গুৱাহাটী : পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দুদিন পূৰ্বেই অৰ্থাৎ বুধবাৰে (৩০ এপ্ৰিল) ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল । ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মঙলবাৰে সামাজিক মাধ্যমযোগে আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰিছে ।
সেই অনুসৰি বুধবাৰে পুৱা ৯ বজাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা ২০২৫ৰ ফলাফল ৱেবছাইটযোগে ঘোষণা কৰিব ৷ ইয়াৰ পিছতেই শিক্ষাৰ্থীৰ মনত আৰম্ভ হৈছে উৎকন্ঠা ।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই পৰীক্ষাৰ ফলাফল সন্দৰ্ভত সামাজিক মাধ্যমত শিক্ষামন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখ কৰিছে, “মই জনাবলৈ পাই সুখী যে কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ উচ্চতৰ মাধ্যমিক ২০২৫ৰ ফলাফল অহা কাইলৈ (৩০-০৪-২০২৫) পুৱা ৯:০০ বজাত ঘোষণা কৰা হ’ব । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডে আজি জাননী প্ৰকাশ কৰিব । এইবাৰ মুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।”
My best wishes to each and every candidate who appeared for the HS examination, as the results will be announced tomorrow. https://t.co/UNjV7qxnBr
— Himanta Biswa Sarma (@himantabiswa) April 29, 2025
আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত কৰিছে মন্তব্য় । মৰিগাঁৱত বুধবাৰে এখন সভাত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত সাংবাদিকৰ আগত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ কথা তেওঁ নিশ্চিত কৰিছে ।
I am pleased to inform that the Higher Secondary 2025 results for the Arts, Science, Commerce, and Vocational streams will be declared tomorrow (30-04-2025) at 9:00 AM. The ASSEB will issue official notification shortly. A total of 3,02,420 students appeared for the HS…
— Ranoj Pegu (@ranojpeguassam) April 29, 2025
সামাজিক মাধ্যমযোগে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সামাজিক মাধ্যম X ত দিয়া পোষ্ট শ্বেয়াৰ কৰি পৰীক্ষাৰ্থীসকললৈ মুখ্য়মন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনাই কয়, “কাইলৈ ঘোষিত হ’বলগীয়া উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভ কামনা জ্ঞাপন কৰিলো ।”

১২ টা ৱেবছাইটত প্ৰকাশ পাব ফলাফল :
পৰীক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ১২ টা ৱেবছাইটত চাব পাৰিব ৷ এই কথা মঙলবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিছে । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথ স্বাক্ষৰিত এক জাননীত প্ৰকাশ কৰা মতে, "বুধবাৰে পুৱা ৯ বজাৰ লগে লগে পৰীক্ষাৰ ফলাফলবোৰ আৰু ডিজিটেল মাৰ্কশ্বীট ১২ টা ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব পৰীক্ষাৰ্থী সকলে ।"

1. https://ahsec.assam.gov.in
2. https://www.assamresult.in
3. https://assamjobalerts.com
4. https://www.indiaresults.com
5. http://www.schools9.com
6. https://www.results.shiksha
7. https://www.iresults.in
8. https://jresults.net
9. https://www.vidyavision.com
10. https://www.jagranjosh.com
11. https://www.ndtv.com
12. https://indianexpress.com
আনহাতে ‘উপলব্ধ’ নামৰ এণ্ড্ৰইড এপটো Google Play Store ৰ পৰা ডাউনলোড কৰি পৰীক্ষাৰ্থীসকলে এই এপটোৰ জৰিয়তে পৰীক্ষাৰ ফলাফল আৰু মার্কশ্বীট ডাউনলোড কৰিব পাৰিব ।