ডিব্ৰুগড় : প্ৰাকৃতিক পৰিৱেশ, ঐতিহাসিক সমল আৰু মঠ মন্দিৰেৰে ভৰি আছে অসম । অসমৰ পৰ্যটন ক্ষেত্ৰখনত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়-তিনিচুকীয়াৰ সীমান্ত বৰডুবিত থকা ৬০ বছৰ পুৰণি টিলিঙাৰে ভৰপূৰ মন্দিৰটোৱে । লাখ লাখ টিলিঙাৰে ভৰি থকা উজনি অসমৰ থকা মন্দিৰটোলৈ আহিছে নে আপুনি ?
এজোপা বটগছ আৰু শিৱ লিংগক কেন্দ্ৰ কৰি আৰম্ভ হোৱা টিলিঙা মন্দিৰটোত লোকবিশ্বাস অনুসৰি টিলিঙা বান্ধিলে বা দান কৰিলে মনোকামনা পূৰণ হয় । এই লোকবিশ্বাসক কেন্দ্ৰ কৰি প্ৰতিদিনে অসমৰ লগতেই বহিঃৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰেহি এই মন্দিৰত । প্ৰতিষ্ঠা দিনৰ পৰা বিভিন্নজনে নিজৰ মনোকামনা পূৰণ কৰিবলৈ বান্ধি যোৱা সৰু ডাঙৰ টিলিঙাৰে ভৰি পৰিছে মন্দিৰটো । যি পৰিবেশ দেখিলে আপোনাৰ মনটো পুলকিত হৈ পৰিব ।
কেনেকৈ প্ৰতিষ্ঠা হৈছিল টিলিঙাৰে ভৰি থকা মন্দিৰটো :
আধুনিক সমাজ ব্যৱস্থাই বিজ্ঞান প্ৰযুক্তিবিদ্যাক গুৰুত্ব প্ৰদান কৰিলেও আধ্যাত্মিকতাৰ বিশ্বাসৰ পৰা আঁতৰিব পৰা নাই সমাজৰ প্ৰতিজন ব্যক্তি । সেয়ে টিলিঙা মন্দিৰটোলৈ আহিছে প্ৰতিদিনে শ শ ভক্ত । স্থানীয় ৰাইজ আৰু মন্দিৰৰ দায়িত্বত থকা পূজাৰীৰ পৰা জানিব পৰা অনুসৰি ১৯৬৫ চনত প্ৰতিষ্ঠা হৈছিল এই মন্দিৰটো ।

সেই সময়ত এজন ব্যক্তিয়ে বটগছ জোপাৰ তলত শিৱ লিংগ প্ৰত্যক্ষ কৰিছিল । সেই কথা ৰাজহুৱা হোৱাৰ পাছতে বটগছৰ তলতে অঞ্চলটোৰ ৰাইজে শিৱ পূজা আৰম্ভ কৰিছিল । ইয়াৰ পৰাই দিন বাগৰাৰ লগে লগে লোকবিশ্বাস অনুসৰি বটগছৰ তলত পূজা কৰা ভক্তৰ সংখ্যা বাঢ়িল ।

মনৰ কামনা পূৰণৰ বাবে বিভিন্ন প্ৰান্তৰ ভক্তই বটগছত টিলিঙা বান্ধিবলৈ আৰম্ভ কৰে । তেনেকৈয়ে শিৱ লিংগ আৰু বটগছক কেন্দ্ৰ কৰি ৬০ বছৰে ভক্তপ্ৰাণ ৰাইজে পূজা কৰি টিলিঙা বান্ধি অহাত মন্দিৰটোৰ চৌহদত ভৰি পৰিছে টিলিঙাৰে । বৰ্তমান মন্দিৰ সমিতিয়ে বটগছত টিলিঙা বান্ধিবলৈ অনুমতি প্ৰদান নকৰে । ইয়াৰ পৰিৱৰ্তে লোহাৰ খুঁটাৰ ব্যৱস্থা কৰিছে টিলিঙা বান্ধিবৰ বাবে ।
কেনেকৈ যাব লাখ লাখ টিলিঙাৰে ভৰি থকা মন্দিৰটোলৈ :
প্ৰতিদিনে পুৱাৰ পৰা সন্ধিয়ালৈ শ শ ভক্তৰে ভৰি থকা টিলিঙা মন্দিৰটো বৰ্তমান পৰ্যটন ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে । দেশী-বিদেশী পৰ্যটকৰ ভিৰ বাঢ়িছে মন্দিৰটোলৈ । ডিব্ৰুগড়-তিনিচুকীয়াৰ সীমান্ত বৰডুবিত থকা ৬০ বছৰ পুৰণি টিলিঙাৰে ভৰপূৰ মন্দিৰটোলৈ যদি আপুনি যাব খোজে, তেন্তে তিনিচুকীয়া নগৰৰ পৰা আহিব পাৰিব আৰু ডিব্ৰুগড়, দুলীয়াজন আৰু টেঙাখাতৰ পৰাও আহিব পাৰিব ।

