ETV Bharat / state

প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহক অসমৰ 'লেণ্ড অৱ লেকছ' খ্য়াত চহৰখনলৈ - LAND OF LAKES

সমুদ্ৰপৃষ্ঠৰ পৰা ১৬৮৩ ফুট উচ্চতাত অৱস্থিত অসমৰ এখন চহৰ । কুঁৱলীৰে আবৃত পাহাৰৰ মাজত আছে এটা হ্ৰদ । জানিবলৈ পঢ়ক...

Haflong city of Assam
হাফলং চহৰৰ মাজমজিয়াত অৱস্থিত হ্ৰদটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 15, 2025 at 9:28 PM IST

Updated : June 15, 2025 at 9:46 PM IST

3 Min Read

হাফলং : এসময়ত অসমৰ এখন চহৰক 'দ্য লেণ্ড অৱ লেকছ' বুলি কোৱা হৈছিল । ব্ৰিটিছ যুগত এই চহৰখনে গুৰুত্বও লাভ কৰিছিল প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে । এই চহৰখন সমুদ্ৰপৃষ্ঠৰ পৰা ১৬৮৩ ফুট উচ্চতাত অৱস্থিত । আজিও এই চহৰখনৰ মাজমজিয়াতেই আছে এটি হ্ৰদ । পৰ্যটকসকলে এই হ্ৰদটোৰ পাৰত জিৰণি লৈ খোজ কাঢ়িব পাৰে । জিৰণি লৈয়েই হ্ৰদৰ চাৰিফালৰ মনোমুগ্ধকৰ দৃশ্য উপভোগ কৰিব পাৰে । ইয়াত আছে এখন ওলোমা দলং ।

হ্ৰদটো প্ৰাকৃতিক সৌন্দৰ্যৰে আগুৰি আছে । সেউজীয়া আৰু কুঁৱলীৰে আবৃত পাহাৰে এক চিত্ৰময় পটভূমি প্ৰদান কৰিছে হ্ৰদটোৱে । আপোনাৰ জানিবলৈ মন যোৱা নাই নে এই চহৰখন কোনখন জিলাত আছে ? অসমৰ অন্যতম পাহাৰীয়া জিলা হিচাপে পৰিচিত ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত সদায় আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে এই হ্ৰদটো ।

'দ্য লেণ্ড অৱ লেকছ' বুলি খ্য়াত হাফলং (ETV Bharat Assam)

হাফলঙৰ পুৰণি নাম কি ?

প্ৰাকৃতিক মনোমোহা দৃশ্যৰে ভৰপূৰ অসমৰ এখন অন্য়তম চহৰ হৈছে হাফলং । হাফলং নামটো ডিমাছা শব্দ । Haflau বা Hangkhlong শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয় ৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পাহাৰ । ব্ৰিটিছ যুগত ইয়াক 'দ্য লেণ্ড অৱ লেকছ' বুলি কোৱা হৈছিল । ডিমা হাছাওৰ সদৰ চহৰ হাফলং হৈছে এক আকৰ্ষণীয় পৰ্যটনস্থলী । সেউজীয়া পাহাৰেৰে আৱৰা হাফলং চহৰখনৰ মাজমজিয়াত অৱস্থিত বিশাল হ্ৰদটো প্ৰাকৃতিক জলভাগেৰে পৰিপূৰ্ণ । ইয়াৰ সৌন্দৰ্য, নাও চলোৱাৰ সুবিধা, জিপ লাইনিং, ওলমি থকা দলঙৰ বাবে বিশেষকৈ জনাজাত । হ্ৰদটোৰ চাৰিওফালে আছে কুঁৱলীৰে আবৃত্ত পাহাৰ ।

Haflong city of Assam
হাফলং চহৰৰ মাজমজিয়াত অৱস্থিত হ্ৰদটোৰ ওলোমা দলং (ETV Bharat Assam)

হাফলং চহৰৰ মাজমজিয়াত অৱস্থিত হাফলং হ্ৰদটো । এই হ্ৰদটোত পৰ্যটকসকলে নাও চলোৱাৰ আনন্দ ল’ব পাৰে । তদুপৰি জিপ লাইনঙৰ আনন্দও উপভোগ কৰিব পাৰে । ইয়াৰ পাৰত জিৰণি লৈ খোজকাঢ়িব পাৰে । জিৰণি লৈয়েই হ্ৰদৰ চাৰিফালৰ দৃশ্য উপভোগ কৰিব পাৰে । হ্ৰদটোৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াৰ ওপৰতেই ওলমি আছে এখন দলং ।

ঐতিহাসিক তাৎপৰ্য :

ব্ৰিটিছ অভিযন্তা বায়াজেন আৰু জে চি কাৰটিঙে হাফলঙত থকাৰ সময়তে এই হ্ৰদটো নিৰ্মাণ কৰিছিল । এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত বন বিষয়া তথা প্ৰবীণ নাগৰিক বহিম চন্দ্ৰ লাংথাচাই কয়, "ব্ৰিটিছ অভিযন্তা সকল অঞ্চলটোত থকাৰ সময়চোৱাত নিৰ্মাণ কৰা হৈছিল এই হ্ৰদটো । গ্ৰেণ্ড ইষ্টাৰ্ণ হলিডেছৰ মতে, এই নিৰ্মাণৰ তদাৰক কৰিছিল ব্ৰিটিছ অভিযন্তা বায়াজেন আৰু জে চি কাৰটিঙে । হাফলং চহৰৰ মাজমজিয়াত এই হ্ৰদটো নিৰ্মাণ কৰিছিল আমোদ-প্ৰমোদৰ বাবে । ইয়াৰ পিচতে এই হ্ৰদটো পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে ।"

Haflong city of Assam
হাফলং চহৰৰ মাজমজিয়াত অৱস্থিত হ্ৰদটোৰ সৌন্দৰ্য (ETV Bharat Assam)

কেনেকৈ যাব এইখন চহৰলৈ ?

গুৱাহাটীৰ পৰা লামডিং হৈ ৰে'ল যোগে যাব পাৰিব হাফলঙলৈ । উত্তৰ পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই বিশেষকৈ হাফলঙলৈ অহাৰ বাবে গুৱাহাটীৰ পৰা পৰ্যটক সকলৰ বাবে এখন বিশেষ ভিস্থাডম ৰে'ল আৰম্ভ কৰিছে । এই বিশেষ ৰে'ল যোগে পাহাৰৰ প্ৰাকৃতিক মনোমোহা দৃশ্য উপভোগ কৰিব পাৰে । গুৱাহাটীৰ পৰা হাফলঙৰ দূৰত্ব হৈছে ২০৩ কিলোমিটাৰ । গুৱাহাটীৰ পৰা নগাঁও -লংকা- লামডিং হৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে হাফলঙলৈ যাব পাৰি ।

লগতে পঢ়ক:অতুলনীয় প্রাকৃতিক সৌন্দৰ্য তথা জৈৱ-বৈচিত্ৰ্যৰ সাক্ষ্য বহনকাৰী 'পবা'ৰ কথাৰে... - POBA RESERVE FOREST

ঐতিহাসিক পল্টন পুখুৰীৰ বিষয়ে জানেনে ? গোহাঞিবৰুৱাৰে কি সম্পৰ্ক এই পুখুৰীৰ ? - HISTORIC PALTAN POND

Last Updated : June 15, 2025 at 9:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.