ETV Bharat / state

আপোন শিল্পীগৰাকীক চাবলৈ হ'লে মহানগৰীৰ কোনটো পথেৰে আপুনি যাব লাগিব, জানেনে ?

জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ চাবলৈ হ'লে আপুনি যানবাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু নিয়মাৱলী মানি চলিব লাগিব । সেয়া হ'ল -

TRAFFIC POLICE IMPOSE RESTRICTIONS
প্ৰতিকী ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 10:58 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : আৰু কিছু সময় । অন্ত পৰিব অসমবাসীৰ অপেক্ষা । অসমভূমি পাবহি অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ । আপোন মানুহজনক শেষবাৰৰ বাবে এবাৰ চাবলৈ হিলদলভাঙি ওলাই আহিছে সৰ্বস্তৰৰ জনতা ।

কি খাৰঘূলি, কি কাহিলিপাৰা কিম্বা কি অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প । ৰাস্তাই ঘাটে সকলোতে কেৱল মানুহৰ শাৰী ।

আজি নিশা ছিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হোৱাৰ পাচত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ নিশাই দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়া বিমানযোগে অসমলৈ অনা হ'ব । গুৱাহাটীত উপস্থিত হোৱাৰ পাছত তেওঁৰ নম্বৰ দেহ প্ৰথমে মহানগৰীৰ ভগদত্তপুৰস্থিত বাসগৃহলৈ লৈ যোৱা হ'ব আৰু ইয়াতেই পৰিয়ালৰ সদস্যসকলে শেষশ্রদ্ধা জ্ঞাপন কৰিব ।

তাৰ পাছত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পলৈ নিয়া হ'ব আৰু সাধাৰণ ৰাইজে তেওঁৰ প্ৰতি ইয়াতেই অন্তিম শ্রদ্ধা জনোৱাৰ ব্যৱস্থা কৰা হ'ব । লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, ভগদত্তপুৰস্থিত বাসগৃহ আৰু অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রাংগণত বৃহৎ সংখ্যক অনুগামী আৰু ৰাইজৰ সমাগম কৰাৰ সম্ভাৱনা আছে ।

এই পৰিপ্ৰেক্ষিতত, গুৱাহাটী যান-বাহন আৰক্ষীযে তলত উল্লেখ কৰা পথসমূহত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু বিধানিষেধ আৰোপ কৰিছে, যাতে এই সময়ছোৱাত যান-বাহনৰ সুশৃংখলিত গতি অব্যাহত থাকে ।

যানবাহনৰ চলাচলৰ ক্ষেত্ৰত নিয়মাৱলী :

১. সকলোধৰণৰ বাণিজ্যিক সামগ্রী কঢ়িওৱা যানবাহনৰ চলাচল ৰাষ্ট্ৰীয় ঘাইপথ-২৭ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-১৭ৰে ২১ ছেপ্টেম্বৰ, পুৱা ৬ বজাৰ পৰা ৰাতি ১১ বজালৈ নিষিদ্ধ কৰা হৈছে । পৰৱৰ্তী নির্দেশনা নিদিয়া পর্যন্ত এই নির্দেশাৱলী বাহাল থাকিব ।

guwhati traffic police impose restrictions
যানবাহনৰ চলাচলৰ ক্ষেত্ৰত নিয়মাৱলী (ETV Bharat)

২. অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত শ্রদ্ধাজলি জ্ঞাপন কৰিবলৈ অহা লোকসকলৰ বাবে-

  • ৰাষ্ট্ৰীয় ঘাইপথ-২৭ ৰ ৰংমন পইন্টত নামিব লাগিব
  • তাৰ পিছত গেট নং ১এ ৰে প্ৰৱেশ কৰিব লাগিব
  • শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত গেট নং ৩ ৰে প্ৰস্থান কৰিব । তেওঁলোকে নামঘৰ পথ, গৰলীয়া অথবা হলি গগৈ পথ লৈ ৰাষ্ট্ৰীয় ঘাইপথ-২৭/ছার্ভিচ ৰোড অভিমুখে যাব পাৰিব ।
  • অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত কোনো যানবাহনৰ প্ৰৱেশৰ অনুমতি দিয়া নহ'ব ।
  • অত্যাৱশ্যকীয়/জৰুৰীকালীন/মিডিয়া (DSNG) যানবাহনসমূহ কেৱল গেট নং ১চিৰে প্ৰবেশ কৰি ইনড'ৰ ষ্টেডিয়ামৰ আগত ৰাখিব পাৰিব ।

