোকক নিযুক্তি দিবলগীয়া হৈছিল ৷ কিন্তু এতিয়া কলেজৰ অধ্যাপক নিযুক্তিৰ আগতে স্থানীয় ভাষাৰ দক্ষতা থকাটো বাঞ্চনীয় কৰা হৈছে ৷ ইয়াৰ ফলত বিহাৰ নাইবা ওড়িশাৰ পৰা কোনোবাই কেনেকৈ নিযুক্তি পাব ৷ কাৰণ স্থানীয় ভাষাত দক্ষতা নাথাকিলে চাকৰি নাপাব ।
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ যিসকলে নিজকে জাতীয়তাবাদী বুলি ভাবে তাতকৈ বেছি আমি জাতীয়তাবাদী ৷ পি আৰ চিতকৈ স্থানীয় ভাষাৰ বিষয়টো বেছি গুৰুত্বপূৰ্ণ ৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমত এদিনো নথকাৰ পিচতো ড৹ মনমোহন সিঙে অসমৰ পি আৰ চি পাইছিল । গতিকে পি আৰ চি সকলো ভাৰতীয়ই পাব পাৰে ।’’
স্থানীয় ভাষাৰ জ্ঞান নাথাকিলে শিক্ষাৰ্থীক কেনেকৈ পঢ়াব পাৰিব বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পি আৰ চি থাকিলেই নহ’ব, কলেজত অধ্যাপনা কৰিবলৈ স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব ৷ অসমীয়া মানুহৰে বহু ল'ৰা-ছোৱালী আছে যিয়ে অসমীয়া ক'ব নোৱাৰে । তেওঁলোকেও কলেজৰ চাকৰি লাভ কৰিব নোৱাৰিব ।’’ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বাহিৰত পঢ়াৰ ফলত নিশ্চিতভাৱে বহু ল’ৰা-ছোৱালীয়ে ভালদৰে অসমীয়া লিখিব নাজানে ৷ যাৰ ফলত তেওঁলোক কলেজৰ অধ্যাপকৰ বাবে যোগ্য নহয় । কেৱল ক’ব পাৰিলেই নহ’ব, লিখিবও পাৰিব লাগিব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এ চি এছ আৰু অসম লোকসেৱা আয়োগতো ইয়াক প্ৰযোজ্য কৰা হৈছে । যাতে স্থানীয় ভাষা জনা প্ৰাৰ্থী লাভ কৰিব পৰা যায় ।
লগতে পঢ়ক: পি আৰ চি সন্দৰ্ভত মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীৰ ওলোটা খৰক লৈ ভূপেন বৰাৰ তীব্ৰ সমালোচনা

