হাৰ্ডৱেৰ দোকানীক শকত হোৱাৰ ৰহস্যৰ বিষয়ে প্ৰশ্ন সুধি চিকিৎসালয় পালেগৈ গ্ৰাহক - Negative impact of appreciation
Negative impact of appreciation : কোনো লোকক প্ৰশংসা কৰাৰ আগত বাৰম্বাৰ ভাবি চাওক ৷ এজন হাৰ্ডৱেৰ দোকানীক ধুনীয়া আৰু শকত হোৱাৰ আঁৰৰ ৰহস্যৰ বিষয়ে প্ৰশ্ন সুধি চিকিৎসালয় পালেগৈ গ্ৰাহক ৷

Published : March 28, 2024 at 5:03 PM IST
জোনাই, ২৮ মাৰ্চ : বৰ্তমান সমগ্ৰ ৰাজ্যতে লোকসভা নিৰ্বাচনৰ গৰম বতাহ বলি থকা প্ৰাকক্ষণত জোনাইত সংঘটিত হৈছে এক আশ্চৰ্যজনক ঘটনা ৷ এই ঘটনা বুধবাৰৰ ।
জানিব পৰা অনুসৰি, বাহিৰ জোনাইৰ মালভোগ গাঁৱৰ নিবাসী কোঙ চিন্তে নামৰ লোকজনে নিজ ঘৰত ব্যৱহাৰ কৰা টিনপাত কিনিবলৈ জোনাই সদৰৰ কানহায়া মাঝিৰ হাৰ্ডৱেৰ বিপণিখনলৈ নিজৰ পুত্ৰ আৰু এজন সম্পৰ্কীয় ব্যক্তিৰ সৈতে গৈছিল ৷ প্ৰথমতে সকলো ঠিকেই আছিল ।
হঠাৎ বিপণিখনৰ গৰাকী কানহায়া মাঝিক শকত আৰু ধুনীয়া হোৱা দেখি, কোঙ নামৰ লোকজনে মাঝিৰ শকত হোৱাৰ আঁৰৰ ৰহস্যৰ বিষয়ে জানিবলৈ খুজি এক প্ৰশ্ন কৰে ৷ লোকজনৰ প্ৰশ্নত মাঝি খঙত টিঙিৰিতুলা হৈ গ্ৰাহকজনক অতৰ্কিতে প্ৰহাৰ কৰে ।
দোকানীজনৰ প্ৰহাৰত লোকজন অচেতন হৈ পৰাত লগে লগে তেওঁক পৰিয়ালৰ লোকে তাৎক্ষণিকভাৱে উন্নত চিকিৎসাৰ বাবে জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
ঘটনা সন্দৰ্ভত কোঙ চিন্তেৰ পুত্ৰই অভিযোগ কৰি কয় যে, কানহায়া মাঝিৰ প্ৰহাৰত বয়সীয়া কোঙ চিন্তে অচেতন হৈ দোকানত আৰি থোৱা টিঙত খুন্দা খাই মূৰে কপালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । তেওঁৰ পিতৃয়ে বন্ধুসুলভ ভাৱেহে কানহায়া মাঝিক তেওঁ শকত আৰু ধুনীয়া হোৱা বুলি প্ৰশংসা কৰিছিল ৷ যিহেতু তেওঁলোকে পূৰ্বৰে পৰা কানহায়াৰ দোকানলৈ অহা যোৱা কৰিছিল ৷ কানহায়াৰ সৈতে তেওঁলোকৰ সম্পৰ্ক বন্ধুসুলভ আছিল ৷ কিন্তু কি কথাত কানহায়াই তেওঁৰ পিতৃক এনেদৰে আক্ৰমণ কৰে সেই কথাক লৈ তেওঁলোকো আচৰিত হয় ৷
ইপিনে ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী কোঙ চিন্তেৰ পৰিয়ালে কানহায়া মাঝিৰ বিৰুদ্ধে জোনাই আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ সত্তৰোৰ্ধৰ ব্যক্তিৰ মৃতদেহ - DEADBODY RECOVERED

