পিজিআৰ-ভিজিআৰৰ ভূমি বেদখলৰ প্ৰসংগক লৈ তৎপৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ - PGR VGR LAND ENCROACHMENT
Land Encroachment Issue : পিজিআৰ-ভিজিআৰৰ ভূমি বেদখলৰ প্ৰসংগক লৈ পুনৰ তৎপৰ হৈ উঠিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ৷ ডিফুৰ মাটিপুংস্থিত আৰবৰেটামত এই সন্দৰ্ভত আজি এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয় ৷

Published : June 12, 2024 at 9:55 PM IST
ডিফু, 12 জুন : কাৰ্বি আংলং জিলাৰ পিজিআৰ-ভিজিআৰৰ ভূমি বেদখলৰ প্ৰসংগক লৈ পুনৰ তৎপৰ হৈ উঠিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ৷ উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে দুয়োখন পাহাৰীয়া জিলাতে পিজিআৰ-ভিজিআৰৰ ভূমি বেদখল, উচ্ছেদৰ প্ৰসংগক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰাও এই সন্দৰ্ভত জিলা দুখনৰ সকলো ৰাজনৈতিক -অৰাজনৈতিক দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে উল্লিখিত ভূমি বেদখল মুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল ৷ এনে পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ তৎপৰতা আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত পিজিআৰ-ভিজিআৰৰ প্ৰসংগ তল পৰি আছিল ৷ কিন্তু নিৰ্বাচনৰ পাচতে বিষয়টোক লৈ পুনৰ তৎপৰ হৈ উঠিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ৷
ডিফুৰ মাটিপুংস্থিত আৰবৰেটামত এই সন্দৰ্ভত আজি এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয় ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই উচ্চস্তৰীয় বৈঠকত প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহ কৰি 12 জুলাইত পুনৰ বৈঠকত মিলিত হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ এইক্ষেত্ৰত আলাপ-আলোচনাৰ মাজেৰে বিষয়টো সমাধান কৰা হʼব বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সংবাদ মাধ্যমক ব্যক্ত কৰে ৷
আনহাতে ফুলনি আৰু ডংকামোকাম ৰাজহ চক্ৰৰ অধীনত প্ৰায় 14 হাজাৰ বেদখলকাৰী পিজিআৰ-ভিজিআৰ এলেকাত থকা বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় ৷ আজিৰ এই উচ্চস্তৰীয় বৈঠকত প্ৰাক্তন সাংসদ হৰেণছিং বেʼ, ডাঃ জয়ন্ত ৰংপি, প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাং, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জৎচন বেʼ, প্ৰাক্তন বিধায়ক ধৰমছিং টেৰণ, বিধায়ক দৰছিং ৰংহাং, বিদ্যাছিং ইংলেং তথা পৰিষদৰ শীৰ্ষ বিষয়ববীয়া সকল উপস্থিত থাকে ৷
লগতে পঢ়ক : বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ অত্যাৱশ্যকীয় খাদ্য় সামগ্ৰী মজুতৰ নিৰ্দেশ - Assam Flood 2024

