ETV Bharat / state

৮ জুনত ৭টা বর্ষ সম্পূৰ্ণ হ’ব নীল-অভি হত্যাকাণ্ডৰ, কিন্তু আজিও ন্যায়ৰ আশাত পণবন্দী দুটা পৰিয়াল

পুত্ৰ হত্যাৰ ন্যায় বিচাৰি যেন ভাগৰি পৰিছে দুই দুৰ্ভগীয়া পিতৃ!পুত্ৰৰ ন্যায় বিচাৰি আদালতত তাঁতবাটি কাঢ়ি আক্ষেপ প্ৰকাশ নীল-অভিৰ দুই পিতৃৰ।দোষীৰ মৃত্যুৰ ৰায়ৰ দাবীত অটল পৰিয়াল।

justice awaits Abhi-Neel
নীল-অভি হত্যাকাণ্ড (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 6, 2025 at 6:09 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও : সমগ্ৰ ৰাজ্য কঁপাই যোৱা অভি নীল হত্যাকাণ্ডৰ ন্যায়ৰ অপেক্ষাত আজিও আদালতত তাঁতবাটি কাঢ়িছে অভি নীলৰ দুই পিতৃ ২০১৮ চনৰ ৮ জুনত সংঘটিত হৈছিল সেই নাৰকীয় ঘটনাটো । কাৰ্বি আংলঙৰ সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ এদল পাষণ্ডৰ হাতত অতি নিৰ্মমভাৱে প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথে । ঘটনা সংঘটিত হোৱাৰ ৭ টা বছৰ সম্পূৰ্ণ হ’বৰ হ’ল যদিও আজিও ন্যায়ৰ অপেক্ষাত অভি নীলৰ পৰিয়ালৰ লোকে ।

সম্প্ৰতি নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মাত থকা ৪৭ জনকৈ অভিযুক্তৰ ভাষ্য গ্ৰহণৰ পাছতেই চূড়ান্ত ৰায়দান কৰিব পৰা অৱস্থাত আছে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া । ইতিমধ্যেই ঘটনাৰ সাক্ষীৰ লগতে তদন্তকাৰী আৰক্ষী বিষয়াৰ ভাষ্যও গ্ৰহণ কৰিছে নগাঁও আদালতে । ঘটনা সংঘটিত হোৱাৰ পাছতেই ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাৰ দাবী উত্থাপন কৰিছিল নীল অভিৰ পৰিয়ালৰ লগতে বিভিন্ন দল সংগঠনে ।

নীল-অভিৰ পিতৃ (ETV Bharat Assam)

গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও আদালতত প্ৰথমাৱস্থাত খৰতকীয়া হৈছিল যদিও পৰৱৰ্তী সময়ত কা আন্দোলন, ক’ভিড ১৯ সৃষ্ট পৰিৱেশ আৰু ন্যায়াধীশৰ বদলি আদি একাধিক কাৰণত বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰা বুলি অভিযোগ উত্থাপন কৰে নীল অভিৰ দুই পিতৃয়ে ।

নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতত চলি থকা নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুকুবাৰেও শুনানি আছিল । আদালতে শুনানি গ্ৰহণ কৰি ৪৭ জন অভিযুক্তৰ সেই সময়ৰ দুজন নাবালক অভিযুক্তৰ মেডিকেল প্ৰসংগৰ ওপৰত আলোচনা কৰা বুলি জানিবলৈ দিয়ে নীল অভিৰ পিতৃয়ে ।

এই সন্দৰ্ভত অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ দুই পিতৃয়ে কয়, ‘‘আজি ৩১৩ ৰ অধীনত অভিযুক্তৰ ভাষ্য গ্ৰহণৰ কথা আছিল যদিও অভিযুক্ত পক্ষৰ অধিবক্তা উপস্থিত থকাৰ বিপৰীতে কনিষ্ঠ অধিবক্তাহে উপস্থিত থাকে । লগতে অভিযুক্ত পক্ষৰ ভাষ্য গ্ৰহণ সম্ভৱ হোৱা নাই আজিৰ শুনানিত । ঘটনাত জড়িত থকাৰ সেই সময়ৰ দুই নাবালক অভিযুক্তৰ এজনৰ মেডিকেল বৰ্ডৰ সহায়ত বয়স নিৰ্দ্ধাৰণৰ বাবে অভিযুক্ত পক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ আদালতত দাখিল কৰে । ইতিপূৰ্বে এখন মেডিকেল ব’ৰ্ডে উক্ত অভিযুক্তজনৰ বয়স ২০ বছৰ হোৱা বুলি উল্লেখ কৰিছিল । কিন্তু আজিও অভিযুক্ত পক্ষৰ শুনানি গ্ৰহণ সম্ভৱ নোহোৱাত অধিক লেহেমীয়া হোৱাৰ দিশে গতি কৰিছে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ।”

justice awaits Abhi-Neel
প্ৰয়াত নীল (ETV Bharat)

ইপিনে অভিযুক্ত পক্ষৰ অধিবক্তাগৰাকীয়ে কেইবাবাৰো গোচৰটোৰ দায়িত্ব এৰি পুনৰ দায়িত্ব লোৱা বুলি আদালতত আবেদন কৰাতো যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱা বুলিও উল্লেখ কৰে নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে । আৰু মাত্ৰ এটা দিন পাছতেই ৭টা বর্ষ সম্পূৰ্ণ হ’বলগীয়া গোচৰটোৰ চূড়ান্ত ৰায়ৰ আশাত নীল অভিৰ দুই পৰিয়াল । দুয়োগৰাকী দুৰ্ভগীয়া পিতৃ আজিও দোষীৰ মৃত্যুদণ্ডৰ দাবীত অটল হৈ আছে ।

এই সন্দৰ্ভত অভিজিতৰ পিতৃয়ে কয়, “এনে জঘন্য ঘটনাৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰিলে এনে ঘটনাৰ অন্ত নপৰিব । এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ডকমকাকাণ্ডৰ দোষীক প্ৰদান কৰিব লাগিব দৃষ্টান্তমূলক শাস্তি ।’’ শুকুবাৰে শুনানি গ্ৰহণৰ অন্তত আদালতে পুনৰ ১ জুলাইত শুনানিৰ দিন ধার্য কৰে ।

লগতে পঢ়ক : হঠাৎ গোচৰৰ দায়িত্ব এৰিলে অভি-নীল হত্যাকাণ্ডৰ অভিযুক্তৰ পক্ষৰ অধিবক্তাই - Abhi Neel murder case