গুৱাহাটী : চিকিৎসকৰ বিৰুদ্ধে চিকিৎসাৰ চলেৰে মহিলা তথা যুৱতীক যৌন নিৰ্যাতন, শ্লীলতা হানিৰ অভিযোগ প্ৰায়ে উত্থাপন হৈ আহিছে । এনে অভিযোগৰ তদন্তৰ পাছত অভিযুক্ত চিকিৎসক দোষী সাব্যস্ত হৈ শাস্তি বিহাৰো নজিৰ আছে এইখন অসম মুলুকত । এইবাৰ এনে এক ঘটনা সংঘটিত হৈছে সভ্যতাৰ পোছাক পিন্ধা মহানগৰীত । গুৱাহাটী মহানগৰীৰ ছয়মাইলৰ এখন চিকিৎসা ক্লিনিকত ভয়ংকৰ ঘটনা ।
এগৰাকী যুৱতীক শ্লীলতা হানিৰ অভিযোগ উত্থাপন হৈছে এগৰাকী বিশিষ্ট চিকিৎসকৰ বিৰুদ্ধে । চিকিৎসক সুব্ৰত দে'ৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ । ভুক্তভোগী যুৱতীগৰাকীয়ে ঘটনা সন্দৰ্ভত দিছপুৰ থানাৰ এজাহাৰ দাখিল কৰিছে । যুৱতীগৰাকীৰ অভিযোগ অনুসৰি উত্থাপন চিকিৎসকগৰাকীয়ে চিকিৎসাৰ চলেৰে যুৱতীগৰাকীৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল ।
থানাত এজাহাৰ দাখিল কৰি ভুক্তভোগী যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "ছয়মাইলত থকা সুব্ৰত দে'ৰ ক্লিনিকখনলৈ মই যোৱা মাহৰ ১৮ মাৰ্চত কঁকালৰ বিষৰ বাবে থেৰাপী ল'বলৈ গৈছিলো । আন ৰোগীৰ সন্মুখতে থেৰাপী কৰাৰ লগতে নুচুবলগা ঠাইত স্পৰ্শ কৰিছিল । কিন্তু সেইদিনা এনেই হোৱা বুলি ভাবিছিলো । কিন্তু সোমবাৰে পুনৰ থেৰাপী ল'বলৈ গৈছিলো । সোমবাৰেও একেই ঘটনা সংঘটিত হ'ল ।"
যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয়, "আনকি তেখেতে ভিডিঅ' বনাইছে । সেয়েহে ক্লিনিকখনৰ পৰা ওলাই আহিয়েই দিছপুৰ আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিছো ।" ইফালে সোমবাৰে যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পিছতেই মঙলবাৰে ফিজিঅ' থেৰাপিৰ চিকিৎসক সুব্ৰত দে'ক আটক কৰে দিছপুৰ আৰক্ষীয়ে ।

আনহাতে চিকিৎসক সুব্ৰত দে'য়ে এই কথা অস্বীকাৰ কৰে । যুৱতীগৰাকীয়ে মিছা অভিযোগ অনা বুলি প্ৰকাশ কৰে চিকিৎসকগৰাকীয়ে ।
উল্লেখ্য যে, এনে ঘটনা মহানগৰীত পূৰ্বেও সংঘটিত হৈছে । কিছুদিন পূৰ্বে বেলতলাৰ এখন ক্লিনিকত কাপোৰ খোলাৰ বাবে থকা কোঠাত গোপনে চি চি কেমেৰা লগোৱা ঘটনাও সংঘটিত হৈছিল । এই সন্দৰ্ভতো ভুক্তভোগী মহিলাই হাতীগাঁও থানাত এজাহাৰো দাখিল কৰিছিল ।