বিশ্বনাথ: বিশ্বনাথৰ ফলফলিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে উদ্বোধন কৰে উত্তৰ-পূবৰ প্ৰথমটো স্বয়ংক্ৰিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ । ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে গুপ্তকাশী বিশ্বনাথ ঘাটত কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভ উদ্বোধন আৰু নতুন প্ৰকল্পৰ শিলান্যাস কৰে । গুপ্তকাশী বিশ্বনাথ ঘাট নদীদ্বীপ উমাটুমণি সংযোগী ৰোপৱে'ৰ আধাৰশিলাও স্থাপনৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সূতা-কম্বলৰ বাহিৰে কংগ্ৰেছে একো নিদিয়ে :
বিশ্বনাথ চাৰিআলি কমলাকান্ত ক্ষেত্ৰত আয়োজন কৰা জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আমাক বিশ্বনাথবাসীয়ে বিশ্বাস কৰি ২০১৬ চনত মোৰ কথা শুনি ভোট দিলে বিজেপিক । যাৰ ফলত আজি আপোনালোকে উন্নয়ন দেখা পাইছে । আমাৰ কথা নুশুনি যদি কংগ্ৰেছক ভোট দিলেহেতেন তেন্তে কিজানি আজি বিশ্বনাথত মেডিকেল কলেজ নহ'লহেতেন, গুপ্তকাশী বিশ্বনাথ ঘাটত ৰোপ ৱে' নহ'লহেতেন । যদি কংগ্ৰেছক ভোট দিলেহেতেন তেতিয়া এখন লুঙি আৰু সূতা-কম্বলৰ বাহিৰে কংগ্ৰেছে একো নিদিলেহেতেন ।"
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "আজি আমাক ভোট দিয়া বাবে আমি বিশ্বনাথবাসীক মেডিকেল কলেজ দিছো, ষ্টেডিয়াম দিছো ,লগতে জিলাখন চাৰিওফালে উন্নতিৰ পথত এখোজ আগুৱাই গৈছে । ইফালে,বিশ্বনাথ মেডিকেল কলেজ আৰম্ভ হোৱাৰ লগে লগে বিশ্বনাথবাসী ৰাইজে লাভ কৰিব এখন জি এন এম স্কুল য'ত বি এছ চি নাৰ্ছিং স্কুলৰ লগতে পাঠ্যক্ৰম আৰম্ভ হ'ব, য'ত শ শ ছোৱালীয়ে নাৰ্ছিঙৰ প্ৰশিক্ষণ লৈ দেশৰ লগত দেশৰ বাহিৰতো সংস্থাপন লাভ কৰি উপকৃত হ'ব ।"
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "মই যি প্ৰতিশ্ৰুতি দিওঁ সেয়া পূৰণ কৰো । যিদৰে মই নিৰ্বাচনৰ সময়ত গহপুৰৰ পৰা নুমলীগড়লৈ এটা সুৰংগ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিলো, সেয়া আৰম্ভ হৈছে । গহপুৰ সমষ্টিত শ্বহীদ কনকলতা বৰুৱাৰ নামত এখন বিশ্ববিদ্যালয়ৰ দাবী আছিল, জিলাখনত তাৰো কাম আৰম্ভ হ'ব । অহা তিনি মাহৰ ভিতৰত গহপুৰত কনকলতা বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ হ'ব । এখন বিশ্ববিদ্যালয়ত এনে পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰি আছো য'ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ ছাত্র-ছাত্ৰীৰ কামত আহিব ।"
