ETV Bharat / state

গুৱাহাটীত পাইপলাইনযোগে গেছ যোগান প্ৰকল্পৰ শুভাৰম্ভণি মুখ্যমন্ত্রীৰ

পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেডৰ অধীনত ২,৬১৬ কোটি টকাৰ মূলধনী বিনিয়োগ । ১০১ টা পৰিয়ালক পাইপযোগে প্রাকৃতিক গেছ যোগান ।

Himanta Biswa Sarma inaugurated the gas supply project
গুৱাহাটীত পাইপলাইনৰে গেছ যোগান প্ৰকল্পৰ শুভাৰম্ভণি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 6:14 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ চতুর্থ বৰ্ষপূৰ্তিৰ দিনা গুৱাহাটীত পাইপযোগে প্রাকৃতিক গেছ যোগান প্রকল্পৰ উদ্বোধন কৰা হয় । দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰে । প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীৰ গীতানগৰ অঞ্চলৰ ১০১ টা পৰিয়ালক পাইপযোগে প্রাকৃতিক গেছ যোগান ধৰা হৈছে ।

প্রাকৃতিক গেছৰ যোগান কাৰ্যসূচীৰ শুভাৰম্ভ :

একেটা অনুষ্ঠানৰ পৰাই মুখ্যমন্ত্রীয়ে ভার্চুৱেলি হাজো, শুৱালকুছি, ৰঙিয়া আৰু বাইহাটা চাৰিআলিত পাইপযোগে প্রাকৃতিক গেছৰ যোগান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । লগতে বৰাক উপত্যকাৰ শিলচৰত প্ৰথমটো চি এন জি ষ্টেচনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্রীগৰাকীয়ে ।

গুৱাহাটীত পাইপলাইনৰে গেছ যোগান প্ৰকল্পৰ শুভাৰম্ভণি (ETV Bharat Assam)

উল্লেখ্য যে অসম গেছ কোম্পানী লিমিটেড, অইল ইণ্ডিয়া লিমিটেড আৰু গেইল গেছ লিমিটেডৰ যৌথ উদ্যোগত আৰম্ভ হোৱা চিটি গেছ বিতৰণ প্রতিষ্ঠান পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেডে ইয়াৰ নেটৱৰ্ক কামৰূপ মহানগৰ, কামৰূপ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত গঢ়ি তুলিছে ।

২৬১৭ কোটি টকাৰ মূলধনী বিনিয়োগ :

ইয়াৰ বাবে ২৬১৭ কোটি টকাৰ মূলধনী বিনিয়োগ কৰা হৈছে । ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "গুৱাহাটী গেছ পাইপলাইন কৰাটো সহজ নাছিল । পানী যোগানৰ বাবে পাইপ লাইন কৰোতে কিমান সমস্যাৰ সন্মূখীন হও আমি জানো । প্ৰথমতে ময়ো ভাবিছিলো কিদৰে হ'ব । কিন্তু পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেডে কামটো সুন্দৰভাৱে আগবঢ়াই নিবলৈ সক্ষম হৈছে । আজি গীতানগৰৰ ১০১টা পৰিয়ালে পাইপ যোগে ৰন্ধন গেছ লাভ কৰিবলৈ সক্ষম হৈছে । গুৱাহাটীত ইয়াক সম্প্ৰসাৰণ কৰা হ'ব । এল পি জিতকৈ এইটো সহজ হ'ব । এই ব্যৱস্থা সুৰক্ষিত আৰু অৰ্থনৈতিকভাৱে সুবিধাজনক । গেছৰ আমাৰ অভাৱ নাই । আমি সকলোৱে লাহে লাহে ইয়াৰ সুবিধা ল'ব লাগে । আনহাতে অসমত ২৩ টা চি এন জি ষ্টেচন হৈছে । নেচনেল হাইৱেক সামৰি লৈ কৰিব লাগিব । বৰাক উপত্য়কাত আজি চি এন জি ষ্টেচন হৈছে ।"

Himanta Biswa Sarma inaugurated the gas supply project
গুৱাহাটীত পাইপলাইনৰে গেছ যোগান প্ৰকল্পৰ শুভাৰম্ভণি (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে কয়, "গুৱাহাটীত ৰিং ৰোড হোৱাৰ পাছত হাজো, বাইহাটা চাৰিআলি, শুৱালকুছি আদি অঞ্চল সঁচাকৈয়ে ৰিং এটাৰ বাট হ'ব । ডিচেম্বৰত গুৱাহাটী-উত্তৰ গুৱাহাটী দলং সম্পূৰ্ণ হ'ব । আনহাতে কামৰূপ আৰু কামৰূপ মহানগৰত ২০২৮ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত গেছ পাইপ লাইনেৰে সামৰি ল'ব বিচাৰিছো । ইতিমধ্যে ৭৬৫ কিলোমিটাৰ পলি থাইনেল পাইপলাইন কৰা হৈছে । ৪৩ কিলোমিটাৰ ষ্টিল পাইপলাইন কৰা হৈছে । পাইপৰ যোগেদি গেছৰ বাবে ৩০ হাজাৰ পৰিয়ালে পঞ্জীয়ন কৰিছে । ইতিমধ্যে ছয় হাজাৰ পৰিয়ালক দিয়াৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ।"