দুলীয়াজানৰ পৰা টিলিঙা মন্দিৰলৈ প্ৰায় দহ কিলোমিটাৰ আৰু তিনিচুকীয়া নগৰৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ আহিলেই আপুনি পাব এই টিলিঙা মন্দিৰটো ।
শ শ পাৰ চৰাইৰে ভৰি থাকে মন্দিৰৰ চৌহদ :
টিলিঙা মন্দিৰটোলৈ আহিলে কেৱল টিলিঙাই দেখিবলৈ পাব তেনে নহয় মন্দিৰটোৰ চৌহদত ভৰি আছে শ শ পাৰ চৰাই । বিভিন্ন ভক্তই শিৱক সন্তুষ্ট কৰিবলৈ মন্দিৰটোত পাৰ চৰাই মেলি আহিছে । তেনেকৈ এটা দুটাকৈ শ শ পাৰ হ'ল মন্দিৰটোত । মন্দিৰলৈ এতিয়া আপুনি গ'লে ভয় খাই পাৰ উৰি যোৱাৰ সলনি আপোনাৰ পৰা কিবা খাবলৈ আগুৱাই আহে ।

বিভিন্ন ভক্তই পাৰ সমূহক খাদ্য দি যায় । সেয়ে মন্দিৰৰ চৌহদত ভক্তই অনা খাদ্যৰ বাবে অপেক্ষাত থাকে শ শ পাৰ চৰাই । যি দৃশ্য দেখিলে মনটো পুলকিত হ'ব আপোনাৰ ।
প্ৰতিদিনে পুৱা ৭ বজাত খোলা হয় মন্দিৰৰ গেট :
বছৰৰ প্ৰতিটো দিনতে দূৰ-দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজে পুৱাৰ পৰা গধূললৈ ভিৰ কৰে মন্দিৰটোত । সেয়ে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ মন্দিৰৰ গেট খোলা থাকে বুলি জানিবলৈ দিছে মন্দিৰৰ পূজাৰী ধনঞ্জয় পাণ্ডেয়ে । তেওঁ লগতে কয়, অশ্বনী পাণ্ডে মন্দিৰৰ মূল পূজাৰী । ইয়াৰ উপৰিও প্ৰতিদিনে দুই তিনিজন সহায়কাৰী ল'ব লগা হয় ।

ভক্তসকলে যি অৰিহণা আগবঢ়াই তাৰ পৰাই সকলো পাৰিশ্ৰমিক লোৱা হয় । ভক্তৰ সংখ্যা প্ৰতিদিনেই বৃদ্ধি পাই আহিছে গতিকে কেতিয়াবা মন্দিৰত কাম কৰা মানুহৰ সংখ্যা বৃদ্ধি কৰিব লগা হয় ।
টিলিঙা মন্দিৰক কেন্দ্ৰ কৰি অঞ্চলটো হৈ পৰিছে ব্যৱসায়িক কেন্দ্ৰস্থল :
বৰ্তমান সময়ত যাতায়তৰ ব্যৱস্থা সুচল হৈ পৰাত দৈনিক যথেষ্ট সংখ্যক ভক্ত আহি টিলিঙা মন্দিৰ দৰ্শন কৰেহি । সেয়ে টিলিঙা মন্দিৰক কেন্দ্ৰ কৰি অঞ্চলটো হৈ পৰিছে ব্যৱসায়িক কেন্দ্ৰস্থল । মন্দিৰৰ কাষত পথৰ দুই কাষে গঢ়ি উঠিছে সৰু ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান । ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত সৰু ডাঙৰ টিলিঙা, পূজাৰ সকলো সামগ্ৰী পোৱা যায় । ফলত টিলিঙা মন্দিৰলৈ অহা ভক্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত এই ব্যৱসায়ীসকলৰ উপাৰ্জনো ভাল হৈ আহিছে । ফলত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দুই তিনিজন কৰ্মচাৰী ৰাখিব লগা হৈছে প্ৰতিষ্ঠানৰ গৰাকীয়ে ।
