ETV Bharat / state

গুৱাহাটীত পূব ভাৰতৰ ডাঙৰ সন্মিলন কেন্দ্ৰ: নিৰ্মাণকাৰ্যৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে

গুৱাহাটীত নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ আৰ্হিত কনভেনচন চেণ্টাৰ । নিৰ্মাণ কৰোতে ব্যয় হ'ব ৩০০ কোটি টকা ।

CM Himanta Biswa Sarma
মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 10:46 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত নিৰ্মাণ হৈ আছে পূব ভাৰতৰ অন্যতম বৃহৎ কনভেনচন চেণ্টাৰ বা সন্মিলন কেন্দ্ৰ । গুৱাহাটীৰ পাণবজাৰত নিৰ্মাণ হৈ থকা এই চেণ্টাৰটোৰ কামৰ অগ্ৰগতিৰ শুক্ৰবাৰে বুজ লয় মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

নিৰ্মীয়মাণ সন্মিলন কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "গুৱাহাটীত নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ আৰ্হিত আমি এটা ডাঙৰ কনভেনচন চেণ্টাৰ বনাই আছো । এতিয়া প্ৰায় ৪০ শতাংশ কাম শেষ হৈছে । অহা বছৰ এই সময়ত উদ্বোধন কৰাৰ বাবে আমি চিন্তা কৰি আছো । এই কেন্দ্ৰটো হৈ গ'লে ভৱিষ্যতে এডভাণ্টেজ আছাম আদি অনুষ্ঠিত কৰিবলৈ খানাপাৰাৰ খেলপথাৰৰ প্ৰয়োজন নহ'ব । আমি ইয়াতে সকলো কনভেনচন পাতিব পাৰিম ।"

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয়, "এই চেণ্টাৰটো হ'লে পূব ভাৰতৰ সকলো কনভেনচন গুৱাহাটীত অনুষ্ঠিত কৰিব পাৰিব আৰু মানুহৰ মাজত ইক'নমি বাঢ়িব । এতিয়া কলকাতাত হোৱাবোৰ গুৱাহাটীলৈ আনিব পাৰিম । আজি মই পৰ্যবেক্ষণ কৰিলো । এবছৰৰ ভিতৰত হৈ গ'লে ভাল হয় । ইয়াত একেলগে ৯০০ মানুহে বহিব পৰা এটা কনভেনচন চেণ্টাৰ আছে । ১৫০০ মানুহ একেলগে বহিব পৰা এটা কনভেনচন চেণ্টাৰ আছে । ইয়াত ১০০ টা নৰ্মেল হোটেলৰ ৰূম আছে আৰু ২৫ টা ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্রী থাকিব পৰা কোঠা আছে । তদুপৰি ইয়াত ২০০ টা সৰু প্ৰেক্ষাগৃহ আছে । বহুখিনি সা-সুবিধা ইয়াত আছে ।"

পূব ভাৰতত এনেকুৱা কনভেনচন চেণ্টাৰ নাই বুলি মন্তব্য় কৰি তেওঁ কয়, "এইটো নিৰ্মাণ কৰোতে ৩০০ কোটি টকামান ব্যয় হ'ব । মাজতে ঠিকাদাৰজনে কাম এৰি যোৱা বাবে অলপ পলম হ'ল । অহা বছৰ ফেব্ৰুৱাৰীত মুকলি কৰাৰ কথা ভাবিছো ।" মুখ্যমন্ত্রীগৰাকীয়ে কামৰ অগ্ৰগতিৰ বুজ লৈ যথোচিত আৰু সময় নিৰ্ধাৰিতভাৱে এই সন্মিলন কক্ষৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে ।

CM Himanta Biswa Sarma
মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

উল্লেখ্য যে এই সন্মিলন কেন্দ্ৰটোত লন এলেকা, প্ৰৱেশ লবী, প্ৰেক্ষাগৃহ, প্ৰদশৰ্নীস্থান, ৰেষ্টুৰেণ্ট, কাৰ্যালয় কক্ষ, চাৰ্কিট হাউছ ব্লক, অতিথিশালা, অভ্যৰ্থনা, জিমনেছিয়াম, ব্যৱসায়িক কেন্দ্ৰ, বহুমুখী হল, ৰাজ্যিক অতিথিশালা ব্লক, ভি ভি আই পি ছুইট, ৰাষ্ট্ৰপতি ছুইট, মিডিয়া ব্রিফিং ৰূম, মিডিয়া লাউঞ্জ, পার্কিং এছ টি পি, ইউ জি আৰ, ছাবষ্টেচন আদি বিভিন্ন সুবিধাসমূহ উপলব্ধ থাকিব ।

ইফালে, আজি মুখ্যমন্ত্রীয়ে গুৱাহাটীৰ খানাপাৰাত ৫ হাজ‍াৰ আসনবিশিষ্ট নিৰ্মীয়মাণ প্ৰেক্ষাগৃহটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰো বুজ লয় । নিৰ্ধাৰিত সময় আৰু যথোচিতভাৱে প্ৰেক্ষাগৃহটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক মুখ্যমন্ত্রীয়ে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে ।

লগতে পঢ়ক: বিশ্ব ৰেকৰ্ড বহুত হ'ল, এইবাৰ আন এটা ৰেকৰ্ড - BIHU GUINNESS WORLD RECORD SCAM