ETV Bharat / state

চিকিৎসাৰ চলেৰে যুৱতীৰ গোপন অংগত দিছিল হাত, চিকিৎসকৰ বিৰুদ্ধে যুৱতীৰ ভয়ংকৰ অভিযোগ

থেৰাপী দিয়াৰ নামত যুৱতীৰ শ্লীলতা হানি কৰাৰ চেষ্টাৰ অভিযোগ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে । আটক বিশিষ্ট চিকিৎসকগৰাকীক ।

Doctor accused of trying to molest a young woman with the intention of giving her therapy in Guwahati
থেৰাপী দিয়াৰ নামত যুৱতীৰ শ্লীলতা হানি কৰাৰ চেষ্টাৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 8, 2025 at 8:51 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : চিকিৎসকৰ বিৰুদ্ধে চিকিৎসাৰ চলেৰে মহিলা তথা যুৱতীক যৌন নিৰ্যাতন, শ্লীলতা হানিৰ অভিযোগ প্ৰায়ে উত্থাপন হৈ আহিছে । এনে অভিযোগৰ তদন্তৰ পাছত অভিযুক্ত চিকিৎসক দোষী সাব্যস্ত হৈ শাস্তি বিহাৰো নজিৰ আছে এইখন অসম মুলুকত । এইবাৰ এনে এক ঘটনা সংঘটিত হৈছে সভ্যতাৰ পোছাক পিন্ধা মহানগৰীত । গুৱাহাটী মহানগৰীৰ ছয়মাইলৰ এখন চিকিৎসা ক্লিনিকত ভয়ংকৰ ঘটনা ।

এগৰাকী যুৱতীক শ্লীলতা হানিৰ অভিযোগ উত্থাপন হৈছে এগৰাকী বিশিষ্ট চিকিৎসকৰ বিৰুদ্ধে । চিকিৎসক সুব্ৰত দে'ৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ । ভুক্তভোগী যুৱতীগৰাকীয়ে ঘটনা সন্দৰ্ভত দিছপুৰ থানাৰ এজাহাৰ দাখিল কৰিছে । যুৱতীগৰাকীৰ অভিযোগ অনুসৰি উত্থাপন চিকিৎসকগৰাকীয়ে চিকিৎসাৰ চলেৰে যুৱতীগৰাকীৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল ।

থেৰাপী দিয়াৰ নামত যুৱতীৰ শ্লীলতা হানি কৰাৰ চেষ্টাৰ অভিযোগ (ETV Bharat Assam)

থানাত এজাহাৰ দাখিল কৰি ভুক্তভোগী যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "ছয়মাইলত থকা সুব্ৰত দে'ৰ ক্লিনিকখনলৈ মই যোৱা মাহৰ ১৮ মাৰ্চত কঁকালৰ বিষৰ বাবে থেৰাপী ল'বলৈ গৈছিলো । আন ৰোগীৰ সন্মুখতে থেৰাপী কৰাৰ লগতে নুচুবলগা ঠাইত স্পৰ্শ কৰিছিল । কিন্তু সেইদিনা এনেই হোৱা বুলি ভাবিছিলো । কিন্তু সোমবাৰে পুনৰ থেৰাপী ল'বলৈ গৈছিলো । সোমবাৰেও একেই ঘটনা সংঘটিত হ'ল ।"

যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয়, "আনকি তেখেতে ভিডিঅ' বনাইছে । সেয়েহে ক্লিনিকখনৰ পৰা ওলাই আহিয়েই দিছপুৰ আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিছো ।" ইফালে সোমবাৰে যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পিছতেই মঙলবাৰে ফিজিঅ' থেৰাপিৰ চিকিৎসক সুব্ৰত দে'ক আটক কৰে দিছপুৰ আৰক্ষীয়ে ।

Doctor accused of trying to molest a young woman with the intention of giving her therapy in Guwahati
এজাহাৰ (ETV Bharat Assam)

আনহাতে চিকিৎসক সুব্ৰত দে'য়ে এই কথা অস্বীকাৰ কৰে । যুৱতীগৰাকীয়ে মিছা অভিযোগ অনা বুলি প্ৰকাশ কৰে চিকিৎসকগৰাকীয়ে ।

উল্লেখ্য যে, এনে ঘটনা মহানগৰীত পূৰ্বেও সংঘটিত হৈছে । কিছুদিন পূৰ্বে বেলতলাৰ এখন ক্লিনিকত কাপোৰ খোলাৰ বাবে থকা কোঠাত গোপনে চি চি কেমেৰা লগোৱা ঘটনাও সংঘটিত হৈছিল । এই সন্দৰ্ভতো ভুক্তভোগী মহিলাই হাতীগাঁও থানাত এজাহাৰো দাখিল কৰিছিল ।

লগতে পঢ়ক: নিশা ছাত্ৰনেতাক দলবদ্ধ আক্ৰমণ কৰাক লৈ উত্তপ্ত পৰিস্থিতি, ক্ষমা খোজাৰ দাবী আছুৰ - GANG ATTACK ON AASU LEADER

সুৰাপ্ৰেমীলৈ দৰদ নেকি ৰাজ্য চৰকাৰৰ ? মাজ নিশালৈকে খোলা থাকিব সুৰাৰ বিপণি - LIQUOR SHOPS OPEN TILL 11PM