গুৱাহাটীলৈ যাবলগীয়া আছে নেকি ? চাই লওক নতুন পথ নিৰ্দেশনা
আদবাটত লটিঘটি হোৱাৰ মন নাই যদি চাই লওক সলনি হোৱা পথৰ নিৰ্দেশনাসমূহ...

গুৱাহাটী মহানগৰীৰ নতুন পথ নিৰ্দেশনা (ETV Bharat Assam)

Published : March 2, 2025 at 6:39 PM IST
গুৱাহাটী: সোমবাৰৰ পৰা গুৱাহাটীত যাতায়াত কৰাৰ আগতে জানি লওক পথৰ নিয়ম । কিয়নো কাইলৈৰ পৰা বন্ধ থাকিব জি এছ ৰোডৰ ডাউন টাউনৰ পৰা ছয়মাইললৈ যোৱা পথছোৱাত যাতায়াত । নিশা ১১.৩০ বজাৰ পৰা পুৱা ৪.৩০ বজালৈ যাতায়াত বন্ধ থাকিব জি এছ ৰোডৰ ডাউন টাউনৰ পৰা ছয়মাইললৈ পথছোৱাত । পথছোৱাত নিৰ্মাণ হৈ থকা উৰণসেতুৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই সময়ছোৱাত বন্ধ থাকিব যাতায়াত ।
পথছোৱা বন্ধ থকাৰ সময়ত বিকল্প পথেৰে কৰিব লাগিব যাতায়াত । এই সময়ছোৱাত ব্যৱহাৰ কৰিবলগীয়া বিকল্প পথ সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে নিৰ্দেশনা । আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি-
- ছয়মাইল উৰণসেতু আৰু ডাউন টাউনৰ (দুয়োটা ট্ৰেকৰ ) মাজত জি এছ ৰোডত সকলো বাহন চলাচল ৩ মাৰ্চৰ পৰা দৈনিক নিশা ১১.৩০ বজাৰ পৰা পুৱা ৪.৩০ বজালৈ বন্ধ কৰা হ'ব ।
- খানাপাৰাৰ ফালৰ পৰা ভি আই পি ৰোড/পাঞ্জাবাৰী ৰোড/ জয়ানগৰ পথৰ ফালে অহা সকলো বাহন ছয়মাইল ছাৰ্ভিচ ৰোডৰ মাজেৰে চলাচল কৰিব পাৰে ।
- খানাপাৰাৰ ফালৰ পৰা দিছপুৰ অভিমুখে অহা বাহনবোৰ জয়ানগৰ পথ-বেলতলা বজাৰ ৰোড, বেলতলা ছাৰ্ভে পথ -লাষ্টগেট হৈ যাব পাৰিব ৷
- পাঞ্জাবাৰীৰ ফালৰ পৰা দিছপুৰ অভিমুখে অহা বাহনবোৰ জয়ানগৰ পথ-বেলতলা বজাৰ ৰোড, বেলতলা-ছাৰ্ভে পথ- লাষ্টগেট হৈ যাব পাৰিব ৷
- চচল/আনন্দ নগৰৰ ফালৰ পৰা দিছপুৰ অভিমুখে অহা বাহনবোৰ জয়ানগৰ পথ-বেলতলা বজাৰ ৰোড, বেলতলা-ছাৰ্ভে পথ, লাষ্টগেট হৈ যাব পাৰিব ।
- ৰুক্মিণীগাঁও দিশৰ পৰা দিছপুৰ অভিমুখে যোৱা সকলো বাহনে বেলতলা চাৰ্ভে পথ বা জি এন আৰ চি দিছপুৰ ৰোড হৈ যাব পাৰিব ৷
- জয়ানগৰৰ ফালৰ পৰা দিছপুৰ অভিমুখে অহা বাহনবোৰে বেলতলা বজাৰলৈ চলাচল কৰিব পাৰিব
- গণেশগুৰিৰ ফালৰ পৰা খানাপাৰা অভিমুখে অহা বাহনবোৰ ছুপাৰ মাৰ্কেট ফ্লাইঅভাৰ পইণ্টত লাষ্টগেটৰ ফালে পৰিৱৰ্তন কৰা হ'ব । এনে সকলো বাহনে বেলতলা-বশিষ্ঠ ৰোড হৈ যাব লাগিব ৷
- গণেশগুৰিৰ ফালৰ পৰা ডাউন টাউন ছয়মাইল অভিমুখে অহা সকলো বাহনে ছুপাৰ মাৰ্কেট ফ্লাইঅভাৰৰ ছাৰ্ভিচ ৰোড ল'ব পাৰে আৰু ডাউন টাউন দ্বাৰকা পথ-আনন্দ নগৰ পথৰ মাজেৰে যাব পাৰে ।
- লাষ্টগেটৰ ফালৰ পৰা ডাউন টাউন অভিমুখে অহা সকলো বাহনে ছুপাৰ মাৰ্কেট ফ্লাইঅভাৰৰ ছাৰ্ভিচ ৰোড ল'ব পাৰিব ।

