ETV Bharat / state

যিকোনো অনুষ্ঠান-প্ৰতিষ্ঠান গঢ় লৈ উঠাত বিভিন্ন ব্য়ক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে: মুখ্যমন্ত্রী - SCHOOL GOLDEN JUBILEE IN SILCHAR

শিলচৰ ৰামকৃষ্ণ মিছনৰ শতবৰ্ষ আৰু দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

Deshbhakt Tarunram Phukan Higher Secondary School
দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 18, 2025 at 4:27 PM IST

2 Min Read

শিলচৰ : এদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে শিলচৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ পুৱা শিলচৰ ৰামকৃষ্ণ মিছনৰ শতবৰ্ষ উদযাপন উপলক্ষে মিছন চৌহদত নিৰ্মিত এটি নতুন মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে কলকাতাৰ বেলুৰমঠৰ গিৰিচানন্দজী মহাৰাজ ।

ৰামকৃষ্ণ মিছনৰ অনুষ্ঠান সমাপ্ত কৰি বৰাক উপত্যকাৰ একমাত্ৰ অসমীয়া মাধ্যমৰ বিদ্যালয় দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত ইতিহাসে গৰকা বিদ্য়ালয়খনৰ অতীত স্মৃতি ৰোমন্থন কৰি কয়," বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে আপোনালোকৰ মাজত উপস্থিত হ'বলৈ পাই মই নথৈ আনন্দিত হৈছো । এই শুভক্ষণত মই বৰ্তমানৰ আৰু পূৰ্বৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো । যিকোনো অনুষ্ঠান-প্ৰতিষ্ঠান গঢ় লৈ উঠাত বিভিন্ন পৰ্যায়ৰ বিভিন্ন ব্য়ক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে । তেওঁলোকক অনুষ্ঠানখনৰ নিৰ্মাতা বুলি কোৱা হয় ।"

দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, "আমাৰ এইখন দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জন্ম আৰু প্ৰতিপালনৰ সৈতে বহুতো বিদ্য়ানুৰাগী আৰু অনুষ্ঠানৰ নাম জড়িত হৈ আছে । এইক্ষেত্ৰত আমি অসম সাহিত্য় সভাৰ নাম উল্লেখ কৰিবই লাগিব ।"

অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কৃষ্ণেন্দু পালসহ কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি । বিদ্যালয়খনত মুখ্যমন্ত্ৰীক আদৰণি জনায় বিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক:ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিবলৈ প্ৰথমখন চৰকাৰী বিদ্যালয় সাজু - CM AT BEZERA HS SCHOOL

চৰকাৰী বিদ্যালয়ৰ পুতৌজনক ছবি; এজন শিক্ষকেই পঢ়াইছে ছটা শ্ৰেণীৰ ৫৩ গৰাকী শিক্ষাৰ্থীক - TINSUKIA SCHOOL WORST CONDITION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.