ETV Bharat / state

হাতে হাতে জাতীয় পতাকা লৈ গোলাঘাটত ত্ৰিৰংগা যাত্ৰা : মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ অংশগ্ৰহণ - Har Ghar Tiranga

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 6:31 PM IST

Har Ghar Tiranga in Golaghat : দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী । ইতিমধ্যে দেশজুৰি স্বাধীনতা দিৱসৰ বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে । তাৰেই অংশ হৈছে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী । গোলাঘাটতো বুধবাৰে উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা । ইয়াত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।

Har Ghar Tiranga in Golaghat
গোলাঘাটত ত্ৰিৰংগা যাত্ৰা (ETV Bharat Assam)

গোলাঘাট, ১৪ আগষ্ট : ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ অধীনত ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ সজাগতা সৃষ্টিৰ বাবে গোলাঘাট পৌৰসভাৰ পৰা এক সমদল উলিওৱা হয় । সমগ্ৰ দেশৰ লগতে গোলাঘাটতো বুধবাৰে অসম চৰকাৰৰ নিৰ্দেশনা অনুযায়ী গোলাঘাট পৌৰসভাৰ উদ্যোগত এই সমদল উলিওৱা হয় । ইয়াত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।

আনহাতে, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী অজন্তা নেওগে সংবাদ মাধ্যমৰ আগত কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীক জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । সমগ্ৰ দেশে ত্ৰিৰংগ পতাকাৰ প্ৰতি সন্মান জনাই হাতে হাতে জাতীয় পতাকা লৈ ৰাজপথলৈ ওলাই আহিছে । গোলাঘাটতো হাজাৰ হাজাৰ পুৰুষ-মহিলাই হাতে হাতে ত্ৰিৰংগ পতাকা লৈ ওলাই আহিছে । এই মুহূৰ্তত দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ লগতে মুক্তিযুঁজাৰুসকলৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ।"

তেওঁ লগতে কয়, "স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু আত্মবলিদানৰ বাবে ভাৰতে বৰ্তমান এই অৱস্থা পাইছে । আজিৰ এই শোভাযাত্ৰাৰ জৰিয়তে নতুন প্ৰজন্মক দেশপ্ৰেমৰ ভাবধাৰা জাগ্ৰত কৰাৰ লগতে ভাৰতৰ স্বাধীনতাৰ শতবৰ্ষ পূৰ্তিত বিশ্বগুৰু আসনত উপবিষ্ট হ'ব ।"

আনহাতে, হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয়, "ত্ৰিৰংগা যাত্ৰাই ভাৰতবৰ্ষৰ লগতে অসমৰ সকলো লোকৰ মন চুই গৈছে । ইয়াৰ দ্বাৰা নৱপ্ৰজন্ম উদ্বুদ্ধ লোৱাৰ লগতে ভাৰতবৰ্ষৰ জনসাধাৰণে গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আস্থা ৰাখিব বুলি আহ্বান জনালো । কাৰণ গণতান্ত্ৰৰ প্ৰতি আস্থা ৰাখিলেহে সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলাৰ লগতে সকলো দিশতে দেশ আগবাঢ়ি যোৱাত সহায় কৰিব ।"

উল্লেখ্য যে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৯ আগষ্টৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট নগৰতো বিভিন্ন কাৰ্যসূচী পালন কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে ।

লগতে পঢ়ক :খানাপাৰাত স্বাধীনতা দিৱসৰ প্ৰস্তুতি : পেৰেডৰ অন্তিম আখৰা পৰিদৰ্শন আৰক্ষী সঞ্চালক প্ৰধানৰ - Independence Day 2024
লগতে পঢ়ক :খাদী পতাকাৰ বজাৰ দখল কৰিছে চিল্কৰ পতাকাই: উদ্বেগ ব্যৱসায়ীৰ - Demand for Khadi flag

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.