বিঘাত ২ লাখকৈ ৩ হাজাৰ বিঘা মাটি চিমেণ্ট কোম্পানীক: চকু থৰ ন্যায়ালয়ৰ
শপতনামা দিয়ক, আমি ফাইলসহ নথি বিচাৰো, এইদৰে দুই-তিনি পৃষ্ঠা নহয়, ফাইল দিব ৷ চিলিং আইন ক’লৈ গ’ল ? অসম চৰকাৰৰ মহাধিবক্তাক প্ৰশ্ন উচ্চ ন্যায়ালয়ৰ ।

Published : September 2, 2025 at 5:21 PM IST
গুৱাহাটী: কেৱল জনজাতিৰ বাবে সংৰক্ষিত ডিমা হাচাওৰ উমৰাংছ’ত মহাবল নামৰ চিমেন্ট কোম্পানীক বিশাল পৰিমাণৰ ভূমি দিয়াক লৈ বাৰুকৈয়ে ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে অসম চৰকাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ । ১ ছেপ্টেম্বৰত অনুষ্ঠিত এক শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিৰ বিচাৰপীঠে অব্যাহত ৰাখে নিজৰ কঠোৰ স্থিতি । সোমবাৰে গুৱাহাটী উচ্চ নায়ালয়ৰ বিচাৰপীঠৰ পোনপটীয়া প্ৰশ্ন—
- ষষ্ঠ অনুসূচীৰ মাটি হস্তান্তৰ কেনেকৈ ?
- ন্যায়াধীশৰ একাধিক প্ৰশ্নৰ সন্মুখীন হয় অসম চৰকাৰৰ মহাধিবক্তাগৰাকী ।
- দুদিনৰ ভিতৰত শপতনামা জমা দিব লাগিব অসম চৰকাৰে ।
- বিঘাত ২ লাখ টকাকৈ চিমেণ্ট কোম্পানীক ৩০০০ বিঘা মাটি বিক্ৰীৰ তথ্য অৱগত ন্যায়ালয়ক ।
- মাটি বিক্ৰীৰ সিদ্ধান্তৰ সকলো ফাইল জমা দিবলৈ ন্যায়ালয়ৰ নিৰ্দেশ ।
শেহতীয়াকৈ যোৱা ১২ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত পোহৰলৈ আহিছিল যে উত্তৰ কাছাৰ জিলাৰ ৩০০০ বিঘা মাটি চিমেণ্ট কোম্পানীক আবণ্টন দিয়া হৈছে । যি তথ্য শুনি চকু কপালত উঠিছিল ন্যায়াধীশৰ । কোম্পানীটোৱে আবণ্টন পোৱা ভূমিখিনি দখল কৰিবলৈ যাওতে স্থানীয় একাংশ লোকে বাধা আৰোপ কৰাৰ লগতে ন্যায়ালয়ৰ কাষ চাপে । আনহাতে মহাবল চিমেণ্টে নিজৰ আবণ্টিত মাটিৰ দখল আৰু সুৰক্ষা বিচাৰে ন্যায়ালয়ৰ ওচৰত । তেতিয়াই কোম্পানীটোৰ অধিবক্তাই ৩০০০ বিঘা ভূমি আবণ্টন পোৱা বুলি ন্যায়ালয়ত জনায় । এই তথ্যত আশ্বৰ্যচকিত হৈ পৰে শুনানি গ্ৰহণ কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি ।
এই তথ্য লাভৰ পিছতেই যোৱা ১২ আগষ্ট তাৰিখে লোৱা শুনানিটোত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদক ভূমি লেন-দেনৰ সকলো তথ্য ন্যায়ালয়ত দাখিল কৰিবলৈ নিৰ্দেশনা দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে । সেই অনুসৰি ১ ছেপ্টেম্বৰ সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে বিষয়টোত পৰৱৰ্তী শুনানি