ETV Bharat / state

বনৌষধি চিকিৎসাৰে সেৱা আগবঢ়োৱা এগৰাকী নীৰৱ সেৱক

বিজ্ঞানৰ চৰম অগ্ৰগতিৰ সময়তো বনৌষধি চিকিৎসাৰ গুৰুত্ব আজিও হ্ৰাস পোৱা নাই ।

herbal medicine treatment service provided by Motura Pegu of jonai
বনৌষধিৰে চিকিৎসা সেৱা আগবঢ়োৱা জোনাইৰ মটুৰা পেগু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 13, 2025 at 4:02 PM IST

|

Updated : September 14, 2025 at 12:12 AM IST

3 Min Read
Choose ETV Bharat

জোনাই: শস্য-শ্যামলা জীপাল দেশ অসম ৷ অতীজৰে পৰা অসম ইয়াৰ প্ৰাকৃতিক সম্পদৰাজিৰ বাবে দেশী-বিদেশী লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে ৷ অসমৰ বুৰঞ্জীৰ লগতো এই প্ৰাকৃতিক সম্পদৰাজি আৰু বনৌষধি ওতঃপ্ৰোতভাৱে জড়িত ৷ ৰোগ-চিকিৎসাৰ বাবে বহু দূৰৰ পৰা অসমৰ বৈদ্য-কবিৰাজ সকলৰ ওচৰলৈ ৰোগী অহাৰ কথা ইতিহাসে সাক্ষ্য বহন কৰে ৷

যিসমূহ বনৌষধিয়ে এসময়ত আন লোকৰ চিকিৎসাৰ মহৌষধ হিচাপে কাম দিছিল সেই বনৌষধি সামগ্ৰীসমূহে আজিও অসমীয়া গাঁৱলীয়া সমাজত এক সুকীয়া স্থান বহন কৰি আহিছে ৷ বহুতো বনৌষধিৰ গুণাগুণ বিজ্ঞানে নিশ্চত কৰিছে যদিও বহুতো বনৌষধিৰ গুণাগুণ আজিও প্ৰশ্ন আৱৰ্ততেই আছে ৷ বনৌষধি চিকিৎসা সেৱাক ধৰি ৰখাৰ চেষ্টা কৰি নীৰৱে চিকিৎসা চলাই আহিছে জোনাইৰ এজন লোকে।

বনৌষধিৰে চিকিৎসা সেৱা আগবঢ়োৱা জোনাইৰ মটুৰা পেগু (ETV Bharat Assam)

জোনাইৰ কেমি জেলম পঞ্চায়তৰ অন্তৰ্গত ওপৰ চিৰুং গাঁৱৰ মটুৰা পেগুৱে বহু বছৰ আগৰে পৰাই বিভিন্ন ৰোগত আক্রান্ত লোকসকলক বনৌষধৰ জৰিয়তে চিকিৎসা কৰি সুস্থ হৈ পৰাত বিভিন্ন সংগঠন তথা অসম চৰকাৰৰ পৰাও তেওঁক বঁটা প্ৰদান কৰা হৈছে । বিশেষকৈ মানুহৰ হাড় ভঙা, কৰ্কট, ছাইনাছ আদি বিভিন্ন ৰোগৰ বনৌষধৰে চিকিৎসা কৰে মটুৰা পেগুৱে ।

বনৌষধি গছবোৰ কৰ পৰা সংগ্ৰহ কৰে ?

এই সন্দৰ্ভত মটুৰা পেগুৱে কয়, "বনৌষধি গছ বা লতাবোৰ পাহাৰ অথবা পবা বনাঞ্চলৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হয় যদিও এইবোৰ ক্রমে পাবলৈ নোহোৱা হোৱাত নিজৰ বাৰীতে ৰুই সংৰক্ষণৰ ব্যৱস্থা কৰিছো ।"

herbal medicine treatment service provided by Motura Pegu of jonai
বনৌষধিৰে চিকিৎসা সেৱা আগবঢ়োৱা জোনাইৰ মটুৰা পেগু (ETV Bharat Assam)

বন ঔষধিৰে কি কি বেমাৰ চিকিৎসা কৰে ?

মটুৰা পেগুৱে ভৰি বিষ, কঁকাল বিষ, হাত-ভৰি ভঙা, কেন্সাৰ, ছাইনাছ আদি বেমাৰ বনৌষধিৰে চিকিৎসা কৰি শ শ লোক আৰোগ্য হৈছে বুলি তেওঁ কয় । তেওঁৰ ওচৰত চিকিৎসা কৰি সুস্থ হোৱা এজন জোনাইৰে যুৱকে জানিবলৈ দিয়া মতে যুৱকজনৰ মুখত আৰু গুপ্ত অংশত কেন্সাৰ সদৃশ ৰোগ হৈছিল । যুৱকজনে মটুৰা পেগুৰ ওচৰত বনৌষধিৰে চিকিৎসা কৰি সুস্থ হৈ বৰ্তমান সুন্দৰকৈ জীৱন নিৰ্বাহ কৰি আছে । চিকিৎসাৰ বাবে তেওঁৰ ওচৰলৈ নিজ অঞ্চলৰ বাহিৰেও ডিব্ৰুগড়, বহিঃৰাজ্য অৰুণাচলৰ পাছিঘাট, মাজুলী, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি আদিৰ পৰা ৰোগী আহে চিকিৎসা কৰিবলৈ ।

herbal medicine treatment service provided by Motura Pegu of jonai
বনৌষধিৰে চিকিৎসা সেৱা আগবঢ়োৱা জোনাইৰ মটুৰা পেগু (ETV Bharat Assam)

তেওঁ লাভ কৰা বঁটা:

২০২১ চনত হায়দৰাবাদত ইণ্টাৰনেচনেল এক্রিডিটেচন অৰ্গেনাইজেচনৰ তত্বাৱধানত আৰু হলিষ্টিক মেডিচিন ৰিছাৰ্চ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত কৰা পৰম্পৰা চিকিৎসা গৱেষণা অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ লগতে অসমৰ পৰাও অংশগ্রহণ কৰি জোনাইৰ ওপৰ চিৰুং গাঁৱৰ মটুৰা পেগুৱে লাভ কৰে ইণ্টাৰনেচনেল অৱ ট্ৰেডিচনেল হিলাৰ বঁটা লাভ কৰাৰ উপৰি বিভিন্ন অনুষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক:আপোনাৰ আশে-পাশে উপলব্ধ শৰীৰৰ বাবে উপকাৰী এইসমূহ বনৌষধি-শাক, জানক কি কি ?

বনৌষধিৰ সম্ৰাটৰ মৃত্যুৰ লগে লগেই যেন সকলো শেষ...

Last Updated : September 14, 2025 at 12:12 AM IST