বিদায়ী ৰাজ্যপালক সাক্ষাৎ কৰি কৃতজ্ঞতা-শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্রীৰ - Gulab Chand Kataria
Outgoing Governor Gulab Chand Kataria : ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰীত অসমৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰা গুলাব চান্দ কাটাৰিয়াই বিদায় ল'ব অসমৰ পৰা । পঞ্জাবৰ ৰাজ্যপাল আৰু চণ্ডিগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়াৰ পিচত নতুন দায়িত্বৰ বাবে অসম এৰাৰ পূৰ্বে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সপত্নীৰে বিদায় সম্বাষণ জনালে গুলাব চান্দ কাটাৰিয়াক ।

Published : July 30, 2024 at 12:49 PM IST
গুৱাহাটী, ৩০ জুলাই : ৰাজভৱনত মঙলবাৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সপত্নীৰে বিদায়ী ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু তেওঁৰ সহধৰ্মিণী অনিতা কাটাৰিয়াক সাক্ষাৎ কৰি বিদায় সম্বাষণ জ্ঞাপন কৰে । সাক্ষাতৰ মুহূৰ্তত ৰাজ্যপালগৰাকীক অসমবাসীৰ হৈ ৰাজ্যৰ প্ৰতি অনবদ্য সেৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁৰ নতুন ৰাজ্যপালৰ ভূমিকাৰ বাবে মুখ্যমন্ত্রীয়ে শুভেচ্ছা জ্ঞাপন কৰে ।
উল্লেখ্য যে, ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক গুলাব চান্দ কাটাৰিয়াৰ স্থানত অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । আনহাতে, অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল আৰু চণ্ডিগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়া হৈছে ।
গুলাব চান্দ কটাৰিয়াৰ ৰাজনৈতিক পৰিক্ৰমা :
গুলাব চান্দ কটাৰিয়াই ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰীত অসমৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল । গুলাব চান্দ কটাৰিয়াৰ ঘৰ ৰাজস্থানৰ উদয়পুৰত । অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী আৰু ৰাজস্থান বিধানসভাৰ বিৰোধী দলৰ নেতা আছিল ।
তেওঁ ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৰাজস্থান চৰকাৰৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ২০০৪ চনৰ ৩১ মে’ৰ পৰা ২০০৮ চনৰ ৮ ডিচেম্বৰলৈকে আৰু পুনৰ ২০১৫ চনৰ পৰা ২০১৮ চনলৈকে ৰাজস্থান চৰকাৰৰ অধীনত গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ৰাজস্থানৰ বিজেপি দলৰ জ্যেষ্ঠ নেতা হোৱাৰ উপৰি দলটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য হিচাপেও সেৱা আগবঢ়াইছিল ।
উদয়পুৰৰ বাসিন্দা হিচাপে কাটাৰিয়াই নৱম লোকসভাত উদয়পুৰ চহৰক প্ৰতিনিধিত্ব কৰিছে । ২০০২ চনৰ ২৪ আগষ্টৰ পৰা ২০০৩ চনৰ ডিচেম্বৰলৈকে, ২০১৩ চনৰ ২১ ফেব্ৰুৱাৰীৰ পৰা ২০১৩ চনৰ ১০ ডিচেম্বৰলৈ আৰু ২০১৯ চনৰ ১৭ জানুৱাৰীৰ পৰা অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱালৈকে ৰাজস্থান বিধানসভাত বিৰোধী দলৰ নেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।
আনহাতে, গুলাব চান্দ কাটাৰিয়াই ১৯৯৩ চনৰ পৰা ১৯৯৮ চনৰ ভেৰৱ সিং শ্বেখাৱত চৰকাৰৰ অধীনত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০০৩ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০০৪ চনৰ ৩০ মে’লৈকে তেওঁ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৩ চনৰ পৰা ২০১৫ চনলৈ তেওঁ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
ভূগোলত স্নাতকোত্তৰ ডিগ্ৰী গুলাব চান্দ কটাৰিয়াৰ :
উদয়পুৰৰ মোহনলাল সুখাদিয়া বিশ্ববিদ্যালয়ৰ পৰা ভূগোলত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কাটাৰিয়াই সেই বিশ্ববিদ্যালয়ৰ পৰাই আইন বিষয়ত অধ্যয়ন কৰিছিল । দীঘলীয়া ৰাজনৈতিক জীৱনৰে পুষ্ট কাটাৰিয়াই এতিয়া পঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডিগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক হিচাপে দায়িত্ব পালন কৰিব ।

