মাজুলী : ৰাজ্যজুৰি হেঁপাহৰ ৰঙালী বিহুৰ প্ৰস্তুতি চলিছে । ৰঙালীক আদৰিবলৈ সাজু হৈছে সকলো । বহু লোক গাঁৱৰ নিজ নিজ ঘৰলৈ বিহু উদযাপনৰ বাবে ৰাওনা হৈছে । ৰাজ্যজুৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । এনে সময়তে প্ৰচণ্ড ধুমুহাই জোকাৰি গ'ল নদী দ্বীপ মাজুলী । কিছু সময়ৰ বাবে প্ৰকৃতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে । ধূলিৰ ধুমুহাই আৱৰি ধৰি ফেৰীঘাটসমূহ । ধুমুহাৰ প্ৰকোপ ইমানে বেছি আছিল যে দক্ষিণপাট (কমলাবাৰী) ঘাটৰ পল্টনসহ উটি গ'ল ফেৰী । নিয়ন্ত্ৰণহীন হৈ ব্ৰহ্মপুত্ৰৰ মাজত বহু সময় উপঙি থাকে ফেৰীসমূহ ।
ধুমুহাৰ কবলত মাজুলী
প্ৰচণ্ড ধুমুহাৰ ফলত ফেৰী বান্ধি ৰখা ৰচী ছিগি যায় । ৰচী ছিগি ব্ৰহ্মপুত্ৰৰ মাজলৈ উটি যায় বিভাগীয় জাহাজ, ফেৰী আৰু পল্টন । ফলস্বৰূপে ফেৰী ঘাটত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় । ৩০ মিনিটৰো অধিক সময় ধৰি চলা ধুমুহাৰ ফলত আতংকময় পৰিৱেশে বিৰাজ কৰে । ইফালে যাত্ৰীসহ ব্ৰহ্মপুত্ৰৰ মাজত বহু সময় ধৰি আৱদ্ধ হৈ থাকে ফেৰী । যাৰ ফলত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্যে বতাহৰ তীব্ৰতা হ্ৰাস হোৱাৰ লগে লগে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলে ফেৰীসমূহ পুনৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ।
কমলাবাৰী ঘাটত হাহাকাৰ পৰিস্থিতি
আকস্মিক ধুমুহাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি বৰ্ণনা কৰি জল পৰিবহণ বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে কয়,"পাৰ ঘাটত আকস্মিকভাৱে অহা ধুমুহাৰ পৰিপ্ৰেক্ষিতত বিভাগীয় পল্টন আৰু জাহাজ নৈৰ মাজলৈ উটুৱাই লৈ যায় । ১২.১৫ বজাত আমাৰ বিভাগীয় ফেৰী কোনো বিপদ নোহোৱাকৈ আমি চলালো । কিন্তু তাৰ পিছ মুহূৰ্ততে আকস্মিকভাৱে অহা বতাহে আমাক সমস্যাৰ সন্মুখীন কৰিলে । যাৰ বাবে আধা ঘণ্টাতকৈও বেছি সময় আমি নদীৰ মাজত থাকিবলগীয়া হৈছে । অৱশ্যে জাহাজ বা কোনো কৰ্মচাৰীৰ ক্ষয়-ক্ষতি হোৱা নাই । ভয় খোৱাটো স্বাভাৱিক কিন্তু তাৰ পিছতো আমি কৰ্মচাৰীসকলে নীতি কৌশল ব্যৱহাৰ কৰি জাহাজসমূহ আনি পাৰত লগাইছো । মোৰ জীৱনত এইটো আটাইতকৈ ডাঙৰ ধুমুহা ।"
ইফালে ধুমুহাৰ সময়ত আৱদ্ধ এগৰাকী যাত্ৰীয়ে কয়,"বহুত বেছি ভয় লগা আছিল । জাহাজ নৈৰ মাজত ৰখাই থৈছিল । যাত্ৰী ১০০ জনৰ ওপৰত আছিল ।"
লগতে পঢ়ক :ৱাকফ বিৰোধী প্ৰতিবাদ; শিলচৰত প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি - PROTEST AGAINST WAQF AMENDMENT ACT