ETV Bharat / state

ভুৱা দন্ত চিকিৎসক বিচাৰি স্বাস্থ্য বিভাগৰ অভিযান - BARPETA FAKE DENTIST

যোগ্যতা আৰু নিৰ্দিষ্ট অনুজ্ঞাপত্ৰ অবিহনে একাংশ লোকে সাধাৰণ ৰোগীৰ চিকিৎসা চলাই গৈছে । অভিযোগ পোৱাৰ লগে লগে সষ্টম স্বাস্থ্য বিভাগ ।

Health department operations against fake dentists
ভুৱা দন্ত চিকিৎসক বিচাৰি স্বাস্থ্য বিভাগৰ অভিযান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 6:24 PM IST

3 Min Read

বৰপেটা : বৰপেটা জিলাত ভয়ংকৰ ঘটনা । দীৰ্ঘদিন ধৰি অনুজ্ঞাপত্ৰ অবিহনেই সাধাৰণ ৰোগীৰ চিকিৎসা চলাই আহিছে একাংশ ভুৱা চিকিৎসক । বিশেষকৈ বৰপেটাৰ চুকে-কোণে গঢ়ি উঠিছে ভুৱা চিকিৎসকৰ ক্লিনিক । এই ভয়ংকৰ তথ্য লাভ কৰাৰ পিছতে জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে অভিযান । বিশেষকৈ ভুৱা দন্ত চিকিৎসকৰ বিৰুদ্ধে বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ নেতৃত্বত চলোৱা হয় অভিযান ।

দন্ত চিকিৎসকৰ বিৰুদ্ধে অভিযান

স্বাস্থ্য বিভাগৰ এটা দলে আৰক্ষীৰ সহযোগত বৰপেটা চহৰৰ সমীপৰ সনকুছি ক'লনী আৰু জতিগাঁৱৰ লগতে হাউলী, টি এন ডি, তিতাপানী আৰু গৰৈমাৰীত অভিযান চলাই । এই অভিযানত দলটোৱে সনকুছি ক'লনী, গৰৈমাৰী আৰু হাউলীৰ অভিযোগ থকা কেইখনমান ক্লিনিক বন্ধ অৱস্থাতে পায় । তাৰ বিপৰীতে আন অঞ্চলকেইটাৰ ক্লিনিকবোৰত যথেষ্ট অনিয়ম ধৰা পেলায় অভিযানকাৰী দলটোৱে ।

ভুৱা দন্ত চিকিৎসক বিচাৰি স্বাস্থ্য বিভাগৰ অভিযান (ETV Bharat)

তদুপৰি এই অভিযান সন্দৰ্ভত বৰপেটাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অজিত শৰ্মাই কয়, "দন্ত চিকিৎসক সন্থাৰ পৰা স্মাৰকপত্ৰ লাভ কৰাৰ পাছতে অতি ক্ষিপ্ৰতাৰে স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰে । সেই অনুসৰি স্মাৰকপত্ৰত উল্লেখ কৰা ঠিকনাবোৰত আমি অভিযান চলাও ।‌ এতিয়ালৈকে ১২ খন ক্লিনিকত অভিযান চলাইছো । অৱশ্যে ইয়াৰে কেইবাখনো বন্ধ অৱস্থাতে পোৱা যায় । আন ক্লিনিকবোৰৰ কেইবাখনতো অনিয়ম ধৰা পৰিছে ।‌ আনকি টি এন ডি অঞ্চলৰ এখন ক্লিনিক এতিয়া চাহৰ দোকান হিচাপেহে পোৱা গৈছে ।"

ইফালে প্ৰসংগক্ৰমে ডাঃ শৰ্মাই কয় যে কেৱল দন্ত চিকিৎসা বুলিয়েই নহয়, যিকোনো ধৰণৰ চিকিৎসাৰ ক্ষেত্ৰত ৰাইজৰ সজাগতা মূল বিষয় ।‌ এজন চিকিৎসক ভুৱা হয়নে নহয় সেই তথ্য জনাৰ অধিকাৰ ৰাইজৰ আছে । গতিকে ৰাইজ নিজে সজাগ হ'বই লাগিব বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে শেহতীয়াকৈ বৰপেটা জিলা দন্ত চিকিৎসক সন্থাই জিলাখনত একাংশ ভুৱা চিকিৎসকে দাঁতৰ চিকিৎসা কৰি থকাৰ অভিযোগ উত্থাপন কৰে ।‌ তেনে ২৬ জনীয়া ভুৱা চিকিৎসক তথা ক্লিনিকৰ এখন তালিকা প্ৰস্তুত কৰি সেইসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু যুটীয়া স্বাস্থ্য সঞ্চালকক স্মাৰকপত্ৰ প্ৰদান কৰিছিল । তাৰ ভিত্তিতে আৰক্ষীৰ সহযোগত স্বাস্থ্য বিভাগে শনিবাৰে এই অভিযানটো চলায় । অৱশ্যে বাকীসকলৰ বিৰুদ্ধেও স্বাস্থ্য বিভাগে পৰৱৰ্তী সময়ত অভিযান চলাব বুলি জানিবলৈ দিয়ে বৰপেটাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অজিত শৰ্মাই ।

লগতে পঢ়ক :মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে : অখিল গগৈ - PANCHAYAT ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.