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "বিজেপি চৰকাৰ অহাৰ লগে লগে মানুহৰ মাজত ভয় নোহোৱা হ'ল । যোৱা ২০১৯ চনত আমি ৰাজ্যৰ ১৮ লাখ মহিলাক অৰুণোদয় আচঁনিৰ জৰিয়তে সহায় কৰিছিলো, এইবাৰ আমি ৪০ লাখ মহিলাক সেই আচঁনিত অন্তৰ্ভুক্ত কৰিম । ইফালে, বৰ্তমান ৰেচন কাৰ্ডখনৰ জৰিয়তে একমাত্ৰ চাউল লাভ কৰিব এনে নহয়, সেই কাৰ্ডখনৰ জৰিয়তে প্ৰতিটো পৰিয়ালে স্বাস্থ্য সেৱাৰ নামত ৫ লাখ টকা লাভ কৰাৰ লগতে অহা মাহৰ পৰা আমি কিজানি চাউলৰ সৈতে অতি কম মূল্যত দাইল, চেনিও যোগান ধৰিম ।"
আত্মসহায়ক গোটৰ মহিলাক দিব ৫০ হাজাৰকৈ টকা :
মুখ্যমন্ত্ৰীয়ে লগতে কয়, "বিজেপি চৰকাৰ অহাৰ লগে লগে দৰিদ্ৰ জনতা বহু উপকৃত হৈছে । আমি চিন্তা কৰিছো অহা ১ এপ্ৰিলৰ পৰা বিদ্যুৎ বিলত প্ৰতিটো ইউনিটত ১ টকা কমাই লোৱাৰ লগতে অহা ছেপ্টেম্বৰ-নৱেম্বৰ মাহত পুনৰ ১ টকা কমাই দি মুঠ বিদ্যুৎ বিলত প্ৰতি ইউনিটত ২ টকা ৰেহাই দিয়াৰ চিন্তা কৰা হৈছে । বিগত বিধানসভা উপ- নিৰ্বাচনৰ সময়ত আত্মসহায়ক গোটসমূহৰ মহিলাসকলক ১০ হাজাৰকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলো । সেই টকা নিদিয়ে বুলি কংগ্ৰেছে প্ৰচাৰ চলাই আছিল; কিন্তু এতিয়া সেই টকা ১ এপ্ৰিলত ৰাজ্যৰ ২৩ হাজাৰ আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া হ'ব । যদি অহা ২০২৬ চনত আপোনালোকে মোক মুখ্যমন্ত্ৰী বনাই সেই ১০ হাজাৰৰ সলনি ৫০ হাজাৰকৈ দিম ।"
দিলোৱাৰ-মহবুবুল সন্দৰ্ভত মন্তব্য় :
আনহাতে, ৰাজ্যত চৰ্চা চলি থকা এপেক্স বেংক সন্দৰ্ভত মুখ্যমন্ত্ৰীক সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কয়, "এপেক্স বেংকটো হৈছে অসমৰ জাতীয় অনুষ্ঠান । এই জাতীয় অনুষ্ঠানটোত দিলোৱাৰৰ দৰে এজন মানুহে দুৰ্নীতি হৈছে বুলি কৈ দিলেই দুৰ্নীতি হ'ব নেকি ? কিন্তু এপেক্স বেংকটো যে মৰি গৈছিল আমি উন্নতি কৰি আজি আন বেংকৰ দৰে সকলো স -সুবিধা ডিজিটেল কৰিবলৈ সক্ষম হৈছো সেয়াটো দিলোৱাৰে দেখা নাই । অসমত এটাই দুৰ্ভাগ্য় যে দিলোৱাৰৰ দৰে মানুহে যি কয় এচাম মানুহে তাকে বিশ্বাস কৰে আৰু দিলোৱাৰ-মহবুবুলৰ দৰে মানুহক খতম কৰিবলৈ আমি পিছলৈ ঘূৰি নাহো । সেইবোৰ মানুহক খতম কৰিবলৈকে বিজেপিৰ জন্ম হৈছে । এনেধৰণৰ মানুহক খতম কৰাত যদি কোনোবাই বেয়া পাই বা এই শ্ৰেণীৰ মানুহৰ বিৰুদ্ধে যদি যুদ্ধ কৰাত মোক কোনোবাই বেয়া পায় মোৰ আপত্তি নাই ।"
গৌৰৱ গগৈৰ পত্নী সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?
সাংসদ গৌৰৱ গগৈৰ পত্নী পাকিস্তানলৈ যোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "কাৰোবাৰ পাছপ'ৰ্টত ষ্টাম্পটো ৰাজনীতি কৰি মাৰি দিব পাৰি নেকি ? মইতো ইমান শক্তিশালী মানুহ নহয় । তেওঁলোকে কিয় আজিলৈকে পাকিস্তানলৈ যোৱা নাই বুলি ক'বলৈ সাহস কৰা নাই । আমাৰ দেশৰ ক্ৰিকেট দলকে পাকিস্তানলৈ যাবলৈ নিদিয়ে আৰু কোনোবা মনে মনে যাব সেইটো হ'ব নেকি ।"