অসমৰ বানক ৰাষ্ট্ৰীয় সমস্য়া ঘোষণা কৰিলে বিদেশী পৰ্যটক নহা হ’ব : মুখ্যমন্ত্ৰীৰ মন্তব্য - Assam flood 2024
Himanta Biswa Sarma: মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ মতে অসমৰ বানক ৰাষ্ট্ৰীয় সমস্য়া ঘোষণা কৰি লাভ নাই, ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব ৷ সমস্যা ঘোষণা কৰিলে কাৰোৰে পৰা একো নাপাব বুলি ধাৰণা মুখ্যমন্ত্ৰীৰ ৷ বান ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষিত হ’লে বিদেশৰ মানুহ অসমলৈ নহা হ’ব বুলিও ধাৰণা ড৹ শৰ্মাৰ ৷

Published : July 7, 2024 at 5:22 PM IST
গুৱাহাটী, 7 জুলাই : ‘‘অসমৰ বানক সমস্য়া ঘোষণা কৰিলে মই কি পাম ? বিদেশৰ মানুহে কম্পিউটাৰত দেখিব যে অসমৰ বান ৰাষ্ট্ৰীয় সমস্য়া ৷ কোনো অসমলৈ নহা হ’ব ৷ সমস্যা বুলি ক’লে কোনো নাহিব, সমাধান বুলি ক’লেহে আহিব ৷ গতিকে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি লাভ নাই ৷ ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব ৷’’- অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ সন্দৰ্ভত এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য ৷
আনহাতে মুখ্যমন্ত্ৰীয়ে দেওবাৰে কয় যে ২০০৪ চনত ৪০০-৩০০ মথাউৰি ভাগিছিল, কিন্তু এইবাৰ দুই-তিনিটাহে মথাউৰি ভাগিছে ৷ গতিকে লাহে লাহে বান সমস্য়া সমাধানৰ পথত আগবঢ়া বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
দেওবাৰে পলাশবাৰীৰ বানাক্ৰান্ত অঞ্চল তথা আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰি বুজ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ দখলাস্থিত অমৃত চন্দ্ৰ বাণিজ্য মহাবিদ্যালয়, সত্ৰাপাৰা এম ভি স্কুল আৰু নাহিৰা-গুইমাৰা আঞ্চলিক হাইস্কুলত আশ্ৰয় লৈ থকা বানাক্ৰান্ত সকলৰ সৈতে মন বিনিময় কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ।
লগতে পঢ়ক: অসমত যেন বিশেষ একোৱেই হোৱা নাই ! বানৰ সন্দৰ্ভত অমিত শ্বাহৰ পোষ্টক লৈ প্ৰতিক্ৰিয়া
পৰিদৰ্শনৰ সময়ত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পলাশবাৰী গুমী প্ৰকল্পৰ অধীনৰ এই অঞ্চলটোৰ বানৰ প্ৰকোপ ৰোধ কৰাৰ বাবে জিঅ’বেগ ব্যৱহাৰ কৰি কিছু মথাউৰি নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু নতুন মথাউৰিৰ কিছু কিছু ঠাইৰে ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানী সোমাই আহি মানুহৰ ঘৰ বুৰাই পেলাইছে । পৰ্যায়ক্ৰমে কিদৰে ইয়াক সমাধান কৰিব তাক লৈ বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
আনহাতে গুৱাহাটীত এটি শিশু বানৰ সোঁতত উটি গৈ নলাত পৰি মৃত্যু হোৱা ঘটনাক দুখ প্ৰকাশ কৰি আকৌ এবাৰ পৰিয়ালটোৰ ওচৰলৈ যাব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ গুৱাহাটীৰ বান সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত নতুন নতুন ঠাইত বান হৈছে ৷ পুৰণি ঠাই য’ত য’ত হৈছে সেয়া সমাধান কৰা হৈছে ৷ পূৰ্বতে বান হোৱা অঞ্চলসমূহত এতিয়া বানৰ সৃষ্টি হোৱা নাই বুলি কয় মুখ্যমন্ত্ৰীয়ে। তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে এইবেলি বানৰ ফলত ৬ টা গঁড় আৰু ৯৫ টা হৰিণাৰ মৃত্যু হোৱাৰ লগতে ৰাজ্যৰ ৭২ টা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁও ক্ষতিগ্ৰস্ত হৈছে । আনহাতে বান সাহাৰ্যৰ নামত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক পূৰ্বতে ১৩ শ কোটি টকা প্ৰদান কৰিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: অপৰিৱৰ্তিত বান পৰিস্থিতি: ৰাজ্যৰ প্ৰায় ২৪ লাখ লোক ক্ষতিগ্ৰস্ত, মৃত্যুৰ সংখ্যা ৫৮ লৈ বৃদ্ধি
তদুপৰি বানৰ পিচত হ’ব পৰা বিভিন্নধৰণৰ ৰোগৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগ সষ্টম হৈ থকাৰ লগতে ঠায়ে ঠায়ে স্বাস্থ্য শিৱিৰৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰীৰ পৰিদৰ্শন কালত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, কামৰূপ জিলাৰ আয়ুক্ত কীৰ্তি জল্লী, পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰৰ বিষয়া হিমাদ্ৰী বৰা, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী সহিতে বহুকেইগৰাকী বিষয়া উপস্থিত থাকে ।
লগতে পঢ়ক: বানে প্ৰাণ ল'লে শিশুৰ, বাঢ়নী পানীত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

