ETV Bharat / state

চিকিৎসালয়ত কেনে আছে সাংসদ ফণীভূষণ চৌধুৰী ?

কেইবাদিনো ধৰি জ্বৰ আৰু কাহত ভুগি থকাৰ বাবে বুধবাৰে স্বাস্থ্যৰ কিছু অৱনতি ঘটিছিল সাংসদ ফণীভূষণ চৌধুৰীৰ ।

Phani Bhusan Choudhury
ফণীভূষণ চৌধুৰীৰ স্বাস্থ্য সম্পৰ্কত সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 26, 2024 at 4:05 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: বৰ্তমান সুস্থিৰ অৱস্থাত আছে সাংসদ ফণীভূষণ চৌধুৰীৰ স্বাস্থ্য । জ্যেষ্ঠ ৰাজনীতিকগৰাকীৰ স্বাস্থ্যক লৈ চিন্তাৰ কোনো কাৰণ নাই বুলি জনাইছে চিকিৎসকে ।বিগত কেইবাদিনো ধৰি জ্বৰ আৰু কাহত ভুগি থকাৰ বাবে বুধবাৰে স্বাস্থ্যৰ কিছু অৱনতি ঘটিছিল সাংসদ চৌধুৰীৰ ।

এই তথ্য সদৰী কৰিলে গুৱাহাটীৰ হেল্থ চিটী হাস্পতালৰ চিকিৎসক অতনু বৰঠাকুৰে ।

ফণীভূষণ চৌধুৰীৰ স্বাস্থ্য সম্পৰ্কত সংবাদমেল (ETV Bharat Assam)

বৃহস্পতিবাৰে হেল্থ চিটী হাস্পতালৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰি ডাঃ অতনু বৰঠাকুৰে সাংসদ ফণীভূষণ চৌধুৰীৰ স্বাস্থ্য সম্পৰ্কত কয়, "যোৱানিশা ১২.৪০ বজাত তেখেতক ভৰ্তি কৰোৱা হৈছিল হেল্থ চিটী হাস্পতালত । বিগত কেইবাদিনো ধৰি জ্বৰ আৰু কাহত ভুগি আছিল সাংসদগৰাকী । যাৰ বাবে কালিৰে পৰা উশাহ-নিশাহত কিছু কষ্ট পাইছিল তেওঁ । সম্প্ৰতি ICCU তে ৰাখিছো । বৰ্তমান তেখেতৰ স্বাস্থ্য সংকটমুক্ত বুলি আমি ক’ব পাৰো । ডাঃ শশাংক বৰুৱাৰ নেতৃত্বত ৭ জন বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা কৰি আছে ।’’

উল্লেখ্য যে বুধবাৰে সন্ধিয়া প্ৰায় ৮ বজাত নিজা বাসগৃহত হঠাৎ অসুস্থ হৈ পৰিছিল অগপ নেতা তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী । অসুস্থ হৈ পৰাত সাংসদগৰাকীক ততাতৈয়াকৈ লৈ যোৱা হৈছিল বঙাইগাঁৱৰ ল'ৱাৰ আছাম হাস্পতাললৈ । তাত প্ৰাথমিক চিকিৎসা সম্পন্ন হোৱাৰ পাছত সাংসদগৰাকীক বুধবাৰে নিশা প্ৰায় ১২:৪০ বজাত ভৰ্তি কৰোৱা হয় গুৱাহাটীৰ খানাপাৰাস্থিত হেল্থ চিটী হাস্পতালৰ জৰুৰীকালীন বিভাগত ।

মঙলবাৰে সন্ধিয়াৰ পৰা অসুস্থ অনুভৱ কৰিছিল সাংসদগৰাকীয়ে । বুধবাৰে দিনৰ ভাগত সমষ্টিৰ কেইবাখনো ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছিল ফণীভূষণ চৌধুৰীয়ে । ব্যস্ততাৰ বাবে দিনৰ আহাৰ গ্ৰহণ কৰা নাছিল সাংসদগৰাকীয়ে । অসুস্থ হৈ থকা সাংসদগৰাকী বুধবাৰে সন্ধিয়াৰ ভাগত অত্যধিক দুৰ্বল হৈ পৰে ।

আনহাতে, হৃদৰোগতো আক্ৰান্ত সাংসদ ফণীভূষণ চৌধুৰী । প্ৰায় ৫ বছৰৰ পূৰ্বে পেচমেকাৰ স্থাপন কৰা হৈছিল ফণীভূষণ চৌধুৰীৰ দেহত । সাংসদ চৌধুৰীক হেল্থ চিটী হাস্পতালত ভৰ্তি কৰোৱাৰ কিছু সময়ৰ পাছতেই মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত হৈ জ্যেষ্ঠ নেতা তথা সাংসদগৰাকীৰ স্বাস্থ্যৰ বুজ লয় । বৰ্তমান হেল্থ চিটী হাস্পতালত সূক্ষ্ম নিৰীক্ষণত আছে সাংসদ ফণীভূষণ চৌধুৰী । তেওঁৰ সৈতে চিকিৎসালয়ত উপস্থিত আছে বিধায়িকা পত্নী আৰু পুত্ৰ ।

লগতে পঢ়ক: বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী অসুস্থ; গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি