সন্তোষ হোজাইৰ অপহৰণ-হত্যাৰ গোচৰৰ বিচাৰৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিযুক্তিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ - Santosh Hojai case
Santosh Hojai kidnapping-murder: 2020 চনৰ 24 এপ্ৰিলত ঠিকাদাৰ সন্তোষ হোজাইক তেওঁৰ বাসগৃহৰ পৰা অপহৰণ কৰা হৈছিল আৰু পাছত পুতি ৰখা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ ৷

Published : October 6, 2024 at 7:27 AM IST
|Updated : October 6, 2024 at 8:00 AM IST
হাফলং, ৬ অক্টোবৰ: গুৱাহাটী উচ্চ ন্যায়ালয়ে সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাৰ গোচৰৰ বিচাৰ চলোৱাৰ বাবে বিশেষ চৰকাৰী অভিবক্তা নিযুক্তি দিবলৈ নিৰ্দেশ দিছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে ডব্লিউ পি (গ) জয়ন্ত হোজাইয়ে দাখিল কৰা নং ৩১৭৭/২০২৪ গোচৰ নং ১৯/২০২৩ৰ সৈতে জড়িত থকাসকলৰ বিৰুদ্ধে বিচাৰ চলোৱাৰ বাবে তাৎক্ষণিক পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ দিয়া তাৰিখৰ পৰা এমাহৰ ভিতৰত অসম আৰক্ষী আইনৰ ধাৰা 98(A)/99(3)/99(5) সহ 120(B)/365/302/304A/201/34 IPC ৰ অধীনত পঞ্জীয়ন কৰা গোচৰ নং 19/2023ৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে । উল্লেখযোগ্য 2020 চনৰ 24 এপ্ৰিল লকডাউনৰ সময়তে ডিমা হাছাও জিলাৰ হাৰেংগজাওৰ পৰা ঠিকাদাৰ সন্তোষ হোজাইক তেওঁৰ বাসগৃহৰ পৰা সাত-আঠজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিছিল । ইয়াৰ পিচতে 2020 চনৰ 30 এপ্ৰিলত ডিমা হাছাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত লাইলিং সংৰক্ষিত বনাঞ্চলত মাটিৰ তলত পুতি ৰখা অৱস্থাত উদ্ধাৰ হৈছিল ঠিকাদাৰ সন্তোষ হোজাইৰ মৃতদেহ ৷
লগতে পঢ়ক: ৰাজ্যত সকলো ধৰণৰ লটাৰী বন্ধ কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ - Lottery ban in Assam
সন্তোষ হোজাইক অপহৰণ কৰি হত্যা কৰাৰ অভিযোগত সন্তোষ হোজাইৰ পত্নী জয়ন্ত হোজাইয়ে ডিমা হাছাও জিলাৰ তৎকালীন আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণসহ মুঠ ৭ (সাতজন) আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ তৰিছিল । বৰ্তমানে হাফলং চিজেএম আদালতত সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাৰ গোচৰত জড়িত থকা অভিযুক্তসকল বিচাৰাধীন হৈ আছে ।
কিন্তু এই বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ বাবে জয়ন্ত হোজাইয়ে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ পিচতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰ চলোৱাৰ বাবে চৰকাৰী অধিবক্তা নিযুক্তি দিয়াৰ নিৰ্দেশ দিয়ে । শনিবাৰে আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা বেণুধৰ দাস আৰু অধিবক্তা ডেৰিন থাওচেন হাজিৰ হয় গুৱাহাটী উচ্চ ন্যায়ালয়ত ।

