ETV Bharat / state

যেন স্তব্ধ হৈ গ'ল ঘড়ীৰ কাঁটা... প্ৰিয় শিল্পীৰ মৃত্যুত নিজে নিজে বন্ধ হৈ পৰিল গুৱাহাটী মহানগৰী

ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি । বতাহত যেন ভাপ হৈ উৰি আছে কেৱল চকুপানী...

TRIBUTE TO ZUBEEN GARG IN GUWAHATI
গুৱাহাটীত বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠান, ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 3:13 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজধানী চহৰ গুৱাহাটী মহানগৰী আজি স্তব্ধ । পুৱাৰে পৰাই মহানগৰীৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে । আপোনৰো আপোন শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ব্যৱসায়ীসকলে বন্ধ ৰাখিছে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান । কাৰণ আজি অসমবাসীৰ মন গধূৰ হৈ আছে ।

আপোন শিল্পীজনক হেৰুৱাই মৰ্মাহত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া । সেই গধূৰ মন লৈ আজি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই স্তব্ধ হ'ল গুৱাহাটী মহানগৰী ।

গুৱাহাটীত বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠান, ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (ETV Bharat Assam)

স্বতস্ফূৰ্তভাৱে বন্ধ ৰাখিছে সকলো দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান । অৱশ্যে চেম্বাৰ্ছ অৱ কমাৰ্চে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি দুদিনৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান জনাইছিল; কিন্তু সেই আহ্বানৰ পূৰ্বেই জুবিন গাৰ্গৰ মৃত্যুৰ খবৰত শোকস্তব্ধ হৈ শুকুৰবাৰে সন্ধিয়াই গুৱাহাটীৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হৈছিল ।

TRIBUTE TO ZUBEEN GARG IN GUWAHATI
গুৱাহাটীত বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠান, ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (ETV Bharat Assam)

শনিবাৰে সম্পূৰ্ণৰূপে গুৱাহাটীৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হয় । সকলোৱে মৰমৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিছে । ইফালে, গুৱাহাটীৰ এনে এটা স্থান নাই য'ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি লগাই শ্ৰদ্ধাঞ্জলি জনোৱা নাই । ঠায়ে ঠায়ে জনতাই জনতাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেওঁৰ গীতেৰেই শ্ৰদ্ধা নিবেদন কৰিছে ।

আজি সকলো ম্ৰিয়মান । কাকো কোনেও সান্ত্বনা দিব পৰা নাই । সকলোৰে মুখত আজি বেদনাৰ চিন । সকলো অপেক্ষাত আছে কেতিয়া আহিব মৰমৰ শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ । শেষ শ্ৰদ্ধা নিবেদনৰ বাবে সকলোৱে অপেক্ষাৰত হৈ আছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীলৈ আহিছে হাজাৰ হাজাৰ জুবিনপ্ৰেমী । মুখ্যমন্ত্রীয়ে জনোৱা মতে আজি নিশা নাইবা কাইলৈ পুৱা জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনা হ'ব । ছিংগাপুৰৰ পৰা আজি নিশাৰ ভাগত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দিল্লীলৈ অনা হ'ব । তাৰ পিছত বিশেষ বিমান যোগে গুৱাহাটীলৈ অনা হ'ব ।

TRIBUTE TO ZUBEEN GARG IN GUWAHATI
গুৱাহাটীত বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠান (ETV Bharat Assam)

শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ প্ৰথমে তেওঁৰ বাসগৃহলৈ নিয়া হ'ব য'ত পৰিয়ালৰ লোকে শেষশ্ৰদ্ধা নিবেদন কৰি কিছু নিবিড় মুহূৰ্ত কটাব । তাৰ পাছত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ সৰুসজাইত ৰখা হ'ব য'ত ৰাইজে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শেষশ্ৰদ্ধা নিবেদন কৰিব । ইফালে, দিল্লীৰ পৰা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ গুৱাহাটীলৈ অনাৰ বাবে দিল্লী অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

TRIBUTE TO ZUBEEN GARG IN GUWAHATI
গুৱাহাটীত বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠান (ETV Bharat Assam)

উল্লেখ্য যে ছিংগাপুৰত অনুষ্ঠিত চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ ত অংশ ল’বলৈ গৈছিল জুবিন গাৰ্গ । ২০ ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠানত জুবিনে গান গোৱাৰ কথা আছিল; কিন্তু শুকুৰবাৰে ছিংগাপুৰ সাগৰত সাঁতুৰিবলৈ গৈ শিল্পীগৰাকী হঠাতে অসুস্থ হৈ পৰে । লগে লগে গুৰুতৰ অৱস্থাত ছিংগাপুৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিল্পীগৰাকীৰ প্ৰাণৰক্ষা কৰিব নোৱাৰিলে। অতি আদৰৰ-মৰমৰ শিল্পীগৰাকীক অকস্মাতে হেৰুৱাই মৰ্মাহত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া ।

লগতে পঢ়ক:জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ : প্ৰধানমন্ত্রীকে ধৰি বিভিন্নজনৰ শোক প্ৰকাশ

সাগৰৰ তলিত চিৰদিনৰ বাবে শুই পৰিল জুবিন; গান শুনিবলৈ নহয়, শ্ৰদ্ধাঞ্জলি জনাবলৈহে ওলাই আহিল হাজাৰ হাজাৰ জনতা