অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প কিয় ? কংগ্ৰেছ অধ্য়ক্ষৰ পুত্ৰৰ মন্তব্যক সমালোচনা মুখ্যমন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰীৰ - Priyank Kharge on Semi Conductor
Controversial comment of Priyank Kharge : কৰ্ণাটকৰ কংগ্ৰেছী মন্ত্ৰী প্ৰিয়ংক খাৰ্গেৰ বিতৰ্কিত মন্তব্য়ই জোকাৰিছে কংগ্ৰেছক । কি কৈছিল কংগ্ৰেছ অধ্যক্ষ খাৰ্গেৰ পুত্ৰই ? কিয় এই মন্তব্য়ৰ বাবে অসমত বিজেপিৰ সমালোচনাৰ কাঠগড়াত থিয় হ’বলগীয়া হৈছে কংগ্ৰেছ ?

Published : September 28, 2024 at 7:30 PM IST
গুৱাহাটী, ২৮ ছেপ্টেম্বৰ: অসমৰ জাগীৰোডত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা ২৭০০০ কোটি টকীয়া ছেমি কণ্ডাক্টৰ উদ্যোগক লৈ কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেই কৰা মন্তব্য l খড়্গহস্ত হৈছে বিজেপি নেতৃত্ব । মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় বৈদেশিক ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটালৈকে প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷
কি কৈছিল কংগ্ৰেছ অধ্যক্ষ খাৰ্গেৰ পুত্ৰই ?
এ আই চি চিৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে কৰ্ণাটকৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ ইলেকট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী । দুদিন পূৰ্বে তেওঁ X হেণ্ডেলত অসমৰ জাগীৰোডত স্থাপন কাৰ্য আৰম্ভ কৰা ছেমি কণ্ডাক্টৰ উদ্যোগটোক লৈ আপত্তি দৰ্শাই মন্তব্য কৰে ।
২৭০০০ কোটি টকা বিনিযোগ সাপেক্ষ ৩০ হাজাৰ লোকক প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্থাপন দিব বুলি ধাৰণা কৰা নিৰ্মিয়মান ছেমি কণ্ডাক্টৰটো কৰ্ণাটকত স্থাপন নকৰি অসমত স্থাপন কৰাটো অন্যায় বুলি মন্তব্য কৰিছে। প্ৰিয়াংক খাৰ্গেই X হেণ্ডেলত উল্লেখ কৰে,“পাঁচটা ছেমিকন মেনুফেকচাৰিং ইউনিট, তাৰে চাৰিটা গুজৰাটত আৰু এটা অসমত, কিন্তু তাত তেওঁলোকৰ দক্ষতাৰ ইক’চিষ্টেম নাই । তাত তেওঁলোকৰ গৱেষণাৰ পৰিৱেশ তন্ত্ৰ নাই । তেঁওলোকৰ স্ফুটনৰ পৰিৱেশ তন্ত্ৰ নাই। তেওঁলোকৰ উদ্ভাৱনৰ পৰিৱেশ তন্ত্ৰৰ ব্যৱস্থা নাই... ৭০% চিপ ডিজাইনিং প্ৰতিভা কৰ্ণাটকত থকা অৱস্থাত, চৰকাৰে ৰাজনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি কিয় আন এখন ৰাজ্যলৈ ঠেলি দিব বিচাৰে সেয়া মই বুজি নাপাওঁ। সেয়া অন্যায় ।” প্ৰিয়ংক খাৰ্গেৰ এই মন্তব্যৰ বাবে এতিয়া অসমত বিজেপিৰ প্ৰশ্ন আৰু সমালোচনাৰ কাঠগড়াত থিয় হ’বলগীয়া হৈছে কংগ্ৰেছ দল ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছক সমালোচনা:
মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰৰ মন্তব্যত উভতি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়," কংগ্ৰেছে অসম বিৰোধী স্থিতি পৰিহাৰ কৰক । " শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ X হেণ্ডেলত খাৰ্গে পুত্ৰৰ মন্তব্যক বিভাজনমুখী মন্তব্য আখ্যাৰে কয়,“ আকৌ এবাৰ কংগ্ৰেছে অসমৰ উন্নয়নৰ বিৰোধিতা কৰি নিজৰ আচল ৰং দেখুৱাইছে । কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ পুত্ৰৰ দাবী, অসমৰ অৰ্ধপৰিবাহী উদ্যোগ প্ৰতিষ্ঠা কৰাৰ কোনো অধিকাৰ নাই ! অসম কংগ্ৰেছৰ নেতাসকলক এই বিভাজনমূলক চিন্তাধাৰাক নাকচ কৰি অসমৰ সঠিক বিকাশ আৰু প্ৰগতিৰ বাবে থিয় দিবলৈ আহ্বান জনাইছো ।”
অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰীৰ:
মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰৰ অসমৰ ছেমিকণ্ডাক্টৰ উদ্য়োগক লৈ কৰা মন্তব্যক কঠোৰ সমালোচনাৰ কেন্দ্ৰীয় বৈদেশিক ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ । শনিবাৰে নতুন দিল্লীত এখন সংবাদমেলত তেওঁ কংগ্ৰেছ নেতৃত্বক অসমৰ উন্নয়ন বিৰোধী এনে মন্তব্যৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ আহ্বান জনায় ৷ সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়,“জাগীৰোডত স্থাপন হ’বলগীয়া ২৭০০০ কোটি টকা ব্যয় সাপেক্ষ ছেমি কণ্ডাক্টৰ এছেম্বলিং আৰু টেষ্টিং প্ৰকল্পটোৰ বিৰোধিতা কৰি কংগ্ৰেছ নেতৃবৃন্দই যি মন্তব্য কৰিছে তাক মই গৰিহণা দিছো । সদায় বাতৰিৰ শিৰোনামত থাকিব বিচৰা কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰা স্পষ্টীকৰণ বিচাৰিছো । কংগ্ৰেছৰ দ্বিতীয় শীৰ্ষ স্থানৰ পৰিয়ালৰ সদস্য প্ৰিয়ংক খাৰ্গেই অসমৰ উন্নয়নৰ প্ৰক্ৰিয়াটোৰ বিৰুদ্ধাচৰণ কৰি কথা কৈছে । এই প্ৰকল্পৰ বিৰোধিতা কৰাই নহয়, ভৱিষ্যতে যাতে অসমলৈ কোনোধৰণৰ উদ্যোগ নাহে তাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে এনে একাংশ কংগ্ৰেছ শীৰ্ষ নেতা । প্ৰিয়ংক খাৰ্গেৰ বক্তব্যই স্পষ্ট কৰিছে কংগ্ৰেছ দলৰ অসমৰ উন্নয়ন বিৰোধী স্থিতিৰ কথা ৷”
ইপিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰী পৰ্যন্ত প্ৰিয়ংক খাৰ্গেৰ মন্তব্যক লৈ সমালোচনাত মুখৰ হৈ পৰিছে যদিও বৰ্তমানলৈ অসম কংগ্ৰেছৰ নেতৃত্বই এই প্ৰসংগত আনুষ্ঠানিক মন্তব্য কৰাৰ পৰা বিৰত আছে ৷

