'লা ইলাহা ইল্লালা'.... যমদূতৰ পৰা বাচিবলৈ কলিমা পঢ়িলে শিলচৰৰ হিন্দু পৰিয়ালে
'কলিমা' জনাৰ বাবে সন্ত্ৰাসবাদীৰ গুলীৰ পৰা ৰক্ষা পৰিল শিলচৰৰ এটা হিন্দু পৰিয়াল ৷ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশিস ভট্টাচাৰ্যৰ শ্বসৰুদ্ধকাৰী বৰ্ণনা ।

Published : April 23, 2025 at 7:18 PM IST
শিলচৰ/গুৱাহাটী: মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হয় এক ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা । এই ঘটনাত ইতিমধ্যে ২৬ গৰাকী পৰ্যটকৰ মৃত্যু হৈছে । আনহাতে, আহত হৈছে আন কেইবাগৰাকীও । ইফালে এই অমানুষিক আক্ৰমণৰ বলি হোৱাৰ পৰা কথমপি ৰক্ষা পৰে আন বহু পৰ্যটক ।
দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অৱসৰ বিনোদনৰ বাবে যোৱা পৰ্যটকসকলক নিৰ্বিচাৰে কৰা আক্ৰমণৰ ঘটনাই এতিয়া দেশ-বিদেশত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই বৰ্বৰ আক্ৰমণৰ ঘটনাক সকলোৱে একেমুখে গৰিহণা দিছে ।

ইফালে এই আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা পৰা বিভিন্নজনে বৰ্ণনা কৰিছে শ্বাসৰুদ্ধকাৰী ঘটনা । মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা বিভিন্নজনে আগবঢ়োৱা মৃত্যু বিভীষিকাৰ চাক্ষুস ঘটনাৰ বৰ্ণনাই সকলোকে শিহৰিত কৰিছে । এই ভয়ংকৰ ঘটনাৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে অসমৰো এটা পৰিয়ালে । শিলচৰৰ পৰিয়ালটোৱে এই আক্ৰমণৰ ঘটনাৰ বৰ্ণনা ফোনযোগে আগবাঢ়াইছে ই টিভি ভাৰতৰ প্ৰতিনিধিৰ আগত ।
The @CMOfficeAssam has spoken to a survivor from Assam of the dastardly #PahalgamTerrorAttack and has taken a full brief of the incident which they have faced yesterday.
— Chief Minister Assam (@CMOfficeAssam) April 23, 2025
The entire family's return to the State is being arranged on priority and the Govt of Assam is in touch with…
কেনেদৰে ৰক্ষা পৰিল শিলচৰৰ পৰিয়ালটো
সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে শিলচৰৰ এটা হিন্দু পৰিয়াল । এই পৰিয়ালটো হৈছে শিলচৰ শিৱালিপাৰ্কৰ বাসিন্দা তথা শিলচৰ অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক দেৱাশিস ভট্টাচাৰ্যৰ পৰিয়াল ৷ অধ্যাপক দেৱাশিস ভট্টাচাৰ্যই তেওঁৰ পত্নী আৰু পুত্ৰক লগত লৈ ছুটী কটাবলৈ দুদিন পূৰ্বে কাশ্মীৰলৈ গৈছিল ৷
