গুৱাহাটী: সদ্যহতে বিহু বুলিয়েই হওক বা আন কাৰণতেই হওক উজনিৰ ফালৰ পৰা গুৱাহাটীলৈ অহাৰ পৰিকল্পনা আছে নেকি ? তেনেহ'লে পৰিহাৰ কৰক সেই পৰিকল্পনা । যদিহে আপোনাৰ অত্যন্ত গুৰুত্বপূৰ্ণ কোনো কাম নাই, তেনেহ'লে গুৱাহাটীলৈ নহাটোৱেই শ্ৰেয় । কাৰণ গুৱাহাটীলৈ আহিলে যমৰ-যাতনাৰ সন্মুখীন হ'ব ।
বিশেষকৈ উজনি অসম, মধ্য অসমৰ পৰা অহা লোকসকলে সন্মুখীন হ'ব এই সমস্যাৰ । কিয়নো সোণাপুৰৰ পৰা খানাপাৰালৈ বিগত কিছুদিনৰ পৰা সৃষ্টি হৈছে ভয়ংকৰ যান-জঁটৰ । গুৱাহাটী অভিমুখে অহা বাহনসমূহ ভয়ংকৰ যান-জঁটৰ ফলত সোণাপুৰৰ পৰা ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে ।
খানাপাৰাৰ ৰাজপথৰ কিছু অংশৰ পুনৰ নিৰ্মাণ কৰি থকাৰ বাবে এই তীব্ৰ যান-জঁট সৃষ্টি হৈছে । সোণাপুৰৰ পৰা খানাপাৰালৈ এই তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে । যাৰ বাবে কিছুদিনৰ পৰা সময় মতে গুৱাহাটীত সোমাব পৰা নাই কোনো বাহন ।
বুধবাৰেও উজনি অসমৰ লগতে মেঘালয়ৰ পৰা অসম অভিমুখে অহা প্ৰতিখন সৰু-বৰ বাহন এই যান-জঁটত আবদ্ধ হৈ পৰিছে । আনহাতে, যোৰাবাটৰ পৰা খানাপাৰা দিশত থকা প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও ভুগিবলগা হৈছে যমৰ-যতনা ।
ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাৰ চৰম ভুলৰ বাবেই যমৰ-যতনা ভুগিবলগা হৈছে সাধাৰণ জনতাই । পহিলা এপ্ৰিলৰ পৰা পথ মেৰামতি কৰাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ আহিছে । অৱশ্যে বিগত দিনকেটাত কিছু নিয়ন্ত্ৰণত আছিল যদিও বুধবাৰে পুৱাৰে পৰা তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে ।
সোণাপুৰৰ পৰা খানাপাৰা পাবলৈ তিনি-চাৰি ঘণ্টা পৰ্যন্ত সময়ৰ প্ৰয়োজন হৈছে । ইফালে এই ভয়ংকৰ যান-জঁটৰ ফলত ভোকে-পিঁয়াহে আতুৰ যাত্ৰীৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ । আগতীয়াকৈ সুপৰিকল্পিত ব্যৱস্থা গ্ৰহণ নকৰি হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰাৰ ফলতে এনে ভয়ংকৰ যান-জঁটৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে যাত্ৰীসকলে ।
অৱশ্যে এই ভয়ংকৰ যান-জঁটৰ পিছত বুধবাৰে মহানগৰ যান-বাহন আৰক্ষীয়ে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাপে মহানগৰ যান-বাহন আৰক্ষীয়ে যাত্ৰীসকলৰ বাবে প্ৰদান কৰিছে নতুন পথ নিৰ্দেশনা ।
পথ নিৰ্দেশনা সন্দৰ্ভত বুধবাৰে সংবাদমেল সম্বোধন কৰি মহানগৰ যান-বাহন আৰক্ষীৰ ADCP মৃণ্ময় গোস্বামীয়ে কয়, "২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাটৰ পৰা খানাপাৰালৈ অহা পথছোৱাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নির্মাণকাৰ্য চলি থকা বাবে যাতায়াতত কিছু অসুবিধা হৈছে । বৰ্তমান মাৰোয়েট পেট্ৰ'ল পাম্পৰ সমীপৰ ৮০ মিটাৰ এলেকাৰ পুনৰ নিৰ্মাণকাৰ্য চলি আছে । দ্বিতীয় পৰ্যায়ত হনুমান মন্দিৰৰ সমীপত পথটোৰ পুনৰ নিৰ্মাণৰ কাম কৰা হ'ব । আনহাতে, তৃতীয় পৰ্যায়ত চি আৰ পি এফ কেম্পৰ সন্মুখৰ পথছোৱাৰ পুনৰ নিৰ্মাণৰ কাম কৰা হ'ব । সেয়ে এই পথ নিৰ্দেশনা দিয়া হৈছে ।"
তেওঁ লগতে কয়, "আগন্তুক দুমাহ ধৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে তিনিটা পৰ্যায়ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মেৰামতিৰ কাম কৰিব । যাতে মানুহৰ মূল্যাৱান সময় নষ্ট নহয় তাৰ বাবে এই পথ নিৰ্দেশনা জাৰি কৰা হৈছে । অৱশ্যে খানাপাৰাৰ দিশৰ পৰা সোণাপুৰৰ দিশে যোৱা বাহনবোৰৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব ।"