গুৱাহাটী: জেঠ মাহত বিহু অনুষ্ঠানৰ আয়োজন নকৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কি কাৰণে ব'হাগ বিহুৰ অনুষ্ঠান জেঠত আয়োজন কৰিব নালাগে তাৰো কাৰণ ব্য়াখ্য়া কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । ভাৰত-পাকিস্তানৰ মাজত যুদ্ধৰ পৰিৱেশৰ মাজতে মুখ্যমন্ত্ৰীৰ আহ্বানত হঠাতেই বন্ধ হৈ পৰিছিল বিহুৰ অনুষ্ঠান । এতিয়া এই পৰিস্থিতিৰ শাম কাটিলেও অহা ১৫ মে’ৰ আগত বিহু পাতিবলৈ কিয় ক'লে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।
কেইদিনমান পূৰ্বে X ৰ যোগেদি বিহুৰ অনুষ্ঠান বন্ধ কৰাৰ বাবে আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ আহ্বানমৰ্মে ১০ মে’ৰ পিছত বিহুৰ অনুষ্ঠান বাতিল কৰিছিল বিহু উদযাপন কমিটীসমূহৰ লগতে শিল্পীসকলে । এতিয়া ভাৰত-পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে । সেয়েহে এই সময়তে এতিয়া বিহু উদযাপন কমিটীসমূহৰ মনত প্ৰশ্নৰ উদয় হৈছে যে বিহুৰ বাকী থকা অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিব পাৰিব নে নোৱাৰে ?
এই সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক কাৰ্যসূচীত উপস্থিত হৈ বিহু অনুষ্ঠান প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "১৪ মে' মানে সম্পূৰ্ণ ব'হাগ মাহ পাৰ হৈ যাব । জেঠ মাহত বিহু পাতিলে ৰাইজেও বেয়া পায় । গতিকে কোনোবাই যদি পালন কৰিবলগীয়া আছে অহা দুটা-তিনিটা দিনত বিহু পাতি শেষ কৰিলে মোৰ কোনো আপত্তি নাই; কিন্তু জেঠত অবতৰীয়া বিহু পাতিলে আমাৰ যিটো জাতীয় জীৱন বা আমাৰ যি পৰম্পৰা সি কষ্ট পায় । "
মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "এটাতো আমি সেনা বাহিনী বা ভাৰত-পাকিস্তানৰ বাবে কৈছিলো; কিন্তু জেঠত বিহু পতাটো ঠিক নহয় । এতিয়া কিছুমানে পেণ্ডেল সাজি থৈছে বা মাইক ভাৰা দি থৈ দিছে, তেনেকুৱা দুই এখন বিহু এই দুদিনত শেষ কৰি দিলে ক'ব লগা নাই । কিন্তু ১৫ মে’ৰ আগত বিহু পতা উচিত । আমাৰ বাপতি সাহোন বিহুটিৰ অসন্মান হ'ব নালাগে । গতিকে সেই কঠাটো ৰাইজে দৃষ্টি ৰাখিব । যিটো কথাৰ কাৰণে মই আবেদন কৰিছিলো সেই কথাটো এতিয়া নাই; কিন্তু এতিয়া এজন অসমীয়া ল'ৰা হিচাপে, যুৱক হিচাপে, ব্য়ক্তি হিচাপে অনুৰোধ কৰিম যে ব'হাগৰ বিহুটিক জেঠলৈ টানি লৈ নাযাব ।"