উল্লেখ্য যে তিনিটাকৈ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেড (এজিচিএল), অইল ইণ্ডিয়া লিমিটেড (অইল) আৰু গেইল গেছ লিমিটেড (জিজিএল)ৰ যৌথ প্রচেষ্টাত গঠন কৰা হৈছিল পূৰ্ব ভাৰতী গেছ প্রাইভেট লিমিটেড চমুকৈ পিবিজিপিএল । অসমৰ জনসাধাৰণক স্বচ্ছ, সুলভ আৰু নিৰ্ভৰযোগ্য শক্তি (ইন্ধন) যোগানৰ উদ্দেশ্যে গঠন কৰা পিবিজিপিএল সংস্থাটোৱে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত এক বহনক্ষম আৰু পৰিৱেশানুকূল ইন্ধন যোগান নিশ্চিত কৰাৰ ব্যৱস্থা হাতত লৈছে । যাৰ ফলশ্ৰুতিত প্রতিষ্ঠানটোৱে গুৱাহাটী মহানগৰীত জনসাধাৰণক ঘৰে ঘৰে পাইপ যোগে প্ৰাকৃতিক গেছ (পিএনজি) যোগানৰ কামত অগ্ৰসৰ হৈছে । ইয়াৰ জৰিয়তে জনসাধাৰণৰ লগতে স্থানীয় উদ্যোগ সমূহো উপকৃত হ'ব ।

ইয়াৰ বাবে প্ৰয়োজনীয় ৭৬৪.৯৫ কিলোমিটাৰ এমডিপিই পাইপলাইন আৰু ৪৩ কিলোমিটাৰ ষ্টিল পাইপ লাইন ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই ক্ষেত্ৰত ইতিমধ্যে ৩০,৬৯৩ গৰাকী ঘৰুৱা গ্ৰাহকে পঞ্জীয়ন কৰিছে আৰু ইয়াৰে ৬১৭৫ পৰিয়ালে সংযোগ লাভ কৰিছে । ইয়াৰ বাবে ১৩ টা চিএনজি ষ্টেচনৰ আন্তঃগাথনি নির্মাণ কৰা হৈছে । ইয়াৰে তিনিটা সম্পূৰ্ণ হৈছে ।

আনহাতে শিলচৰত বৰাক উপত্যকাৰ প্ৰথমটো চিএনজি ষ্টেচনো কালি মুকলি কৰা হয় । কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত পাইপ যোগে প্রাকৃতিক গেছ যোগানৰ বাবে ৬১৮ কিলোমিটাৰ এমডিপি আৰু ৩২ কিলোমিটাৰ ষ্টিল পাইপ লাইনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ বাবে মুঠ পঞ্জীকৃত ১৩,৬৯২ গৰাকী ঘৰুৱা গ্ৰাহকৰ ভিতৰত ১,৪৮৮ টা সংযোগ প্ৰদান কৰা হৈছে ।

ব্যয় হ'ব ২৬১৬.৯৫ কোটি টকা :

আঠ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লগা এই প্রকল্প কেইটাৰ বাবে ২৬১৬.৯৫ কোটি টকা ব্যয় হ'ব । এই প্রকল্প কেইটা সম্পূৰ্ণ হৈ উঠিলে ৰাজ্যবাসীৰ বিকাশৰ পথো প্রশস্ত কৰিব । উক্ত অনুষ্ঠানত মন্ত্রী জয়ন্ত মল্লবৰুৱা, মন্ত্রী বিমল বড়া, বিধায়িকা সুমন হৰিপ্ৰীয়া, মুখ্য সচিব ৰবি কোটা, পূৰ্ব ভাৰতী গেছ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা, অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ ইন্দ্র গগৈকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:১৩ মে'ত পুনৰ ৫০০ কোটি টকাৰ ঋণ : হিমন্ত বিশ্ব শর্মা চৰকাৰক ‘ধৰুৱা চৰকাৰ’ আখ্যা প্ৰদেশ কংগ্ৰেছৰ - ASSAM GOVT RBI LOAN

কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত : মুখ্যমন্ত্রীয়ে ক'লে সিদ্ধান্তসমূহ - DECISION OF CABINET MEETING