৩. ৰাষ্ট্ৰীয় ঘাইপথ-২৭ ৰ ছাৰ্ভিচ ৰোড-লখৰা আণ্ডাৰব্রিজৰ পৰা নালাগাৰা (অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ সম্মুখলৈ)-কোনো যানবাহন চলাচল নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে ।

৪. অৱশ্যে জৰুৰীকালীন যানবাহনসমূহ যেনে অগ্নি নির্বাপক বাহন, এম্বুলেন্স, জীৱন ৰক্ষাকাৰী ঔষধ বাহক যানবাহন, অক্সিজেন চিলিণ্ডাৰ বাহক যানবাহন, বিদ্যালয়ৰ বাহন, ওচৰ-পাজৰৰ স্থানীয় ৰাইজ আদিৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব ।

৫. অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ ভিতৰত কোনো যানবাহন ৰখাৰ অনুমতি দিয়া নহ'ব ।

পাৰ্কিং স্থান

guwhati traffic police impose restrictions
যানবাহনৰ চলাচলৰ ক্ষেত্ৰত নিয়মাৱলী (ETV Bharat)

ক) খানাপাৰা ফালৰ পৰা অহা বাহনৰ বাবে -

  • লখৰা বিহুতলি, চাগলপাৰা পথৰ মহিন্দ্রা ট্রেক্টৰ ষ্টক য়ার্ড ৰোড
  • চাইকেল ট্রেক, সাউকুছি
  • বাঁথৌপুৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়, আই এছ বি টিৰ ওচৰত
  • বড়ো সাহিত্য সভা, আই এছ বি টিৰ ওচৰত
  • বি চি জৈন পার্কিং, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ ৰোডত
  • গণেশ কাটা, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ ৰোড
  • মইনা পাৰিজাত, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চার্ভিচ ৰোড
  • বৰাগাঁও পথকে ধবি শ্বহীদ নিৱাস ফিল্ড

খ) জালুকবাৰী ফালৰ পৰা বাহনৰ বাবে

  • বশিষ্ঠ মন্দিৰপথ, জি এম চি পার্কিং, খানাপাৰা
  • আই এছ বি টি খানাপাৰা, গ্রীণউড ৰিজৰ্ট
  • এ ডি আৰ পার্কিং, কালি মন্দিৰ ৰোড
  • পিংকু পার্কিং, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ ৰোড
  • ইনলেন্ড ৱাটাৰ ট্রেন্সপোর্ট পার্কিং, কালি মন্দিৰ ৰোড
  • বালাজী পার্কিং, আই এনছ বি টিৰ ওচৰত
  • সোণকুছি সোণালী সংঘ ফিল্ড, চাগলপাৰা ৰোড

গ) অসামৰিক আৰু আৰক্ষী প্রশাসনৰ বাহনৰ বাবে

  • দক্ষিণ গুৱাহাটী জুনিয়ৰ মহাবিদ্যালয়, হকী ষ্টেডিয়াম ৰোড
  • হকী ষ্টেডিয়াম

ঘ) আৰক্ষীৰ লোকসকলক কঢ়িয়াই অনা বাহনৰ বাবে

  • পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ পার্কিং, কালি মন্দিৰ ৰোড
  • নিউ তামুলী, কালি মন্দিব ৰোড

লগতে পঢ়ক : শোক সাগৰত ৰাজ্যবাসী: গীতে-মাতে প্ৰিয় শিল্পীক স্মৰণ, সাজু কৰা হৈছে পুষ্পসজ্জিত বাহন

লগতে পঢ়ক : জুবিনৰ শেষযাত্ৰাত অংশ ল'বলৈ দিয়ক সিদ্ধাৰ্থক: চকুলো টুকি ক'লে গৰিমা শইকীয়া গাৰ্গে