ETV Bharat / state

ৰোগীক ভুল চিকিৎসা কৰাৰ অভিযোগ ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে

Tense situation at Nagaon: পবিত্ৰ চিকিৎসা সেৱাৰ নামত কেৱল ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে একাংশ চিকিৎসকৰ বিৰুদ্ধে । একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, লেব’ৰেটৰীত ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ নগাঁৱতে দীৰ্ঘদিনীয়া । এইবাৰ পুনৰ বিতৰ্কত সাঙোৰ খালে নগাঁৱৰ এ জে হস্পিতাল এণ্ড ৰিচার্জ চেণ্টাৰ । এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

Heated situation over patient death in Nagaon
ৰোগীক ভুল চিকিৎসা কৰাৰ ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে
author img

By ETV Bharat Assamese Team

Published : February 16, 2024 at 1:01 PM IST

2 Min Read
Choose ETV Bharat
ৰোগীক ভুল চিকিৎসা কৰাৰ অভিযোগ ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে

নগাঁও,১৬ ফেব্ৰুৱাৰী: পবিত্ৰ চিকিৎসা সেৱাক সম্পূৰ্ণ ব্যৱসায় কেন্দ্ৰিক কৰি তোলাৰ অভিযোগ উত্থাপন হৈ আহিছে একাংশ চিকিৎসকৰ বিৰুদ্ধে । কেৱল ধন ঘটাৰ উদ্দেশ্যেই মানৱ সেৱা পৰিহাৰ কৰি ব্যক্তিগত নাৰ্ছিংহোমসুমহৰ একাংশ চিকিৎসকে আনকি ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগো দীর্ঘদিনীয়া ।

নগাঁৱৰ একাংশ ব্যক্তিগত নাৰ্ছিংহোমৰ বিৰুদ্ধে ৰোগীক ভুল চিকিৎসা প্ৰদান, চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি কৰি অহা আদি অভিযোগ দীর্ঘদিনৰ পৰাই উত্থাপন হৈ আহিছে যদিও আজি পৰ্যন্ত কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাত এনে একাংশ চিকিৎসকৰ বিৰুদ্ধে চিকিৎসা প্ৰদানত গাফিলতি, ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ আজিও উত্থাপন হৈ আছে । এনে এক অভিযোগতেই পুনৰ বিতৰ্কত সাঙোৰ খাইছে নগাঁৱৰ এ জে হস্পিতাল এণ্ড ৰিচার্জ চেণ্টাৰ নামৰ ব্যক্তিগত নাৰ্ছিংহোমখন ।

এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁও চহৰৰ মৰিকলংস্থিত এ জে হস্পিতাল এণ্ড ৰিচার্জ চেণ্টাৰ নামৰ নাৰ্ছিংহোমখনত । উল্লেখযোগ্য যে, দুদিন পূৰ্বে নগাঁৱৰ পুৰণিগুদাম সূতাৰগাঁৱৰ মৰ্জিনা বেগম নামৰ এগৰাকী মহিলাক ভৰ্তি কৰোৱা হৈছিল নগাঁৱৰ এ জে হস্পিতাল এণ্ড ৰিচার্জ চেণ্টাৰত । কিন্তু বৃহস্পতিবাৰে বিয়লি ইছলাম উপাধিৰ চিকিৎসকৰ নেতৃত্বত মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কৰা হয় ।

দীর্ঘসময় পৰ্যন্ত কৰা অস্ত্ৰোপচাৰৰ পিছতেই অতি সংকটজনক হৈ পৰে মহিলাগৰাকী । পিছত সন্ধিয়া হঠাৎ মহিলাগৰাকীৰ আত্মীয়ক খবৰ দি চিকিৎসালয়খনৰ ইছলাম উপাধিৰ চিকিৎসকগৰাকীয়ে মহিলাগৰাকীক অন্য চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱাৰ পৰামৰ্শ দিয়ে । লগে লগে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় মহিলাগৰাকীৰ পৰিয়ালৰ মাজত । কিন্তু চিকিৎসকৰ পৰামৰ্শমতেই মতেই পৰিয়ালৰ লোকে মহিলাগৰাকীক আন এখন ব্যক্তিগত নাৰ্ছিংহোমৰ আই চি ইউত ভৰ্তি কৰাবলৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে মহিলাগৰাকীক ।

এ জে হস্পিতাল এণ্ড ৰিচার্জ চেন্টাৰত অস্ত্ৰোপচাৰ কৰা চিকিৎসকৰ ভুলৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । মহিলাগৰাকীৰ মৃত্যুৰ পিছতেই মহিলাগৰাকীৰ পৰিয়াল তথা আত্মীয় উপস্থিত হৈ এ জে হস্পিতাল এণ্ড ৰিচার্জ চেণ্টাৰত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । ইফালে এ জে হস্পিতাল এণ্ড ৰিচার্জ চেণ্টাৰ নামৰ ব্যক্তিগত চিকিৎসালয়খন বন্ধ কৰি দিয়াৰ দাবীও উত্থাপন মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মহিলাৰ মৃত্যুক লৈ উত্তেজনা