মঙলবাৰে তেওঁলোক পহলগামলৈ গৈছিল । তাত হঠাতে সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলৰ ওপৰত গুলীবৰ্ষণ কৰে । প্ৰাণৰক্ষাৰ বাবে আন পৰ্যটকৰ সৈতে দেৱাশিস ভট্টাচাৰ্যৰ পৰিয়ালটোৱে জংঘলৰ ভিতৰত লুকাই পৰে । কিন্তু তেওঁলোকক প্ৰত্যক্ষ কৰে দুজন সন্ত্ৰাসবাদীয়ে । লগে লগে দেৱাশিস ভট্টাচাৰ্যৰ পৰিয়ালৰ সদস্যসকলৰ মূৰত বন্দুক লগাই সন্ত্ৰাসবাদীয়ে কলিমা পঢ়াৰ কথা কয় । ভাগ্যক্ৰমে পৰিয়ালটোৱে কলিমা জানিছিল । সেয়ে তিনিজনীয়া পৰিয়ালটোৱে সন্ত্ৰাসবাদীৰ সন্মুখত কলিমা পঢ়ে আৰু তাৰ ফলতে তেওঁলোকৰ প্ৰাণৰক্ষা পৰে ।

কিন্তু কাষতে থকা আন এজনে কলিমা নজনাৰ বাবে তেওঁলোকৰ সন্মুখতে লোকজনক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে বুলি জনাই অধ্যাপক দেৱাশিস ভট্টাচাৰ্যই । ইফালে এই ঘটনাৰ পাছত কোনোমতে উক্ত স্থান এৰি তেওঁলোক পলাই আহে ৷ বৰ্তমান তেওঁলোক শ্ৰীনগৰত আছে বুলি জনাইছে অধ্যাপক দেৱাশিস ভট্টাচাৰ্যই ।
অধ্যাপক দেৱাশিস ভট্টাচাৰ্যই বৰ্ণনা কৰিলে শ্বাসৰুদ্ধকাৰী ঘটনা
বৰ্তমান শ্ৰীনগৰৰ হোটেলত থকা অধ্যাপক দেৱাশিস ভট্টাচাৰ্যৰ পৰা ঘটনা সন্দৰ্ভত জানিবলৈ ফোনযোগে যোগাযোগ কৰে ই টিভি ভাৰত অসমৰ ব্যুৰ' চীফ প্ৰশান্ত কুমাৰ বৰুৱাই । আমাৰ প্ৰতিনিধিৰ প্ৰশ্নৰ উত্তৰত সমগ্ৰ ঘটনা বৰ্ণনা কৰে অধ্যাপক দেৱাশিস ভট্টাচাৰ্যই ।
দেৱাশিস ভট্টাচাৰ্যৰ মুখেৰে শ্বাসৰুদ্ধকাৰী বৰ্ণনা
আমি কালি ৰাতিপুৱা শ্ৰীনগৰৰ পৰা পহলগাম গৈ পালোঁ । পহলগামৰ যিকেইটা টুৰিষ্ট স্পট আছে তাত যাবলৈ হ'লে ঘোঁৰাত যাব লাগে । ঘোঁৰা লৈ আমি ষ্টাৰ্ট কৰিলোঁ ১১.৩০ মানত । মই স্পটত গৈ পালোঁ ১.৩০-২ টা মান বজাত । আমি গৈ পোৱাৰ ১৫ মিনিটমান পিছত গুলীৰ শব্দ শুনিবলৈ পালোঁ । লগতে এজন লোকেল ফটোগ্ৰাফাৰে কথা পাতি আছিল । ফটোগ্ৰাফাৰক সুধিলোঁ গুলীৰ শব্দ কিহৰ । তেতিয়া ক'লে যে একো নাই কেতিয়াবা বান্দৰ-চান্দৰ নামি আহে, তেতিয়া ফৰেষ্টৰ মানুহে ইয়াতে ব্লেংক ফায়াৰ কৰি দিয়ে । টুৰিষ্টক ডিষ্টাৰ্ব কৰে সেই কাৰণে কৰে ।
