১,৪৫০ টা গৰু একেদিনাই কাটি পেলোৱা হ'ল, অথচ কোনেও দুখ প্ৰকাশ কৰা দেখা নাই: মুখ্যমন্ত্ৰী
গোলাঘাটত কেইবাটাও প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

Published : June 30, 2025 at 8:11 PM IST
গোলাঘাট : দিনজোৰা কাৰ্যসূচীৰে আজি (সোমবাৰ) গোলাঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত নাটগৃহ উদ্বোধন কৰি চাকি বন্তি জ্বলাই আশিস লয় ।
ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সাংবাদিকৰ আগত কয়, "২০২১ চনত ভাদ মাহত আঠখেলীয়া নামঘৰলৈ আহিছিলো আৰু ৰাইজৰ লগত আলোচনা কৰি এটা পুঁজি আগবঢ়াইছিলো । সেই পুঁজি মন্ত্ৰী অজন্তা নেওগ আৰু আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিয়ে সদব্যৱহাৰ কৰি নাটঘৰ আৰু চাকি জ্বলোৱা স্থান,পানী যোগানৰ ব্যৱস্থা, অতিথিশালা নিৰ্মাণ কৰাত নামঘৰৰ পৰিৱেশ সম্পূৰ্ণ হৈছে । আঠখেলীয়া অসমৰ এক পৱিত্ৰ ধৰ্মীয় স্থান আৰু এই স্থানত ৰাইজৰ ব্যাপক জনসমাগম হয় । এইবাৰ ভাদ মাহত আঠখেলীয়া নামঘৰলৈ আহিলে প্ৰশান্তি লাভ কৰিব ।"
৮ ছেপ্টেম্বৰত নুমলীগড় শোধনাগাৰত প্ৰধানমন্ত্ৰী :
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অহা ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত অসম ভ্ৰমণ আছে । অসমৰ কোন কোন ঠাইত প্ৰধানমন্ত্ৰীক আনিব পাৰো সেই স্থানসমূহ পৰিদৰ্শন কৰিছো । তাৰ ভিতৰত নুমলীগড় শোধনাগাৰো আছে । নুমলীগড় শোধনাগাৰত এটা বায়' ইথানেল প্ৰজেক্ট লোৱা হৈছে য'ত বাঁহৰ পৰা ইথানেল তৈয়াৰ কৰা হ'ব আৰু ই হ'ব ভাৰতবৰ্ষৰ প্ৰথমটো বায়' শোধনাগাৰ । নুমলীগড় শোধনাগাৰৰ এটা অত্যধিক ৰাজহুৱা গুৰুত্ব আছে ৷ সেই বাবে প্ৰধানমন্ত্ৰীক দেখুৱাবলৈ চেষ্টা কৰিছো ।"

গৰুখুটি প্ৰকল্প সন্দৰ্ভত কি ক'লে :
গৰুখুটি প্ৰকল্প সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কয়, "ধুবুৰীত ১৪০০ গৰু এইবাৰ কোৰবানী দিয়া হ'ল । কোৰবানী দিয়া গৰু নামঘৰত ৰখা হ'ল, সেই কথা কোনেও নোসোধে । এইকেইটা গৰু জীয়াই ৰখা হৈছে । যিকেইটা গৰু নৃশংসতাৰে মাৰি পেলোৱা হৈছে সেই নৃশংসতাই অসমৰ সাংবাদিকৰ হৃদয় নকপায় নেকি ? ১৪৫০টা গৰু একেদিনাই কাটি পেলোৱা হ'ল, কোনেও দুখ প্ৰকাশ কৰা দেখা নাই । গতিকে যি প্ৰসংগ উত্থাপন কৰিলে ৰাইজৰ লাভ হয় সেই প্ৰসংগ উত্থাপন কৰা উচিত । ১৪৫০টা গৰু একেদিনাই কাটি পেলোৱা হ'ল অথচ কোনো এটা টেলিভিছন চেনেলত এটাও টক শ্ব' নাই । এইকেইটা গৰু অন্ততঃ জীয়াই আছে । আপোনালোকে জীয়াই থকা গৰুৰ ওপৰত আলোচনা কৰে; কিন্তু কোৰবানী হোৱা গৰুক লৈ আলোচনা নকৰে ।"

অত্যাধুনিক ক্ৰীড়া প্ৰকল্প উদ্বোধন :
গোলাঘাটৰ চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক ক্ৰীড়া প্ৰকল্পও আজি উদ্বোধন কৰে মুখ্য়মন্ত্ৰীয়ে । ইয়াৰ লগতে গোলাঘাটৰ নগৰত ২৪ ঘন্টা পানী যোগান প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে । তাৰ পাছত গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰত নৱনিৰ্মিত টেবুল টেনিছ আৰু বেডমিন্টন ইনড'ৰ ষ্টেডিয়াম তেওঁ উদ্বোধন কৰে । ইয়াৰ সমান্তৰালভাৱে গোলাঘাট নগৰৰ ৰাইজক খোৱাপানী যোগান ধৰিবলৈ ১৩০ কোটি টকা ব্যয় সাপেক্ষে এটা প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে ।

