ETV Bharat / state

মহিলা সাংসদক ৰাহুল গান্ধীয়ে অপমান কৰাৰ অভিযোগ; গুৱাহাটীত বিজেপিৰ প্ৰতিবাদ

ৰাজ্যসভাৰ বিজেপিৰ সাংসদ নাগালেণ্ডৰ এছ ফাংনন কন্যাকক ৰাহুল গান্ধীয়ে অপমান কৰাৰ অভিযোগ ৷ যাৰ বাবে গুৱাহাটীত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদী সমদল ৷

PARLIAMENT SCUFFLE
গুৱাহাটীত বিজেপিৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 21, 2024 at 5:40 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : গুৱাহাটীৰ ৰাজপথত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদী সমদল । সংসদ ভৱনত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যসভাৰ বিজেপিৰ সাংসদ নাগালেণ্ডৰ এছ ফাংনন কন্যাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে মহানগৰীৰ লতাশিল খেলপথাৰৰ সমীপৰ পৰা মেঘদূত ভৱনলৈ এক প্ৰতিবাদী সমদল উলিওৱা হয় ।

বিজেপিৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত ৰাহুল গান্ধী মুৰ্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ, ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰক, ছোনিয়া গান্ধী হায় হায়, প্ৰিয়ংকা গান্ধী হায় হায়, ভূপেন বৰা মুৰ্দাবাদ, গৌৰৱ গগৈ মুৰ্দাবাদ আদি শ্ল’গান দি কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ পোষ্টাৰ, প্লে কাৰ্ডলৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

গুৱাহাটীত বিজেপিৰ প্ৰতিবাদ (ETV Bharat Assam)

প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, ‘‘ৰাহুল গান্ধীয়ে মহিলা সাংসদ এছ ফাংনন কন্যাক সদনত যি অপমান কৰিলে তাক তীব্ৰ ধিক্কাৰ দিছো । ৰাহুল গান্ধীৰ বিৰুদ্ধে আইনগত-বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । কংগ্ৰেছৰ বিনাশ কালে বিপৰীত বুদ্ধি হৈছে । পূৰ্বৰে পৰা কংগ্ৰেছে মহিলাৰ ওপৰত অত্যাচাৰ কৰি আহিছে । বাৰম্বাৰ এই ঘটনা ঘটি আহিছে । আমাৰ দাবী ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰিব লাগে ।’’

ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত অংশলৈ সাংসদ বিজুলী কলিতা মেধিয়ে কয়, ‘‘সংসদৰ চৌহদত মহিলা সাংসদৰ ওপৰত ৰাহুল গান্ধীয়ে যি অমানৱীয় ব্যৱহাৰ কৰিলে সেয়া লজ্জাজনক আৰু দুখজনক কথা । ৰাহুল গান্ধীয়ে মহিলাৰ ওচৰত ক্ষমা বিচৰাটো উচিত । তেনেকুৱা এগৰাকী নেতাই কংগ্ৰেছৰ দৰে দল এটাক কেনেধৰণৰ নেতৃত্ব প্ৰদান কৰিব আৰু ভাৰতবৰ্ষৰ মহিলাসকলক কেনেদৰে সুৰক্ষা দিব ।’’

‘‘মহিলা সাংসদ এগৰাকীক ভাল ব্যৱহাৰ কৰিবলৈ শিকা নাই ৷ সেইগৰাকী নেতাৰ পৰা কি আশা কৰিব পাৰি ! তেওঁ ৰাজহুৱাভাৱে প্ৰতিগৰাকী মহিলাক ক্ষমা খোজক আৰু উচিত শাস্তি পাওক । আগন্তুক দিনত মহিলাৰ লগত এনে ব্যৱহাৰ কৰা আগত ১০ বাৰ যাতে চিন্তা কৰে ।" বিজুলী কলিতা মেধিয়ে কয় ৷

উল্লেখ্য যে, সাংসদ বিজুলী কলিতা, ভৱেশ কলিতাৰ লগতে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত পল্লৱ লোচন দাস, সুমন হৰিপ্ৰিয়াকে ধৰি কেইবাগৰাকী বিজেপিৰ নেতাৰ আৰু শ শ বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : নাগালেণ্ডৰ মহিলা সাংসদক অসৎ আচৰণ ! ড৹ শৰ্মাই ক'লে- ক্ষমা খুজিবই লাগিব ৰাহুল গান্ধীয়ে