মুখ্যমন্ত্ৰীক সমালোচনা কৰি বিপদত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক; আৰক্ষীয়ে মাতি পঠিয়ালে গুৱাহাটীলৈ
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছিল সাংবাদিক তথা ইউটিউবাৰগৰাকীয়ে ৷

Published : August 21, 2025 at 11:40 PM IST
|Updated : August 22, 2025 at 11:31 AM IST
গুৱাহাটী: দেশৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকলৈ চমন জাৰি কৰাৰ পিছত আন এগৰাকী সাংবাদিকৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ ৰুজু ৷ বৃহস্পতিবাৰে গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাই এগৰাকী স্থানীয় বাসিন্দাৰ অভিযোগৰ ভিত্তিত সাংবাদিক তথা ইউটিউবাৰ অভিসাৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই ৷
আৰক্ষীক দাখিল কৰা এজাহাৰত সাংবাদিক তথা ইউটিউবাৰ শৰ্মাই অসম তথা কেন্দ্ৰীয় চৰকাৰক উপহাস কৰি এটা ভিডিঅ’ আপলোড কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ তদুপৰি শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি ইউটিউবত এটা ভিডিঅ’ আপলোড কৰিছিল ।
অভিযোগকাৰী গুৱাহাটীৰ আলোক বৰুৱাই এনেদৰে কয়, ‘‘শৰ্মাই ন্যস্ত স্বাৰ্থ আগত ৰাখি অনলাইন প্লেটফৰ্ম ইউটিউবৰ জৰিয়তে এটা লেখা প্ৰকাশ আৰু প্ৰচাৰ কৰিছিল, য’ত অসম তথা ভাৰত চৰকাৰক বদনাম কৰা বক্তব্য সন্নিবিষ্ট কৰা হৈছে ।’’
এজাহাৰত পুনৰ এনেদৰে উল্লেখ কৰা হৈছে, ‘‘অভিযুক্তই ৰামৰাজ্যৰ নীতিক উপহাস কৰি অসমৰ মুখ্যমন্ত্ৰীক সাম্প্ৰদায়িক ৰাজনীতিৰ চৰ্চা কৰা বুলি মুকলি অভিযোগ উত্থাপন কৰিছিল ৷ যাৰ ফলত আইনৰ ভিত্তিত প্ৰতিষ্ঠিত চৰকাৰৰ বিৰুদ্ধে অনাস্থা আৰু ঘৃণাৰ সৃষ্টি হৈছিল আৰু ধৰ্মৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধিৰ প্ৰয়াস কৰা হৈছিল, যিটো সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত ক্ষতিকাৰক ।’’
ইতিমধ্যে সাংবাদিক তথা ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ (বি এন এছ) আইনৰ অধীনত ১৫২ (ৰাষ্ট্ৰদ্ৰোহ) ৰ ১৯৬ আৰু ১৯৭ নং ধাৰা আৰোপ কৰা হৈছে ।
লগতে পঢ়ক: অসমৰ বাবে কি সংকট আহিছে: ক'লে মুখ্যমন্ত্রীয়ে