গ্ৰহণ কৰে । সোমবাৰে ন্যায়ালয়ত নিজেই উপস্থিত থাকে মহাধিবক্তা দেৱজিৎ শইকীয়া । সোমবাৰৰ শুনানিতো ন্যায়ালয়ত উন্মোচিত হয় আন কিছু গুৰুত্বপূৰ্ণ তথ্য । লগতে ন্যায়ালয় সন্তুষ্ট নহ’ল চৰকাৰী পক্ষই ন্যায়ালয়ত দাখিল কৰা ৩০০০ বিঘা ভূমি আবণ্টনৰ নথি-পত্ৰত । সেয়ে সকলো নথি নিৰ্দিষ্ট দিনৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে ।
যোৱা ১২ আগষ্টৰ শুনানিত চিমেণ্ট কোম্পানীৰ অধিবক্তাই ন্যায়ালয়ত জনাইছিল যে সেই ৩০০০ বিঘা মাটি লীজত দিয়া হৈছিল । কিন্তু সোমবাৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পক্ষৰ পৰা কোৱা হয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ পৰা প্ৰতি বিঘাত ২ লাখ টকাকৈ ডিমা হাছাওত ৩,০০০ বিঘা ভূমি এটা ব্যক্তিগত চিমেন্ট কোম্পানীয়ে ক্ৰয় কৰিছে । এই কথা গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই ।
আনহাতে পূৰ্বৰ শুনানিত এটা ব্যক্তিগত কোম্পানীক ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলত কি নীতিৰ আধাৰত ৩,০০০ বিঘা ভূমি গটোৱা হ'ল তাক লৈ আশ্চর্য প্ৰকাশ কৰি পৰিষদক সবিশেষ নথি জমা দিবলৈ নিৰ্দেশ দিছিল ন্যায়ালয়ে ।
সোমবাৰে ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ ৩০০০ বিঘা ভূমি মহাবল চিমেণ্ট কোম্পানীক আৱণ্টনক বিষয়ক গোচৰটোৰ শুনানিত অসম চৰকাৰৰ হৈ প্রতিনিধিত্ব কৰি মহাধিবক্তা দেৱজিৎ শইকীয়াই অসম চৰকাৰে বিষয়টো অনুসন্ধানৰ বাবে তিনিজনীয়া কমিটী গঠন কৰা বুলি ন্যায়ালয়ক জনায় । লগতে নিৰ্বাচন আহি থকা বাবে বহুতে বিষয়টোত সুবিধা লৈ অপপ্ৰচাৰ চলোৱাৰ চেষ্টা চলোৱা বুলি ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰে যদিও ন্যায়ালয়ে এইটো ন্যায়ালয়ৰ অধীনৰ বিষয় নহয় বুলি মন্তব্য় কৰে ।
ন্যায়ালয়ে মাত্ৰ কেনেকৈ ষষ্ঠ অনুসূচীৰ মাটি আবণ্টন দিয়া হ’ল, কি নীতিৰ আধাৰত দিয়া হ’ল — সকলো নথি এবাৰ চাব বিচাৰে বুলি উল্লেখ কৰে । ন্যায়াধীশগৰাকীয়ে কি নীতিৰ ভিত্তিত ষষ্ঠ অনুসূচীৰ এলেকাত এটা ব্যক্তিগত কোম্পানীক ৩,০০০ বিঘাকৈ ভূমি চিমেণ্ট ফেক্টৰীৰ বাবে আৱণ্টন দিয়া হ'ল বুলি চৰকাৰক পুনৰবাৰ প্রশ্ন কৰে । "কমিটী বনোৱাটো আপোনালোকৰ সিদ্ধান্ত । লগতে বিষয়টোক লৈ কোনে তদন্ত কমিটী বনাবলৈ নির্দেশ দিলে" বুলিও প্রশ্ন কৰে । লগতে, তিনিজনীয়া কমিটী গঠন কৰাত ন্যায়ালয়ৰ একো বাধা নাই বুলি উল্লেখ কৰে ।
