গুৱাহাটী : মহানগৰীবাসীৰ বাবে এক বিশেষ খবৰ । ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ আগতে পঢ়ি লওক আমাৰ এই প্ৰতিবেদন । কিয়নো এই প্ৰতিবেদন নপঢ়িলে আদবাটত লটিঘটি হ'ব পাৰে আপোনাৰো ।
গুৱাহাটীৰ কেইবাটাও পথত যান-বাহন চলাচলৰ ক্ষেত্রত কিছু সালসলনি কৰা হৈছে । ইতিমধ্যে মহানগৰৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা ।
গুৱাহাটী মহানগৰীৰ চাইকেল ফেক্টৰীৰ পৰা বিৰুবাৰী তিনিআলিলৈ নিৰ্মিয়মাণ উৰণ সেতুৰ নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে মহানগৰ যান-বাহন আৰক্ষীয়ে সোমবাৰে কেতবোৰ পথ নিৰ্দেশনা জাৰি কৰিছে । পথছোৱা বন্ধ থকাৰ সময়ত বিকল্প পথেৰে কৰিব লাগিব যাতায়াত । মহানগৰ যান-বাহন আৰক্ষীয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি পথ নিৰ্দেশনাবোৰ তলত উল্লেখ কৰা হ'ল -
- মহানগৰীৰ চাইকেল ফেক্টৰীৰ পৰা বিৰুবাৰী তিনিআলিলৈ কোনো বাহন চলিব নোৱাৰিব ।
- বিৰুবাৰী তিনিআলি আৰু চাইকেল ফেক্টৰীৰ মাজৰ পথটো ওৱান ৱে (one way) কৰা হৈছে । যান-বাহনবোৰ কেৱল বিৰুবাৰী তিনিআলিৰ পৰা চাইকেল ফেক্টৰীৰ দিশে যাব পাৰিব ।
- আমবাৰী তিনিআলিৰ দিশৰ পৰা আহি থকা বাহনসমূহক ফটাশিল আমবাৰী আৰক্ষী থানাৰ সন্মুখৰ পৰা বিষ্ণুপুৰ তিনিআলি হৈ যাব লাগিব ।’’
- বিষ্ণুপুৰ তিনিআলিৰ পৰা চাইকেল ফেক্টৰীলৈ কোনো বাহনে যাব নোৱাৰিব ।
- ফটাশিল আমবাৰী আৰক্ষী থানাৰ পৰা বিষ্ণুপুৰ তিনিআলি আৰু তাৰ পৰা আৰ্য নগৰৰ দিশে থকা পথটো ‘‘নো পাৰ্কিং জ’ন’’ হিচাপে ঘোষণা কৰা হৈছে ।
গুৱাহাটী মহানগৰীৰ চাইকেল ফেক্টৰীৰ পৰা বিৰুবাৰী তিনিআলিলৈ নিৰ্মিয়মাণ উৰণ সেতুৰ নিৰ্মাণ কাৰ্য শেষ নোহোৱা পৰ্যন্ত এই পথ নিৰ্দেশনা বলবৎ হৈ থাকিব ।