ETV Bharat / state

এইবাৰ পঞ্চায়তত ভাবিব নোৱৰা ফলাফল হ'ব : হিমন্ত বিশ্ব শৰ্মা

অৰুণোদয় বন্ধ কৰি ৰাইজক লুঙি দিব লাগে নেকি বুলি মুখ্য়মন্ত্ৰীৰ কটাক্ষ কংগ্ৰেছক ।

PANCHAYAT ELECTION 2025 CAMPAIGN
কাছাৰৰ হাতিচৰা খেলপথাৰত বিজেপিৰ নিৰ্বাচনী সভা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 8:56 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ : কাছাৰৰ হাতিচৰা খেলপথাৰত শনিবাৰে বিজেপিৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কাছাৰৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ সকীয়ালে ভাৰত বিৰোধী মন্তব্য়কাৰীসকলক । পহলগামৰ আক্ৰমণকাৰী সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্য়মত মন্তব্য় কৰিলেই জেললৈ যাব লাগিব বুলি মন্তব্য় কৰিলে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তানক সমৰ্থন কৰা লোকসকলক সকীয়াই দি কয়, "পাকিস্তানৰ সমৰ্থনত কোনোবাই মন্তব্য় কৰিলেই আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিম । তেওঁলেোকক বিৰুদ্ধে আমি কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰিম ।" চৰকাৰৰ কঠোক সকীয়নিৰ পিচতো একাংশ লোকে সামাজিক মাধ্য়মত এনে মন্তব্য় কৰি থকা বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "চৰকাৰকো জেলত ভৰাবৰ বাবে দুই-চাৰিজন মানুহ লাগে । সকলোৱে যদি চৰকাৰক মানে তেতিয়া জেইললৈ কোন যাব ।"

কাছাৰৰ হাতিচৰা খেলপথাৰত বিজেপিৰ নিৰ্বাচনী সভা (ETV Bharat Assam)

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "বৰাকৰ তিনিওখন জিলাতেই জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদবোৰ আমিয়েই দখল কৰিম । অসমত ইতিমধ্য়ে বহুতো জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদত জয়ী হৈছো । সদস্য় বহুত জিকিছো । এইবাৰ পঞ্চায়তত ভাবিব নোৱৰা ফলাফল হ'ব ।"

সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে বিজেপিৰ প্ৰাৰ্থীৰ হৈ ভোট বিচাৰি কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে । মুখ্যমন্ত্রীগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰি অৰুণোদয় বন্ধ কৰি ৰাইজক লুঙি দিব লাগে নেকি বুলি প্ৰশ্ন কৰে । যিসকলে পইচা দি কংগ্ৰেছৰ টিকট লৈছে তেওঁলোকতকৈ বুৰ্বক মানুহ নাই বুলি মন্তব্য় কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

সভাত হিমন্ত বিশ্ব শৰ্মাই কয়, "অৰুণোদয়, প্ৰধানমন্ত্ৰী আৱাসসহ সকলো চৰকাৰী আচঁনিৰ সুবিধা মুছলমান সকলে পাই আছে । সেয়েহে মুছলমান সকলে কিয় বিজেপিক ভোট নিদিব ৷" লগতে মুখ্যমন্ত্ৰীয়ে এইবছৰত শিলচৰ চহৰত উৰণ সেতুৰ কাম আৰম্ভ হ'ব বুলি আশ্বাস দিয়ে ।

লগতে পঢ়ক:বিজেপিৰ নিৰ্বাচনী সংকল্পপত্ৰ উন্মোচন: কি আছে এই সংকল্পপত্ৰত... - PANCHAYAT ELECTION 2025

এ আই ইউ ডি এফৰ দুৰ্গত কংগ্ৰেছৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ - CONGRESS ELECTION CAMPAIGN