তেতিয়াই ন্যায়াধীশ মেধিয়ে এই প্ৰশ্নৰ উত্তৰত মহাধিবক্তা দেৱজিৎ শইকীয়াই চিমেন্ট কোম্পানীক ৩,০০০ বিঘা ভূমি গটোৱাক লৈ ভুল বাখ্যা হোৱা বুলি উল্লেখ কৰি চিমেন্ট কোম্পানীটোৱে প্রতি বিঘাত ২ লাখ টকাকৈ ৩,০০০ বিঘা ভূমি স্বায়ত্ব শাসিত পৰিষদৰ পৰা ক্ৰয় কৰা বুলিহে জানিবলৈ দিয়ে ।
সকলো নিময় অনুসাৰে কৰি থকা হৈছে বুলি ন্যায়ালয়ক পতিয়ন নিয়াবলৈ চেষ্টা কৰা মহাধিবক্তাৰ বক্তব্যৰ প্ৰত্যুত্তৰত ন্যায়াধীশে কেনেকৈ এটা ব্যক্তিগত কোম্পানীয়ে ষষ্ঠ অনুসূচীৰ এলেকাত ৩ হাজাৰ বিঘা ভূমি কিনিব পাৰে বুলি প্ৰশ্ন কৰে । লগতে ন্যায়াধীশগৰাকীয়ে চিলিং আইন ক'ত গ'ল বুলি প্রশ্ন উত্থাপন কৰে । ন্যায়াধীশৰ প্ৰশ্নত পৰিষদৰ অধিবক্তাই স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগ বিভাগৰ অধীনত থকা অব্যৱহৃত ৬,০০০ বিঘা ভূমিৰ পৰা ৩,০০০ বিঘা ভূমি চিমেন্ট কোম্পানীটোক দিয়া হৈছে বুলি অৱগত কৰে । পৰিষদে ১৯৯৮ চনত ৬০০০ বিঘা মাটি পৰিষদৰ উদ্যোগ বিভাগক আৱণ্টন জনাইছিল বুলি অৱগত কৰে ।
ন্যায়াধীশ মেধিৰ এজনীয়া বিচাৰপীঠে সোমবাৰে মহাধিবক্তা দেৱজিৎ শইকীয়াক লগতে পৰিৱেশ সংক্ৰান্তীয় প্ৰমাণপত্ৰ ক’ত বুলি প্ৰশ্ন কৰি কয়, “মহাধিবক্তাই সকলো ঠিক আছে, ঠিক আছে বুলি কৈ আছে, কিন্তু চিমেন্ট ফেক্টৰীটোৰ বাবে পৰিৱেশ অনুকূল প্রমাণপত্ৰ ক'ত ? উমৰাংচ’ৰ দৰে জৈৱবৈচিত্ৰ্যৰ ৰম্যভূমিত চিমেন্ট কোম্পানী স্থাপনৰ বাবে কেন্দ্ৰীয় জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ৰ ক্লীয়াৰেন্স ক'ত আছে দেখাওক ।" ন্যায়াধীশগৰাকীয়ে লগতে কয়, “শপতনামা দিয়ক । আমি ফাইলসহ নথি বিচাৰো ৷ এইদৰে দুই-তিনি পৃষ্ঠা নহয় ৷ ফাইল দিব ৷“
অৱশ্যে, অসম চৰকাৰৰ মহাধিবক্তাই বর্তমান পৰ্যায়ত পৰিৱেশ অনুকূল প্রমাণপত্ৰৰ বিষয়টো আহি পৰা নাই পৰা বুলি উল্লেখ কৰি চিমেণ্ট ফেক্টৰীটোৰ কাষতে নুমলীগড় শোধনাগাৰৰ এটা প্ৰকল্পৰ বাবেও ভূমি আৱণ্টন কৰা প্রক্রিয়া অব্যাহত থকা বুলি অৱগত কৰে । মহাধিবক্তাজনে লগত সমগ্র বিষয়টোক লৈ চৰকাৰে শপতনামা দিব বুলি ন্যায়ালয়ক অৱগত কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰৱৰ্তী শুনানিত শপতনামা দাখিল কৰিবলৈ চৰকাৰী পক্ষক নির্দেশ দিয়ে । দুদিনৰ পিছত অহা ৪ ছেপ্টেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ন্যায়ালয়ে ।