মই সিমান গুৰুত্ব দিয়া নাই । তাৰ পিছত আৰু এটা দুটা আৰম্ভ হ'ল গুলীৰ শব্দ । মোৰ ল'ৰাই লক্ষ্য কৰিলে দুজনে শুই আছিল, এজন গৈ তিনি-চাৰি হাত দূৰৈৰ পৰা চিধাচিধি গুলী মাৰি দিলে । মানুহটো পৰি থাকিল । তেতিয়া একেলগে ১০-১৫ টা গুলীৰ আৱাজ আৰম্ভ হ'ল । ৮০০ বৰ্গমিটাৰ মানৰ এখন ফিল্ড, তাতে গুলীয়াগুলী আৰম্ভ হৈ গ'ল বিভিন্ন ঠাইত, বিভিন্ন ফালে । তেতিয়া আমি ওচৰতে এডাল গছ আছিল তাৰ তলত গোট খালোঁ আটাইকেইজন আৰু শুই থাকিলোঁ ।
শুই থাকি যেতিয়া শুনিবলৈ পালোঁ যে মানুহবোৰে 'লা ইলাহা ইল্লালা' জপি আছে, ময়ো লা ইলাহা ইল্লালা আৰম্ভ কৰি দিলোঁ । এজন মানুহে ক'ব পৰা নাই । তেতিয়া এজন মিলিটেণ্ট আহিল আৰু কিবা ক'বলৈ দিলে । কি ক'ব দিলে মই শুনা নাই । মানুহটোৱে ক'ব পৰা নাই । তেতিয়া সাত-আঠ হাত দূৰৈৰ পৰা মানুহটোক ডাইৰেক্ট গুলীয়াই দিলে । মানুহটো যেতিয়া পৰিল তেওঁৰ ভৰিখন আহি মোৰ গাত লাগিল ।
তাৰ পিছত মোকো গান পইণ্টত ধৰিছিল । মোৰ ল'ৰাই লক্ষ্য কৰিছিল কথাটো । মোক আহি সুধি আছে । কিন্তু মই যে গান পইণ্টত আছোঁ মইতো দেখা নাই । তেতিয়া মোক সুধি আছে 'ক্যা বোল ৰহি হু' । মই তেতিয়া লাই ইলাহা... সেই একেই কথা জপি আছিলোঁ । লাহে লাহে মোক এৰি দিলে । কিন্তু তিনি চাৰিবাৰমান আমাৰ চাৰিওফালে ঘূৰিলে মানুহটো । তাৰ পিছত লাহে লাহে গছডালৰ পৰা অলপ আঁতৰি গ'ল । যেতিয়া গছডালৰ পৰা ২০ মিটাৰমান আঁতৰি গ'ল মানুহটো, আমি একদম দৌৰি খৰখেদাকৈ ওচৰতে এখন ফেন্সিং আছিল কোনোমতে ক্ৰছ কৰি আমি পাহাৰত ক্লাইম্ব কৰা আৰম্ভ কৰি দিলোঁ ।
দুই আঢ়ৈ ঘণ্টামান আমি পাহাৰতেই কেতিয়াবা উঠিছোঁ, কেতিয়াবা নামিছোঁ । তাৰ পিছত ঘোঁৰাৰ খোজৰ চিন অনুসৰণ কৰি আমি গৈ আছোঁ । তাৰ পিছত এখন গাঁও গৈ পালোঁ আৰু তেতিয়া অলপ নেটৱৰ্কো পালোঁ । তেতিয়া মোক ড্ৰাইভাৰে ফোন কৰিলে । তেতিয়া মই এগৰাকী কাশ্মীৰী মহিলাক ক'লোঁ যে আপুনি অলপ ফোনটো লৈ কৈ দিয়ক আমি এতিয়া ক'ত আছোঁ ।
মহিলাগৰাকীয়ে কাশ্মীৰী ভাষাত ড্ৰাইভাৰৰ লগত কথা পাতিলে আৰু মোক ছাজেষ্ট কৰিলে যে আপোনালোক এই বাটেৰে নামি থাকক । আমি নামি থাকিলোঁ । এটা সময়ত আমি যে ঘোঁৰাবোৰ ভাৰা কৰিছিলোঁ এই মানুহবোৰ আহি পালেহি । তাৰ পিছত আমাক ঘোঁৰাত উঠাই ৰেছকিউ কৰি আনিলে । ছত্তীশগড়ৰ এটা ফেমিলি, ফেমিলি নহয় হাজবেণ্ড ক'ত হেৰাই গ'ল ক'ব নোৱাৰো, মহিলা আৰু এটি কণমানি আমাৰ লগত আহিল । আমি তললৈ নামি আহিলোঁ । তাৰ পিছত আমি ড্ৰাইভাৰক মাতি আনিলোঁ । ড্ৰাইভাৰৰ গাড়ীত উঠি আমি ডাইৰেক্ট পহলগামৰ পৰা শ্ৰীনগৰ গুচি আহিলোঁ ।

