ETV Bharat / state

১২ দিন তীব্ৰ জল সংকটত ভুগিব লাগিব গুৱাহাটী মহানগৰবাসীয়ে

প্ৰথম পৰ্যায়ত ১২-১৫ ফেব্ৰুৱাৰী, দ্বিতীয় পর্যায়ত ১৯-২২ ফেব্ৰুৱাৰী আৰু তৃতীয় পর্যায়ত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব জল বোৰ্ডৰ পানী যোগান ।

Guwahati water supply
১২ দিন তীব্ৰ জল সংকটত ভুগিব লাগিব গুৱাহাটী মহানগৰবাসীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 12:27 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : তীব্ৰ জল সংকটত ভুগিব লাগিব গুৱাহাটী মহানগৰবাসীয়ে । মহানগৰখনত খোৱাপানীৰ এই তীব্র নাটনিৰ সময়ছোৱাত ১২ দিন পানী যোগান বন্ধ কৰি পাইপৰ ঢাকনিকে ধৰি অন্য বিজুতি চোৱা-চিতাৰ বাবে এই ব্যৱস্থা গ্রহণ কৰিছে জল বোৰ্ডে ।

কেতিয়াৰ পৰা গুৱাহাটীত বন্ধ থাকিব পানী যোগান

Guwahati water supply
জলবোৰ্ডৰ জাননী (ETV Bharat Assam)

ৰব'টিক জৰীপৰ বাবে বুধবাৰৰ পৰা তিনিটা পর্যায়ত পানী যোগান বন্ধ থাকিব । ইয়াৰে প্রথম পর্যায়ত বুধবাৰে অর্থাৎ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব জল বোৰ্ডৰ পানী । তদুপৰি দ্বিতীয় পর্যায়ত ১৯ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰী আৰু তৃতীয় পর্যায়ত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰী পর্যন্ত পানী যোগান বন্ধ কৰা হ'ব বুলি এক ৰাজহুৱা জাননীযোগে প্রকাশ কৰিছে ।

Guwahati water supply
জল বোৰ্ডৰ ৰব'টিক জৰীপ (ETV Bharat Assam)

জল বোৰ্ডৰ এই জাননীৰ পিছতে ৰাজধানী মহানগৰৰ বাসিন্দাৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিয়নো খৰালিৰ এই সময়ছোৱাত গুৱাহাটী মহানগৰীত ভূগৰ্ভৰ পানীৰ স্তৰ কমি যোৱাৰ ফলত পানীৰ নাটনি হয় । সেয়ে এই সময়ছোৱাতে জল বোৰ্ডৰ এনে পদক্ষেপক ৰাইজে একেমুখে গৰিহণা দিছে । লগতে পানী পৰিবাহী পাইপৰ বিজুতিৰ পৰীক্ষাৰ নামত বাৰে বাৰে পানী বন্ধ কৰাটো সহ্য কৰা নহ'ব বুলিও বহু গ্রাহকে জল বোর্ডক সকীয়াই দিছে ।

Guwahati water supply
জল বোৰ্ডৰ ৰব'টিক জৰীপ (ETV Bharat Assam)

এই সন্দৰ্ভত মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীৰ সাধাৰণ সম্পাদক বীৰেণ শৰ্মাই কয়, "পানী যোগান আঁচনিৰ কাম ২০০৯ চনতে আৰম্ভ হৈছিল আৰু ২০১১ চনত পানী যোগান ধৰাৰ কথা আছিল । কিন্তু মহানগৰবাসীয়ে ২০২২-২৩ চনলৈ অপেক্ষা কৰিবলগীয়া হ'ল । তাৰ পিছতো সম্পূৰ্ণৰূপে পানী যোগান ধৰিব পৰা নাই । ৰব'টিক ছাৰ্ভেৰ নামত জল বোৰ্ডে পানী যোগান বন্ধ ৰাখিলে বিকল্প ব্যৱস্থাৰে সেই অঞ্চলবোৰৰ ৰাইজক পানী যোগানৰ ব্যৱস্থা কৰক । কিয়নো এই সময়ছোৱাত ভূগৰ্ভৰ পানী শুকাই যোৱাৰ ফলত কুঁৱা, ব'ৰিং আদি শুকাই যায় । সেয়েহে জাননী এখন দি দায়িত্ব সামৰিলেই নহ'ব ।"

লগতে পঢ়ক :কাজিৰঙাৰ পৰা বহু শিকিবলগীয়া আছে... উপলব্ধি কৰিছে বিশ্বই - KAZIRANGA NATIONAL PARK
লগতে পঢ়ক :চাবি ১০ কোছা, ATM card ৩ খন, চশমা ৮ যোৰ, স্কাৰ্ফ ১৩ খন... ! আপোনাৰো কিবা হেৰাইছে নেকি ? - SANKARDEV SANGHA JORHAT SESSION