ETV Bharat / state

বাৰগঞা সমাজৰ হেজাৰী ভাওনা মহোৎসৱ চালে মুখ্যমন্ত্ৰীয়ে - HEJARI BHAONA MAHOTSAV

নগাঁও চহৰত নিৰ্মিয়মান ড৹ ভূপেন হাজৰিকা কলাতীৰ্থ, মৰিকলং বিলৰ সৌন্দৰ্যবৰ্ধনৰ কামো পৰিদৰ্শন মুখ্য়মন্ত্ৰীৰ ।

Hejari Bhaona Mahotsav in Nagaon
বাৰগঞা সমাজৰ হেজাৰী ভাওনা মহোৎসৱত ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 15, 2025 at 10:51 PM IST

2 Min Read

নগাঁও: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ শুভ উদ্বোধন কৰা অনুষ্ঠানত অংশগ্রহণ কৰি শনিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় নগাঁৱত ।

দেৰগাঁৱৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে ওভতাৰ পথত সন্ধিয়া নগাঁৱৰ কৰৈয়নীৰ বাৰগঞা সমাজৰ হেজাৰী ভাওনা মহোৎসৱত অংশগ্রহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বাৰগঞা সমাজৰ হেজাৰী ভাওনা মহোৎসৱত ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

হেজাৰী ভাওনা মহোৎসৱত অংশগ্রহণ কৰি সেৱা আগবঢ়াই মন্দিৰটোৰ উন্নয়নৰ বাবে পৰ্যাপ্ত সহায় আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "আজি এই বাৰগঞা মন্দিৰলৈ আহি ইয়াত জ্বলি থকা অক্ষয়বন্তিগছিত সেৱা জনাও । স্থানীয় ৰাইজৰ লগত কথা-বতৰা হোৱাৰ সৌভাগ্য় হ'ল ।" বাৰগঞা সমাজৰ হেজাৰী ভাওনা মহোৎসৱত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধিয়া নগাঁও চহৰৰ ছয়আলি অঞ্চলত নিৰ্মিয়মান ড৹ ভূপেন হাজৰিকা কলাতীৰ্থৰ কামকাজ পৰিদৰ্শন কৰে । ইয়াৰ পাছতে মুখ্যমন্ত্রীয়ে মৰিকলং বিলত চলি থকা সৌন্দৰ্যবৰ্ধনৰ কাম-কাজো পৰিদৰ্শন কৰি বুজ লয় ।

উল্লেখিত দুয়োটা প্ৰকল্প চলিত বর্ষত ৰাইজৰ বাবে মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰে । মৰিকলং বিল এসময়ত বেদখলকাৰীৰ কৱলত পৰাৰ উপৰি সমগ্ৰ অঞ্চলটো জাবৰৰ দ’মেৰে কদৰ্যময় হৈ আছিল । স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত পুনৰ প্ৰাণ পাই উঠিবলৈ ধৰিছে মৰিকলং বিলে । ইপিনে, নগাঁও-কাৰ্বি আংলং সীমান্তত হাতী আৰু মানুহৰ সংঘাত ৰোধৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা 'হাতীবন্ধু' নামৰ প্ৰকৃতিপ্ৰেমী সংস্থাটোৱে 'অসম গৌৰৱ বঁটা' লাভ কৰাৰ পাছত শনিবাৰে সংস্থাটোৰ তৰফৰ পৰা বিনোদ দুলু বৰা আৰু মেঘনা ময়ূৰ হাজৰিকাই সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীক ।

লগতে পঢ়ক:দেৰগাঁৱৰ কাৰ্যসূচী সামৰি মিজোৰামলৈ ৰাওনা গৃহমন্ত্ৰী অমিত শ্বাহ - AMIT SHAH LEAVES FOR MIZORAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.