ETV Bharat / state

গছ কটাৰ বিৰুদ্ধে আন্দোলন অব্যাহত: ভৰলুমুখত ব্যাপক প্ৰতিবাদ

প্ৰায় শতাধিক লোকে পুৱা ভৰলুমুখত মিলিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে চৰকাৰৰ গছ কটাৰ সিদ্ধান্তৰ বিৰুদ্ধে মানৱ শৃংখল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

FLYOVER CONTROVERSY
মহানগৰীত গছ কটাৰ বিৰুদ্ধে আন্দোলন অব্যাহত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 9, 2024 at 3:47 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ভৰলুমুখত উৰণসেতু নিৰ্মাণৰ নামত গছ কটাৰ সিদ্ধান্তৰ বিৰুদ্ধে শনিবাৰে ভৰলুমুখত স্থানীয় ৰাইজ, মহানগৰীৰ সচেতন লোক আৰু ছাত্ৰ সমাজে ব্যাপক আন্দোলন গঢ়ি তোলে । যোৱা এসপ্তাহ ধৰি ভৰলুমুখৰ গছ ৰক্ষাৰ বাবে ধাৰাবাহিকভাৱে ৰাইজ তথা ছাত্ৰ সমাজে দিনে-নিশাই প্ৰতিবাদ সাব্যস্ত কৰি আছে । ভৰলুমুখৰ নাগৰিক সমম্বৰক্ষী সমিতিয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ভৰলুমুখৰ গছ ৰক্ষাৰ দাবীত বিক্ষোভ আৰু মানৱ শৃংখল কাৰ্যসূচীৰ আজি আহ্বান জনাইছিল ।

লগতে পঢ়ক: ভৰলুমুখত ৭৪ জোপা গছ কটাৰ বিৰুদ্ধে সৰৱ ৰাইজ, গছ নকটাকৈ উৰণ সেতু নিৰ্মাণৰ প্ৰস্তাৱ বিশেষজ্ঞৰ

এই পূৰ্বঘোষিত কাৰ্যসূচীৰ বিৰুদ্ধে শতাধিক লোকে পুৱা ভৰলুমুখত মিলিত হয় । তাত প্ৰতিবাদকাৰীসকলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে চৰকাৰৰ গছ কটাৰ সিদ্ধান্তৰ বিৰুদ্ধে মানৱ শৃংখল কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ 'উন্নয়নৰ নামত গছ কটা বন্ধ কৰক', 'গছক ৰক্ষা কৰক', 'গছ কাটিব দিয়া নহ'ব' আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ।

উল্লেখ্য যে ভৰলুমুখত উৰণসেতু নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগৰ দ্বাৰা যে মুঠ 74 জোপা গছ কাটিবলৈ মাৰ্ক (নম্বৰ দিয়া) কৰা হৈছে । ইয়াৰ ভিতৰত মাত্ৰ চাৰিজোপামান গছহে ফুটপাথত আছে, বাকী আটাইখিনি পুৰণি গছ, ফেঞ্চিঙৰ সিপাৰে ভৰলুনদীৰ পাৰতহে আছে এই গছকেইজোপা ।

লগতে পঢ়ক: উন্নয়নৰ নামত গুৱাহাটীত তিনি বছৰত কটা হ'ল তিনি হেজাৰ জোপা গছ

এই সন্দৰ্ভত প্ৰতিবাদকাৰীসকলে কয়, "গছ কাটি উৰণসেতু নিৰ্মাণ কাৰ্যই ভৰলুৰ মুখখন সংকুচিত কৰি ভৰলু নদীলৈ বিপদ সৃষ্টি কৰাৰ সম্ভাৱনা আছে । তদুপৰি ভৰলুমুখৰ ৯ নম্বৰ (নতুন ৫ নম্বৰ) ৰে’লৱে গেটৰ ওপৰত নিৰ্মাণ কৰিব লগা উৰণসেতুখন নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ আগতে লোকনিৰ্মাণ বিভাগে স্থানীয় ৰাইজৰ লগত আলোচনা কৰা নাই । এই সন্দৰ্ভত কোনো ৰাজহুৱা শুনানি (Public Hearing) অনুষ্ঠিত কৰা প্ৰয়োজন । প্ৰতিবাদকাৰীসকলে গছ নকটাকৈ বিকল্প ব্যৱস্থা কৰি বিশেষজ্ঞৰ পৰামৰ্শ লৈ উৰণ সেতুখন নিৰ্মাণৰ দাবী জনায় ।