ETV Bharat / state

সোমবাৰে ঈদ: গুৱাহাটীৰ ঈদৰ বজাৰ উখল-মাখল

ঈদ-উল-ফিতৰ উপলক্ষে ৰাজ্যৰ ঈদগাহ, মছজিদ, দৰগাহসমূহ সজাই তোলা হৈছে ।

Eid ul Fitr preparation
ঈদৰ বজাৰত উখল মাখল মহানগৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 30, 2025 at 10:36 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ইছলাম ধৰ্মাৱলম্বী লোকসকলে সোমবাৰে পালন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰ । উলহ-মালহেৰে ঈদ-উল-ফিতৰ উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল । সেয়েহে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ ঈদগাহ, মছজিদ, দৰগাহসমূহ সুন্দৰকৈ সজাই তোলা হৈছে । সুস্বাদু খাদ্যৰে ভৰি পৰিছে মহানগৰীৰ বজাৰসমূহ ৷

শান্তি আৰু ভাতৃত্ববোধৰ বার্তা লৈ সোমবাৰে সমগ্র ৰাজ্যতে উদযাপন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্র ঈদ-উল-ফিতৰ । ভাৰতত আজি ঈদৰ জোন দেখাৰ পাছতেই সোমবাৰে ৰাজ্যত উদযাপিত হ'ব ঈদ-উল-ফিতৰ । ইছলাম ধৰ্মাৱলম্বী লোকসকলে এমাহজোৰা ৰোজা পালনৰ পাছত কাইলৈ ঈদ উদযাপন কৰিব । ৰাজ্যত কাইলৈ ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হ'ব ।

ঈদৰ বজাৰত উখল মাখল মহানগৰী (ETV Bharat Assam)

গুৱাহাটীৰ বিভিন্ন স্থানত থকা ঈদগাহ ময়দান, মছজিদসমূহত ঈদ উপলক্ষে চূণ-তেল ঘহি সজাই পৰাই তোলা হৈছে । ঈদ উপলক্ষে মহানগৰীৰ বজাৰ ছেৱৈৰ লগতে আন সুস্বাদু খাদ্য সামগ্ৰীৰে ভৰি পৰিছে । কিন্তু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পূৰ্বৰ তুলনাত মূল্যবৃদ্ধিয়ে ঈদৰ বজাৰত প্ৰভাৱ পেলাইছে ।

Eid ul Fitr preparation
ঈদৰ বজাৰত উখল মাখল মহানগৰী (ETV Bharat Assam)

পূৰ্বৰ তুলনাত ঈদৰ বজাৰত ছেৱৈৰ মূল্য প্ৰতি কিলোগ্ৰাম ৫০-৬০ টকাকৈ বৃদ্ধি পাইছে । মূল্য বৃদ্ধি হৈছে যদিও ঈদৰ বজাৰত বিশেষকৈ গুৱাহাটীৰ ফাঁচী বজাৰত গ্ৰাহকৰ সমাগম হৈছে । ফাঁচী বজাৰৰ ছেৱৈ, ড্ৰাই ফ্ৰুইট ব্যৱসায়ীয়ে জনোৱা মতে, পাটনা, শিলিগুৰি, বেনাৰস, কলকাতা আদিৰ পৰা অহা লাচ্ছা ছেৱৈ, লাড্ডু ছেৱৈ, ফেনীকে ধৰি বিভিন্ন প্ৰকাৰৰ ছেৱৈ বজাৰলৈ আহিছে, যাৰ মূল্য প্ৰতি কেজি ১৫০ ৰ পৰা ৬০০ টকা পৰ্যন্ত । শনিবাৰৰ পৰা ছেৱৈৰ বিক্ৰী বৃদ্ধি পাইছে ।

Eid ul Fitr preparation
ঈদৰ বজাৰত উখল মাখল মহানগৰী (ETV Bharat Assam)

ব্যৱসায়ী নেকিব ইমান শইকীয়াই কয়, "ৰমজান মাহ আৰম্ভ হোৱাৰ ৫-৬ দিনৰ পৰা শাক-পাচলি, ফল, ছেৱৈ, বিৰিয়ানি প্ৰস্তুত কৰা সামগ্ৰী যেনে চাউলকে ধৰি মচলা আদিৰ দাম প্ৰায় ১৮-২০ শতাংশ বৃদ্ধি পাইছে । কাপোৰ, আতৰ, ছেৱৈ আদিৰ বিক্ৰী ভাল হৈছে ।"

লগতে পঢ়ক:ঢোল-পেঁপাৰ মাতত কঁপিছে তিনিচুকীয়া, গাভৰু ব্যস্ত তাঁতশালত - RONGALI BIHU PREPARATION