বিজেপি চৰকাৰ নাথাকিলে আকৌ কংগ্ৰেছৰ নেতৃত্বত লুঙি, টুপীৰ ৰাজত্ব চলিব: মুখ্যমন্ত্ৰী
জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ইনড'ৰ ষ্টেডিয়ামৰ শিলান্যাসৰ লগতে কাৰ্যকাৰিতা সন্মিলনত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ ।

Published : April 2, 2025 at 10:04 AM IST
|Updated : April 2, 2025 at 10:53 AM IST
চতিয়া: পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তীব্ৰতৰ হৈছে মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন ঠাইত আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন অভিযান । বিগত কেইবাদিন ধৰি ৰাজ্য়ৰ বিভিন্ন ঠাইত আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ সমান্তৰালভাৱে মঙলবাৰে জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ইনড'ৰ ষ্টেডিয়ামৰ শিলান্যাস কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।
চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক লগত লৈ মহাবিদ্যালয়খনত ১ কোটি ৭০ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'ব লগা ইনড'ৰ ষ্টেডিয়ামৰ শিলান্যাস কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগত এক মতবিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ছাত্ৰ- ছাত্ৰীসকলে কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক অধ্যয়নৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত মনোনিবেশ কৰি আগুৱাই যাবলৈ আহ্বান জনায় । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক তিনিবছৰৰ ভিতৰত 'স্বায়ত্ত শাসিত মহাবিদ্যালয়'লৈ উন্নীত কৰিবলৈ কলেজ কৰ্তৃপক্ষলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ইয়াৰ পিছতে এই মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ব ।"
আকৌ কংগ্ৰেছৰ নেতৃত্বত লুঙি, টুপিৰ ৰাজত্ব চলিব :
ইয়াৰ পিচতেই মুখ্যমন্ত্ৰীয়ে নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ নদুৱাৰ সমষ্টিভিত্তিত অনুষ্ঠিত কাৰ্যকাৰিতা সন্মিলনত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ৷ মুখ্যমন্ত্ৰীয়ে কয়, "অসমত যদি বিজেপি চৰকাৰ নাথাকে তেন্তে আকৌ কংগ্ৰেছৰ নেতৃত্বত লুঙি, টুপিৰ ৰাজত্ব চলিব ।" সহস্ৰাধিক দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "অহা পাঁচ এপ্ৰিলৰ ভিতৰত নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব । এনে ক্ষেত্ৰত আমি সকলো পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ'বৰ হ'ল । "
টিউচনৰ বাবে ৩০০ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত:
মুখ্যমন্ত্ৰীয়ে লগতে কয়, "ধনৰ অভাৱত মেট্ৰিক পৰীক্ষাৰ্থীয়ে টিউচন আদিৰ বাবে অসুবিধাত পৰি আহিছে । সেয়ে আমাৰ চৰকাৰে ছয় মাহ আগৰ পৰা পাঁচ লাখ ছাত্ৰ-ছাত্ৰীক টিউচনৰ বাবে ৩০০ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো ।" সন্মিলনৰ মাজতে পঞ্চায়ত নিৰ্বাচনক লৈ এটি গীতৰো উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই কাৰ্যসূচীত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱলোচন দাস, বিধায়ক পদ্ম হাজৰিকা, গণেশ লিম্বুয়ে অংশগ্ৰহণ কৰে ।

