হায়াৰ ছেকেণ্ডাৰীত অখিল গগৈৰ পত্নীয়ে দ্বিতীয় বিভাগহে পাইছিল: মুখ্যমন্ত্ৰী
সেই সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সোণৰ পদক দিয়া ব্যৱস্থাই নাছিল । প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ ।

Published : February 22, 2025 at 11:00 PM IST
গুৱাহাটী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ অভিযোগ-প্ৰতিঅভিযোগে বিধানসভাৰ মজিয়া তোলপাৰ কৰাৰ পিছত শনিবাৰে নিশা পুনৰ এক নতুন মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।
শুকুৰবাৰে বিধায়ক অখিল গগৈয়ে পত্নীৰ চৰকাৰী চাকৰিৰ নিযুক্তিৰ তদন্তৰ লগতে নিজৰ গুৱাহাটীৰ সম্পত্তিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল । ইয়াৰ পিছত আজি পুনৰ অখিল গগৈৰ পত্নীৰ চাকৰি বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "হায়াৰ ছেকেণ্ডাৰীত অখিল গগৈৰ পত্নীয়ে দ্বিতীয় বিভাগহে পাইছিল । এই কথা এতিয়া ৰাইজেই কৈ আছে । অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ নিযুক্তিক লৈ আজি ঢেকিয়াজুলিৰ এগৰাকী অধ্যাপকে নিজে কৈ আছে যে গীতাশ্ৰী তামুলীতকৈ অধ্যাপকগৰাকীৰ মাৰ্কশ্বীট ভাল আছিল ।" আনহাতে, বিষয়টোক লৈ বিধায়ক অখিল গগৈ আৰু তেওঁৰ পত্নী গীতাশ্ৰী তামুলীয়ে তদন্ত বিচৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "তেওঁ নিজেহে নিজৰ তদন্ত কৰিব লাগে । এয়া নৈতিকতাৰ কথা ৷ মই শিক্ষামন্ত্ৰী হৈ থাকোতেই এই অনিয়মৰ কথা জানিছিলো; কিন্তু ইমান দিনে কোৱা নাছিলো । সকলোৰে ঘৈনীয়েকক ধৰে অখিল গগৈয়ে, সেয়েহে নিজৰ ঘৰতো চাব লাগে ।"
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "সেই সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সোণৰ পদক দিয়া ব্যৱস্থাই নাছিল । গতিকে তদন্তৰ কোনো দৰকাৰ নাই, সকলো কথা জলজল পটপট হৈ আছে । এইটো এটা নৈতিক দায়িত্বৰ কথা, তদন্তৰ কথা নহয় । তেওঁলোকে নৈতিকভাৱে নিজৰ দায়িত্ব স্বীকাৰ কৰি ল'ব লাগে । বেলেগক নীতিশিক্ষা দিয়াতকৈ নিজে নীতি-নিয়ম পালন কৰক ।" চৰকাৰে তদন্ত কৰি সময় নষ্ট কৰাতকৈ ৰাইজে দুয়োগৰাকীৰে মাৰ্কশ্বীট দুখন চালেই গম পাব বুলি মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে ।

